ETV Bharat / international

Hamas attack on Israel : হামাছক গণহত্যাকাৰী ইছলামিক জেহাদী সন্ত্ৰাসবাদী আখ্যা ইজৰাইলৰ

author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 12:43 PM IST

কেইবাদশক ধৰি ইজৰাইলৰ ওপৰত হামাছৰ আক্ৰমণ অব্যাহত আছে । য'ত শ শ লোকৰ মৃত্যু হৈছে আৰু হামাছে বহু লোকক বন্দী কৰি ৰাখিছে । হামাছৰ শেহতীয়া আক্ৰমণক লৈ উদ্বিগ্ন ইজৰাইল । ৰাষ্ট্ৰসংঘত ইজৰাইলে হামাছৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ।

Hamas attack on Israel
হামাছক গণহত্যাকাৰী ইছলামিক জেহাদী সন্ত্ৰাসবাদী আখ্যা ইজৰাইলৰ

ইণ্টাৰনেশ্যনেল ডেস্ক,৯ অক্টোবৰ : ইজৰাইলৰ ওপৰত হামাছৰ আক্ৰমণক লৈ বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইয়াৰ মাজতে হামাছক গণহত্যাকাৰী ইছলামিক জেহাদী সন্ত্ৰাসবাদী সংগঠন আখ্যা ইজৰাইলৰ । হামাছৰ ভয়ংকৰ আক্ৰমণৰ প্ৰতিক্ৰিয়াস্বৰূপে ৰাষ্ট্ৰসংঘত ইজৰাইলৰ স্থায়ী প্ৰতিনিধি গিলাদ এৰ্দানে কয় যে হামাছ ISIS, আল কায়দাতকৈ পৃথক নহয় । তেওঁৰ মতে হামাছে আলোচনা নিবিচাৰে । তেওঁলোকে কেৱল ইহুদী ৰাষ্ট্ৰৰ ধ্বংসহে বিচাৰে বুলি অভিযোগ কৰে ।

হামাছৰ উদ্দেশ্যৰ কথা উল্লেখ কৰি তেওঁ কয় যে যেতিয়াই এগৰাকী মুছলমানে এগৰাকী ইহুদীৰ মুখামুখি হয়, তেওঁ তেওঁক হত্যা কৰিবই লাগিব । এইটো হ'ল হামাছৰ অন্যতম উদ্দেশ্য । মুছলমানসকলে ইহুদীসকলৰ সৈতে যুঁজ দি তেওঁলোকক হত্যা নকৰালৈকে বিচাৰৰ দিন আহিব নোৱাৰে বুলিও তেওঁ দাবী কৰে ।

গিলাদ এৰ্দানৰ মতে হামাছে তেওঁক হত্যা কৰিব বিচাৰে । হামাছে তেওঁলোকৰ সন্তান, লোকসকল আৰু জাতিক হত্যা কৰিব বিচাৰে । হামাছে তেওঁলোকৰ প্ৰত্যেকজনক হত্যা নকৰালৈকে ৰৈ নাথাকে বুলিও তেওঁ অভিযোগ কৰে । ৰাষ্ট্ৰসংঘত ইজৰাইলৰ প্ৰতিনিধিজনে এই আক্ৰমণক গৰিহণা দিয়াৰ লগতে ইজৰাইলৰ চোৰাংচোৱা বিভাগৰ বিফলতাৰ কথা উল্লেখ কৰে । তেওঁৰ মতে এয়া ৯/১১ আক্ৰমণৰ দৰেই আৰু দেশখনে লোকসকলক স্বদেশলৈ ঘূৰাই অনাৰ বাবে সকলো কৰিব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে ।

এৰ্দানে লগতে কয় যে আজি ৰাষ্ট্ৰসংঘ আৰু নিৰাপত্তা পৰিষদকে ধৰি আন্তৰ্জাতিক সম্প্ৰদায়ে ইজৰাইলক সমৰ্থন কৰিছে । ইজৰাইলে ভোগ কৰা অত্যাচাৰৰ কথা বিশ্বক পাহৰিবলৈ নিদিয়ে বুলিও তেওঁ দাবী কৰে ।

তেওঁ লগতে কয় যে ১৭ বছৰ ধৰি ইজৰাইলে একপক্ষীয়ভাৱে বৰ্বৰ সন্ত্ৰাসবাদীসকলৰ সৈতে মোকাবিলা কৰি আছে । এৰ্দানে কোৱা মতে গাজাৰ পুনৰ সংস্থাপনৰ বাবে আন্তৰ্জাতিক সম্প্ৰদায়ে প্ৰদান কৰা পুঁজি কেৱল সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হৈছে । তেওঁ কোৱা মতে সেই পুঁজি বিদ্যালয় বা চিকিৎসালয় নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা হোৱা নাই ।

লগতে পঢ়ক :US in support of Israel: পেলেস্তাইনক দমন কৰিবলৈ ইজৰাইলৰ কাষত আমেৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.