ETV Bharat / international

Israel Hamas war: হামাজে মুকলি কৰি দিলে 2 ইজৰাইলী পণবন্দীক

author img

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 9:53 AM IST

হামাছে মুকলি কৰি দিয়ে দুগৰাকী বৃদ্ধ ইজৰাইলী মহিলাক ৷ মুকলি কৰি দিয়া মহিলা দুগৰাকীক 85 বছৰীয়া যোচেভেড লিফশ্বিট্জ আৰু 79 বছৰীয়া নুৰিট কুপাৰ বুলি নিশ্চিত কৰিছে ৰেড ক্ৰ’ছ ইন্টাৰনেশ্যনেল ছ’চাইটিয়ে ।

Israel Hamas war
হামাজে মুকলি কৰি দিলে 2 ইজৰাইলী পণবন্দীক

ইণ্টাৰনেশ্যনেল ডেস্ক, 24 অক্টোবৰ: ক্ৰমাৎ বৃদ্ধি হৈ আহিছে হামাছ-ইজৰাইল যুদ্ধ ৷ এই সন্দৰ্ভত আমেৰিকাই প্ৰকাশ কৰিছে উদ্বিগ্নতা ৷ সোমবাৰে গাজাত পণবন্দী হৈ থকা দুগৰাকী বৃদ্ধ ইজৰাইলী মহিলাক হামাছে মুকলি কৰি দিয়ে ৷ পণবন্দীৰ মাত্ৰা বৃদ্ধিয়ে যুদ্ধখনৰ উত্তেজনা বৃদ্ধি কৰিব বুলি আমেৰিকাই উদ্বেগ প্ৰকাশ কৰিছিল ।

উল্লেখ্য যে, ইজৰাইলে বিমান আক্ৰমণ বৃদ্ধি কৰাৰ লগে লগে গাজাত মৃতকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছিল ৷ ইজিপ্তৰ পৰা তৃতীয়টো ক্ষুদ্ৰ সাহায্য গোট ইতিমধ্যে গাজাত প্ৰৱেশ কৰিছে ৷ ইজৰাইলে দুসপ্তাহ ধৰি গাজাৰ ক্ষেত্ৰত বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰাৰ পিচত 23 লাখ জনসংখ্যাই খাদ্য, পানী আৰু ঔষধৰ অভাৱত ভুগিছে । ইজৰাইলে এতিয়াও গাজালৈ ইন্ধনৰ প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰি থৈছে ।

গাজাৰ চিকিৎসালয়সমূহে চিকিৎসা সঁজুলি কাৰ্যক্ষম কৰি ৰাখিবলৈ জেনেৰেটৰ চলাই ৰাখিবলৈ যথেষ্ট কষ্ট স্বীকাৰ কৰিবলগীয়াত পৰিছে । ৰেড ক্ৰ’ছৰ ইন্টাৰনেশ্যনেল ছ’চাইটিয়ে পণবন্দী দুগৰাকী 85 বছৰীয়া যোচেভেড লিফশ্বিট্জ আৰু 79 বছৰীয়া নুৰিট কুপাৰ বুলি নিশ্চিত কৰিছে । 7 অক্টোবৰত হামাছে দক্ষিণ ইজৰাইলৰ চহৰসমূহৰ মাজেৰে চলোৱা অভিযানত গাজা সীমান্তৰ ওচৰৰ নিৰ অজৰ কিবুটজত স্বামীৰ সৈতে মহিলা দুগৰাকীক ঘৰৰ পৰা বন্দী কৰি লৈ যায় । অৱশ্যে তেওঁলোকৰ স্বামীক বৰ্তমানেও মুকলি কৰি দিয়া নহ’ল ।

এক বিবৃতি যোগে হামাছে মানৱীয় কাৰণত তেওঁলোকক মুকলি কৰি দিয়া হৈছে বুলি জনায় । ইজৰাইলে গাজাত স্থল আক্ৰমণ চলাব বুলি বহুতেই আশংকা প্ৰকাশ কৰিছে ৷ গাজা সীমান্তত টেংক আৰু সৈন্য গোট খোৱা হৈছে আৰু ইজৰাইলে কয় যে পৰৱৰ্তী পৰ্যায়ত সৈন্যৰ বিপদ হ্ৰাস কৰিবলৈ বিমান আক্ৰমণ বৃদ্ধি কৰা হৈছে ।

লগতে পঢ়ক: Imran Khan charged in cipher case : চাইফাৰ গোচৰত অভিযুক্ত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.