ETV Bharat / international

Israel Attack on Gaza : গাজাত গণহত্যা অব্যাহত থাকিলে আমেৰিকাক ৰেহাই দিয়া নহ'ব; ৰাষ্ট্ৰসংঘত ইৰাণৰ বাৰ্তা

author img

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 1:27 PM IST

ইৰাণৰ বৈদেশিক মন্ত্ৰী হোছেইন আমিৰ-আব্দোল্লাহিয়ানে কৈছে যে হামাছে ইজৰাইলৰ পৰা অপহৃত অসামৰিক বন্দীসকলক মুক্তি দিবলৈ সাজু । কিন্তু আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে ইজৰাইলত বন্দী হৈ থকা ৬,০০০ পেলেষ্টাইনীক মুকলি কৰাৰ দায়িত্ব ল'ব লাগিব । আমিৰ-আব্দোল্লাহিয়ানে কয়, "ইৰাণে কাটাৰ আৰু তুৰস্কৰ সৈতে এই অতি গুৰুত্বপূৰ্ণ মানৱীয় প্ৰচেষ্টাত নিজৰ ভূমিকা পালন কৰিবলৈ সাজু হৈ আছে’’ । আনহাতে, সতৰ্ক কৰি দিছে যে গাজাত গণহত্যা অব্যাহত থাকিলে আমেৰিকা যুক্তৰাষ্ট্ৰক ৰেহাই দিয়া নহ'ব ।

গাজাত গণহত্যা অব্যাহত থাকিলে আমেৰিকাক ৰেহাই দিয়া নহ'ব; ৰাষ্ট্ৰসংঘত ইৰাণৰ বাৰ্তা
Israel Attack on Gaza

ইণ্টাৰনেচনেল ডেস্ক, ২৭ অক্টোবৰ : সম্প্ৰতি হামাছৰ বিৰুদ্ধে গাজাত ইজৰাইলৰ আক্ৰমণ অধিক তীব্ৰতৰ হৈছে । বৰ্তমান স্থল আক্ৰমণত জড়িত হৈ পৰিছে ইজৰাইলী বাহিনী । এফালৰ পৰা ধ্বংসলীলা চলোৱা হৈছে গাজাত । তাৰ মাজতে ইৰাণে কৈছে যে হামাছে ইজৰাইলৰ পৰা অপহৃত অসামৰিক বন্দীসকলক মুক্তি দিবলৈ সাজু । কিন্তু ইয়াৰ বিপৰীতে ইজৰাইলত বন্দী হৈ থকা ৬,০০০ পেলেষ্টাইনী বন্দীক মুকলি কৰাৰ দায়িত্ব আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে ল'ব লাগিব ।

লগতে আমেৰিকা যুক্তৰাষ্ট্ৰক ইজৰাইল-হামাছ যুদ্ধত পোনপটীয়াকৈ অংশগ্ৰহণ কৰাৰ অভিযোগ তুলি আৰু পেলেষ্টাইনীসকলৰ বিৰুদ্ধে 'গণহত্যা'ৰ অভিযোগ তুলি আমেৰিকা যুক্তৰাষ্ট্ৰক ইয়াৰ পৰিণামৰ সন্মুখীন হ'ব লাগিব বুলি সতৰ্ক কৰি দিয়ে ৷ ইৰাণৰ বৈদেশিক মন্ত্ৰী হোছেইন আমিৰ-আব্দোল্লাহিয়ানে বৃহস্পতিবাৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ এখন জৰুৰী বৈঠকত ভাষণ দি কয়, "ইৰাণ এই অতি গুৰুত্বপূৰ্ণ মানৱীয় প্ৰচেষ্টাত কাটাৰ আৰু তুৰস্কৰ সৈতে নিজৰ ভূমিকা পালন কৰিবলৈ সাজু হৈ আছে’’ ।

উল্লেখ্য যে, ইৰাণ হৈছে হামাছৰ এক গুৰুত্বপূৰ্ণ সমৰ্থক । আনহাতে, কাটাৰে ইতিমধ্যে পণবন্দী দুই শতাধিক লোকৰ ভিতৰত চাৰিগৰাকী ইজৰাইলী নাগৰিকক মুক্তি দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । তেওঁ লগতে টেল আভিভ প্ৰশাসনক হোৱাইট হাউছৰ দ্বাৰা সীমাহীন বিত্তীয়, অস্ত্ৰ আৰু কাৰ্যকৰী সমৰ্থনৰ নিয়ন্ত্ৰণহীন পৰিণামৰ বিৰুদ্ধে এক শক্তিশালী সতৰ্কবাণী জাৰি কৰে ।

ইৰাণৰ শীৰ্ষ কূটনীতিবিদজনে তেওঁৰ মন্তব্যৰ আৰম্ভণিতে ইংৰাজীত কয়, "মই আমেৰিকান ৰাজনীতিবিদক স্পষ্টকৈ কওঁ, যিসকলে এতিয়া পেলেষ্টাইনত গণহত্যা পৰিচালনা কৰি আছে, আমি অঞ্চলটোত যুদ্ধ সম্প্ৰসাৰণক সমৰ্থন নকৰো’’ ।

"কিন্তু মই সতৰ্ক কৰি দিছো, যদি গাজাত গণহত্যা অব্যাহত থাকে তেন্তে তেওঁলোকক এই য়ুদ্ধাগ্নিৰ পৰা ৰেহাই দিয়া নহ'ব ।" আমিৰ-আব্দোল্লাহিয়ানে কয় । ‘‘ই হৈছে আমাৰ ঘৰ আৰু পশ্চিম এছিয়া হৈছে আমাৰ অঞ্চল । আমি কোনো দল আৰু কোনো পক্ষৰ সৈতে আপোচ নকৰোঁ আৰু আমাৰ ঘৰুৱা নিৰাপত্তাৰ ক্ষেত্ৰত আমাৰ কোনো আপোচ নাই ।"

তেওঁ মন্তব্য কৰে যে তিনি সপ্তাহ হৈ গ'ল আন্তৰ্জাতিক সম্প্ৰদায়ে গাজা আৰু পেলেষ্টাইনৰ পশ্চিম তীৰত দখলদাৰী ইজৰাইলী শাসনৰ যুদ্ধ অপৰাধ আৰু গণহত্যাৰ সাক্ষী হৈ আছে ।

লগতে পঢ়ক :US strikes Iran linked sites in Syria : ইৰাণী সংগঠনৰ বিৰুদ্ধে আমেৰিকাৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.