ETV Bharat / international

ডেনমার্কৰ ৰাজধানী কোপেনহেগেনৰ শ্বপিং মলত বন্দুকধাৰীৰ অক্ৰমণত নিহত ৩

author img

By

Published : Jul 4, 2022, 2:26 PM IST

ডেনমার্কৰ ৰাজধানী কোপেনহেগেনৰ (Danish capital Copenhagen) এটি শ্বপিং মলত বন্দুকধাৰীৰ আক্ৰমণত নিহত হৈছে তিনিজন । আনহাতে, আন কেইবাজনো আহত হোৱাৰ খবৰ লাভ কৰা গৈছে । আহতসকলৰ ভিতৰত তিনিজনৰ অৱস্থা সংকটজনক বুলিও জানিব পৰা গৈছে ।

a
a

নিউজ ডেস্ক, ৪ জুলাই : বিগত কিছুদিন ধৰি আমেৰিকাকে ধৰি ইউৰোপৰ বিভিন্ন স্থানত বন্দুকধাৰীয়ে সন্ত্ৰাস চলাই আহিছে । বিভিন্ন ৰাজহুৱা স্থানত অজ্ঞাত আততায়ীয়ে চলোৱা উক্ত আক্ৰমণত বহু ব্যক্তি নিহত হোৱাৰ লগতে আহত হৈছে আন বহুতো । এইবাৰ বন্দুকধাৰীয়ে অতৰ্কিতে আক্ৰমণ চলালে ডেনমাৰ্কত (Gunman attacks in Denmark) ।

ডেনমার্কৰ ৰাজধানী কোপেনহেগেনৰ (Danish capital Copenhagen) এটি শ্বপিং মলত উক্ত বন্দুকধাৰীৰ আক্ৰমণত নিহত হৈছে তিনিজন । আনহাতে, আন কেইবাজনো আহত হোৱাৰ খবৰ লাভ কৰা গৈছে । আহতসকলৰ ভিতৰত তিনিজনৰ অৱস্থা সংকটজনক বুলিও জানিব পৰা গৈছে । দেওবাৰে উক্ত বন্দুক আক্ৰমণৰ ঘটনাটি কোপেনহেগেনৰ ভিচিনিটি অব ফিল্ড’ছ শ্বপিং চেণ্টাৰত ঘটা বুলি দেশখনৰ আৰক্ষীয়ে নিশ্চিত কৰিছে (Gun attack happened at Viscinity of Fields Shopping Center) ।

ডেনমার্ক আৰক্ষীয়ে জনোৱা মতে, শ্বপিং মলটোৰ ভিতৰত জধেমধে ধাৰাষাৰ গুলীবৰ্ষণৰ ঘটনা সংঘটিত কৰাৰ অভিযোগত এজন ২২ বছৰীয়া ডেনিছ নাগৰিকক আটক কৰা হৈছে । আনহাতে, কোপেনহেগেনৰ আৰক্ষী প্রধান ছোৱেৰেন থমাছেনে (Copenhagen Police Chief Soweren Thomasen) জনোৱা মতে, এতিয়াও উক্ত আক্ৰমণ কাৰণ জানিব পৰা হোৱা নাই । অৱশ্যে প্ৰাথমিক তদন্তত এয়া সন্ত্রাসমূলক কাৰ্য বুলি ধাৰণা কৰা হৈছে ।

ঘটনা সন্দৰ্ভত দেশখনৰ প্রধানমন্ত্রী মেটে ফ্রেডেৰিকছেনে কয় (Denmark Prime MInister Mette Frederiksen), ডেনমার্ক নিষ্ঠুৰ আক্ৰমণৰ চিকাৰ হৈছে । নিহতসকলৰ নিকটাত্মীয় তথা পৰিয়ালৰ প্রতি সমবেদনা জনাই শোকবার্তা প্ৰেৰণ কৰে প্ৰধানমন্ত্ৰীয়ে । কঠিন পৰিস্থিতিত সকলোকে ঐক্যবদ্ধ হৈ কাম কৰাৰো আহ্বান জনায় ডেনমাৰ্কৰ প্রধানমন্ত্রীয়ে ।

লগতে পঢ়ক: চীনত ডুবিল ফ্লোটিং ক্ৰেইন: ২৭ জন সন্ধানহীন

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.