ইণ্টাৰনেশ্যনেল ডেস্ক, 15 অক্টোবৰ: সংঘৰ্ষ জৰ্জৰিত ইজৰাইলৰ পৰা ভাৰতলৈ উভতি আহিল ‘অপাৰেচন অজয়’ ৷ ‘অপাৰেচন অজয়’ ৰ অধীনত 274 জন ভাৰতীয়ক লৈ চতুৰ্থখন বিমান দেওবাৰে পুৱা ইজৰাইলৰ পৰা ভাৰত অভিমুখে ৰাওনা হয় বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে জানিবলৈ দিয়ে ।
-
#OperationAjay
— Dr. S. Jaishankar (@DrSJaishankar) October 14, 2023 " class="align-text-top noRightClick twitterSection" data="
2nd flight of the day departs from Tel Aviv carrying 274 passengers. pic.twitter.com/UeRQGhamuN
">#OperationAjay
— Dr. S. Jaishankar (@DrSJaishankar) October 14, 2023
2nd flight of the day departs from Tel Aviv carrying 274 passengers. pic.twitter.com/UeRQGhamuN#OperationAjay
— Dr. S. Jaishankar (@DrSJaishankar) October 14, 2023
2nd flight of the day departs from Tel Aviv carrying 274 passengers. pic.twitter.com/UeRQGhamuN
X যোগে জয়শংকৰে কয় যে এদিনতে ইজৰাইলৰ পৰা ভাৰতলৈ ৰাওনা হৈছে দ্বিতীয়খন বিমান । টেল আভিভৰ পৰা 274 জন যাত্ৰী ৷ উল্লেখ্য যে, ইজৰাইলত থকা প্ৰায় 18 হাজাৰ ভাৰতীয়ক ঘূৰাই অনাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰম্ভ হৈছিল 'অপাৰেচন অজয়’ অভিযান । বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে এই অভিযানৰ ।
ইজৰাইলত থকা ভাৰতীয় দূতাবাসে ভাৰতীয় কোম্পানীসমূহক সাহায্য প্ৰদান কৰাৰ লগতে সাহায্যৰ প্ৰয়োজন হোৱা ভাৰতীয় নাগৰিকসকলৰ বাবে হেল্পলাইন স্থাপন কৰিছে । ক্ৰমাৎ বৃদ্ধি পোৱা সংঘাতৰ পৰিপ্ৰেক্ষিতত বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে 24 ঘণ্টীয়া নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছিল । এই নিয়ন্ত্ৰণ কক্ষই পৰিস্থিতি নিৰীক্ষণ কৰাত সহায় কৰাৰ লগতে প্ৰয়োজনীয় তথ্য আৰু সহায় আগবঢ়াব ।
ইয়াৰ পূৰ্বে দেওবাৰে ‘অপাৰেচন অজয়’ৰ অধীনত ইজৰাইলৰ পৰা 197 গৰাকী ভাৰতীয় নাগৰিকক লৈ তৃতীয়খন বিমান ৰাজধানী দিল্লীত উপস্থিত হয় । ইজৰাইলৰ পৰা অহা ভাৰতীয় নাগৰিকক দিল্লী বিমানবন্দৰত আদৰণি জনায় কেন্দ্ৰীয় মন্ত্ৰী কৌশল কিশোৰে ।
ইজৰাইলৰ টেল আভিভৰ পৰা 235 জন ভাৰতীয় নাগৰিক কঢ়িয়াই অনা দ্বিতীয়খন বিমান, শনিবাৰে পুৱা নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ বিপৰীতে শুকুৰবাৰে 212 জন ভাৰতীয় যাত্ৰী কঢ়িয়াই অনা প্ৰথমখন বিমান দিল্লীত অৱতৰণ কৰে ।
ইজৰাইলত আৱদ্ধ হৈ থকা লোকসকলে তেওঁলোকক ঘূৰাই অনাৰ বাবে ভাৰত চৰকাৰক ধন্যবাদ জনায় । উভতি অহা যাত্ৰীসকল মূলতঃ ইজৰাইলত থকা আৰু কৰ্মসূত্ৰে বসবাস কৰা ভাৰতীয় ।
লগতে পঢ়ক: Operation Ajay : ইজৰাইলৰ পৰা আহিল ভাৰতীয় নাগৰিকৰ দ্বিতীয়টো দল