ETV Bharat / international

Israel Gaza conflict : হামাছ কমাণ্ডাৰৰ বিশ্ব শাসনৰ দুৰাকাংক্ষা প্ৰকাশ

মাহমুদ আল-জাহাৰৰ ভিডিঅ' বিবৃতিয়ে সমগ্ৰ আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত জোকৰণি তুলিছে । ফুটেজটোত তেওঁ সাহসেৰে ঘোষণা কৰিছে, "ইজৰাইল কেৱল প্ৰথম লক্ষ্য । সমগ্ৰ বিশ্ব আমাৰ আইনৰ অধীনত থাকিব ।"

author img

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 12:46 PM IST

হামাছ কমাণ্ডাৰৰ বিশ্ব শাসনৰ দুৰাকাংক্ষা প্ৰকাশ
Israel Gaza conflict

ইণ্টাৰনেশ্যনেল ডেস্ক, ১২ অক্টোবৰ : ইজৰাইল-গাজা সংঘৰ্ষ তুংগত আছে । কিন্তু তাৰ মাজতে হামাছৰ কমাণ্ডাৰ মাহমুদ আল-জাহাৰৰ এটা ভিডিঅ'ই বিশ্বজুৰি উদ্বেগ সৃষ্টি কৰিছে । ইণ্টাৰনেটত দ্ৰুতগতিত ভাইৰেল হৈ পৰা এই ভিডিঅ'টোত হামাছৰ জ্যেষ্ঠ বিষয়াজনৰ উদ্ভট দাবী প্ৰকাশ পাইছে । তাত তেওঁ দাবী কৰিছে যে বিশ্বজুৰি তেওঁলোকৰ প্ৰভাৱ বিস্তাৰ কৰাৰ বাবে ইজৰাইল কেৱল প্ৰাৰম্ভিক লক্ষ্য ।

উল্লেখ্য যে ইজৰাইলে যোৱা শনিবাৰে হোৱা এক অতৰ্কিত আক্ৰমণৰ প্ৰতিক্ৰিয়াস্বৰূপে হামাছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ পিছত এই দাবী কৰিছে হামাছৰ কমাণ্ডাৰজনে । ইতিমধ্যে হামাছৰ আক্ৰমণ আৰু ইজৰাইলৰ প্ৰত্যাক্ৰমণত দুয়ো পক্ষৰ হাজাৰোধিক লোকে প্ৰাণ হেৰুৱাইছে ।

আনহাতে, মাহমুদ আল-জাহাৰৰ এই ভিডিঅ' বিবৃতিয়ে সমগ্ৰ আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ত জোকাৰণি তুলিছে । ফুটেজটোত তেওঁ সাহসেৰে ঘোষণা কৰিছে, "ইজৰাইল কেৱল প্ৰথম লক্ষ্য । সমগ্ৰ বিশ্ব আমাৰ আইনৰ অধীনত থাকিব ।"

  • Israel is only the first target, warns Hamas commander
    Mahmoud al-Zahar:

    "The entire planet will be under our law; there will be no more Jews or Christian traitors.".

    “We believe in what our Prophet Muhammad said: “Allah drew the ends of the world near one another for my… pic.twitter.com/fTWa8pqGZB

    — Amy Mek (@AmyMek) October 11, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

তেওঁৰ এই দৃষ্টিভঙ্গীয়ে কেৱল আঞ্চলিক উদ্বেগৰে সৃষ্টি কৰা নাই, বৰঞ্চ প্ৰায় ৫১০ নিযুত বৰ্গকিলোমিটাৰ বিস্তৃত সম্পূৰ্ণ বিশ্বক সামৰি লৈছে । জাহাৰৰ মতে, তেওঁলোকৰ উদ্দেশ্য হৈছে লেবানন, চিৰিয়া, ইৰাক আৰু অন্যান্য দেশত পেলেষ্টাইনী আৰু আৰবসকলৰ ওপৰত হোৱা অন্যায়, অত্যাচাৰ আৰু ভয়াৱহতাৰ পৰা মুক্ত এক বিশ্বজনীন ব্যৱস্থা স্থাপন কৰা ।

তেওঁ কয়, "সমগ্ৰ পৃথিৱীৰ ৫১০ নিযুত বৰ্গকিলোমিটাৰ অঞ্চল এনে এক ব্যৱস্থাৰ অধীনলৈ আহিব, য'ত কোনো অন্যায়, কোনো অত্যাচাৰ আৰু কোনো হত্যা আৰু অপৰাধ নাথাকে । যিবোৰ পেলেষ্টাইনীসকলৰ বিৰুদ্ধে আৰু সকলো আৰব দেশ লেবানন, চিৰিয়া, ইৰাক আৰু অন্যান্য দেশৰ বিৰুদ্ধে সংঘটিত হৈছে ।"

ইফালে ভিডিঅ'টো মুকলি হোৱাৰ কেইঘণ্টামান পিছত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে এক কঠোৰ বিবৃতি জাৰি কৰি হামাছৰ বিৰুদ্ধে যুঁজিবলৈ তেওঁৰ অটল প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে । টেলিভিছনত দিয়া ভাষণত নেতানিয়াহুৱে হামাছক ডায়েছৰ (ইছলামিক ষ্টেট গ্ৰুপ) সৈতে তুলনা কৰে আৰু তেওঁলোকক ধ্বংস কৰাৰ প্ৰতিশ্ৰুতি দিয়ে, যেনেদৰে বিশ্বই আইএছআইএছৰ বিৰুদ্ধে যুঁজ দিছে ।

উল্লেখ্য যে এই ক্ৰমবৰ্ধিত বাক্যবাণৰ মাজতে হামাছৰ কৰ্মীসকলে ইজৰাইলৰ সৈনিক আৰু অসামৰিক লোকসকলক বন্দী কৰি ৰাখিছে । লগতে কোনো সতৰ্কতা অবিহনে ইজৰাইলে গাজাত আঘাত কৰিলে তাৰ বিনিময়ত প্ৰতিজন পণবন্দীক এজন এজনকৈ হত্যা কৰাৰো ভাবুকি দিছে । অৱশ্যে এই মুহূৰ্তলৈকে সুখৰ কথা যে হামাছে এই ভাবুকিক কাৰ্যত ৰূপায়ণ কৰাৰ কোনো নিশ্চিতি পোৱা হোৱা নাই ।

লগতে পঢ়ক :Hamas-Palestine Attack: ইজৰাইল-পেলেষ্টাইন যুদ্ধত মৃত্যু 22 আমেৰিকানৰ, 17 গৰাকী নিখোঁজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.