ETV Bharat / international

Gunmen attacks on Nigeria : বন্দুকধাৰীৰ আক্ৰমণত নাইজেৰিয়াত নিহত কমেও ৫০জন - gunmen killed 47 people in Benue state Nigeria

গণহত্যা সংঘটিত হোৱা ওটুকপোৰ স্থানীয় প্ৰশাসনৰ অধ্যক্ষ ৰুবেন বাকোৱে কয় যে বুধবাৰে বেনু ৰাজ্যৰ উমোগিদি গাঁৱত বন্দুকধাৰীয়ে ৪৭ জন লোকক হত্যা কৰে (gunmen killed 47 people in Benue state Nigeria) । নাইজেৰিয়াত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা

Gunmen attack Nigeria
Gunmen attack Nigeria
author img

By

Published : Apr 8, 2023, 1:20 PM IST

ইণ্টাৰনেচনেল ডেস্ক, ৮ এপ্ৰিল : নাইজেৰিয়াত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা (Gunmen attacks on Nigeria) । নাইজেৰিয়ান চৰকাৰৰ কৰ্তৃপক্ষই বৃহস্পতিবাৰে জনোৱা মতে, উত্তৰ-মধ্য নাইজেৰিয়াৰ এখন গাঁৱত সংঘটিত হয় বন্দুকধাৰীৰ আক্ৰমণৰ দুটা ঘটনা । উক্ত আক্ৰমণত বন্দুকধাৰীয়ে কমেও ৫০ জন লোকক হত্যা কৰে (Gunmen killed at least 50 people in Nigeria) । এই গণহত্যা সংঘটিত হোৱা ওটুকপোৰ স্থানীয় প্ৰশাসনৰ অধ্যক্ষ ৰুবেন বাকোৱে প্ৰকাশ কৰা মতে, বুধবাৰে বেনু ৰাজ্যৰ উমোগিদি গাঁৱত বন্দুকধাৰীয়ে ৪৭ জন লোকক হত্যা কৰে (gunmen killed 47 people in Benue state Nigeria) । আনহাতে, তাৰ এদিন পূৰ্ব একেখন ঠাইতে আন তিনিজন লোকক হত্যা কৰা হৈছিল বুলিও তেওঁ প্ৰকাশ কৰে ।

বেনু ৰাজ্যিক আৰক্ষীৰ সৈতে এনেন চেউইছে উক্ত আক্ৰমণৰ ঘটনা নিশ্চিত কৰি কয় যে আক্ৰমণকাৰীসকলে এখন বজাৰত গুলীচালনা কৰিছিল । অৱশ্যে চেউইছে এজন আৰক্ষী বিষয়াকে ধৰি আঠজন লোকৰ মৃত্যু হোৱা বুলি উল্লেখ কৰিছিল (gunmen attacked case in Nigeria) । আক্ৰমণৰ উদ্দেশ্য সম্পৰ্কে তাৎক্ষণিকভাৱে স্পষ্টকৈ একো জানিব পৰা হোৱা নাই যদিও কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে, তেওঁলোকে দুয়োটা আক্ৰমণৰ সৈতে সম্পৰ্ক থকাৰ কথা বিশ্বাস কৰে ।

অৱশ্যে উক্ত আক্ৰমণৰ ঘটনাৰ কোনোৱে দায়িত্ব স্বীকাৰ কৰা নাই । কৰ্তৃপক্ষই উল্লেখ কৰে তেওঁলোকৰ প্ৰাথমিক সন্দেহ স্থানীয় পশুপালকৰ ওপৰত । কিয়নো পূৰ্বতে এই পশুপালকসকলৰ মাজত উত্তৰ-মধ্য নাইজেৰিয়াত ভূমি বিবাদক লৈ সংঘৰ্ষৰ সৃষ্টি হৈছিল । কৃষকসকলে ফুলানী মূলৰ বেছিভাগ গৰখীয়াক তেওঁলোকৰ খেতিপথাৰত পশুধন চৰোৱা আৰু উৎপাদিত সামগ্ৰী ধ্বংস কৰাৰ অভিযোগ কৰে ।

আনহাতে, গৰখীয়াসকলে জোৰ দি কয় যে দেশখনে স্বাধীনতা লাভ কৰাৰ পাঁচ বছৰ পিচত ১৯৬৫ চনত প্ৰথমবাৰৰ বাবে এই ভূমিবোৰ চৰণীয়া পথাৰ হিচাবে আইনে স্বীকৃতি দিয়ে । উল্লেখ্য, "নাইজেৰিয়াৰ খাদ্যৰ বাস্কেট" বুলি কোৱা হয় বেনু ৰাজ্যক । কিয়নো ইয়াত প্ৰচুৰ পৰিমাণে শস্য উৎপাদন হয় । কিন্তু নাইজেৰিয়াৰ উত্তৰ-পশ্চিম আৰু কেন্দ্ৰীয় অঞ্চলত কৃষিজাত সম্প্ৰদায় আৰু যাযাবৰ গো-পালকৰ মাজত দশকজোৰা সংঘৰ্ষত তেওঁলোক আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে ।

সঘনাই সংঘটিত হৈ অহা এই সংঘৰ্ষৰ বাবে ৰাজ্যখনৰ পৰা কৃষিজাত উৎপাদন হ্ৰাস পাইছে । যাৰ ফলত অঞ্চলটোত বহু লোক দৰিদ্ৰ হৈ পৰিছে আৰু পৰিয়ালবোৰক ক্ষুধাই অধিক হেঁচি ধৰিছে ।

লগতে পঢ়ক :Turmoil in Pakistan : ক্ষমতাৰ খঁকত এতিয়া পাকিস্তানৰ অস্থিৰতা সৰ্বোচ্চ স্তৰত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.