ETV Bharat / international

জয় শ্ৰীৰাম ধ্বনিৰে মুখৰিত আমেৰিকাৰ হিউষ্টন চহৰ - আমেৰিকাৰ হিউষ্টন চহৰ

Hindu Americans hold car rally in Houston: আমেৰিকাৰ ৰাজপথত শুনা গ’ল জয় শ্ৰীৰাম ধ্বনি ৷ দেওবাৰে হিউষ্টনত এক কাৰ ৰেলী বাহিৰ কৰে হিন্দু আমেৰিকান সম্প্ৰদায়ৰ লোকে ৷

hindu americans hold car rally in houston
জয় শ্ৰীৰাম ধ্বনিৰে মুখৰিত আমেৰিকাৰ হিউষ্টন চহৰ
author img

By PTI

Published : Jan 9, 2024, 1:27 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 9 জানুৱাৰী : দেওবাৰে আমেৰিকাৰ হিউষ্টনত এক বৃহৎ কাৰ ৰেলী বাহিৰ কৰে হিন্দু আমেৰিকান সম্প্ৰদায়ে ৷ উক্ত ৰেলীতে ভজন আৰু জয় শ্ৰীৰাম ধ্বনি দিয়া শুনিবলৈ পোৱা গৈছিল ৷ ইফালে পথৰৰ দাঁতিত থকা 11 টা মন্দিৰতো অৱস্থান কৰিছিল কাৰ ৰেলীৰ দলে ৷ উল্লেখ্য যে, 22 জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হিছিল আমেৰিকাৰ বিশ্ব হিন্দু পৰিষদ চমুকৈ ভি এইচ পি এক ৷ নিমন্ত্ৰণ ৰক্ষা কৰি ভি এইচ পি এৰ নেতৃত্ব উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ৷

ৰাম মন্দিৰ, ভাৰতীয় পতাকা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ পতাকাৰ ছবি থকা গেৰুৱা বেনাৰ লৈ 216 খন বাহনত 500 ৰো অধিক লোকে দেওবাৰে বাহিৰ কৰা কাৰ ৰেলীত অংশগ্ৰহণ কৰিছিল ৷ হিউষ্টন চহৰৰ সমাজসেৱক যুগল মালানীয়ে শ্ৰী মীনাক্ষী মন্দিৰত ফ্লেগ অফ কৰিছিল আৰু ৰিচমণ্ডৰ শ্ৰী শৰদ অম্বা মন্দিৰত দুপৰীয়া সমাপ্ত হৈছিল ৰেলীটো ৷

সমদলত অংশগ্ৰহণ কৰি ভি এইচ পি এৰ এজন সদস্য কয়, ‘‘ভগৱান শ্ৰীৰাম হিউষ্টনবাসীৰ মাজত বাস কৰে ৷ এই সময়ত জীয়াই থকাৰ বাবে আৰু শ্ৰী ৰামৰ অযোধ্যালৈ উভতি অহাৰ উদযাপন কৰি আমি ধন্য হৈছো ৷ কাৰণ শ্ৰীৰাম হিউষ্টনত উপস্থিত হৈছে ৷’’

ইফালে মন্দিৰসমূহত ভজনৰে শোভাযাত্ৰা কৰা দলটোক আদৰণি জনাইছিল । 'জয় শ্ৰী ৰাম'ৰ শ্লোগান আৰু কৃষ্ণৰ শব্দৰে মুখৰিত হৈ পৰে মন্দিৰসমূহৰ প্ৰাংগন ৷ উল্লেখ্য যে, 22 জানুৱাৰীত বহু চৰ্চিত অয্যোধাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰিব দেশৰ প্ৰধানমন্ত্ৰীয়ে ৷ উক্ত অনুষ্ঠানৰ বাবে বলিউদৰপৰা আৰম্ভ কৰি বিভিন্ন খণ্ডৰ বিশিষ্ট ব্যক্তি নিমন্ত্ৰণ জনোৱা হৈছে ৷

লগতে পঢ়ক : আমেৰিকাৰ টেক্সাছৰ এখন হোটেলত বিস্ফোৰণ, 21 জনকৈ আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.