ETV Bharat / international

Donald Trump surrendered: গ্ৰেপ্তাৰৰ পিচতে চৰ্ত সাপেক্ষে মুকলি আকাশৰ তললৈ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প

author img

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 8:10 AM IST

চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা চতুৰ্থবাৰৰ বাবে গ্ৰেপ্তাৰ হোৱা প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প পুনৰ গ্ৰেপ্তাৰ হয় বৃহস্পতিবাৰে ৷ অৱশ্যে গ্ৰেপ্তাৰৰ পিচতে 200,000 মাৰ্কিন ডলাৰৰ বণ্ড আৰু অন্যান্য মুক্তিৰ চৰ্ত সাপেক্ষে আত্মসৰ্মপণ কৰে ট্ৰাম্পে ৷ জেলৰ পৰা ওলায় অহাৰ পিচতে ন্যায় ব্যৱস্থাক তাচ্ছিল্য কৰে ট্ৰাম্পে ৷

Donald Trump surrendered
ধনৰ বিনিময়ত গ্ৰেপ্তাৰৰ পিচতে মুকলি আকাশৰ তললৈ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প

ইণ্টাৰনেশ্যনেল ডেস্ক, 25 আগষ্ট: মাৰ্কিন যুক্তৰাষ্ট্ৰত ৰাষ্ট্ৰপতি নিৰ্বাচনকলৈ ইতিমধ্যে বিভিন্ন দল-প্ৰাৰ্থীয়ে আৰম্ভ কৰিছে ৰণ ডংকা ৷ ইতিমধ্যে বিভিন্ন প্ৰাৰ্থীয়ে বিভিন্ন ধৰণে ৰাষ্ট্ৰপতি নিৰ্বাচনলৈ সাজু হোৱাৰ সময়তে শেহতীয়াকৈ বিভিন্ন আইনী মেৰপেচত সোমায় পৰা আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে 24 আগষ্ট বৃহস্পতিবাৰে (স্থানীয় সময় অনুসাৰে) আত্মসমৰ্পণ কৰিছে ৷ 2020 চনৰ নিৰ্বাচনী ফলাফল বাতিল কৰাৰ ষড়যন্ত্ৰৰ অভিযোগৰ গোচৰৰ মুখামুখি হোৱা ট্ৰাম্পে জৰ্জিয়াত 200,000 মাৰ্কিন ডলাৰৰ বণ্ড আৰু অন্যান্য মুক্তিৰ চৰ্ত সাপেক্ষে আত্মসৰ্মপণ কৰে ৷

ট্ৰাম্পৰ প্ৰতিৰক্ষা অধিবক্তা আৰু ন্যায়াধীশৰ দ্বাৰা স্বাক্ষৰিত বণ্ড চুক্তি অনুসৰি প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক গোচৰটোৰ সহ-প্ৰতিবাদী, সাক্ষী বা ভুক্তভোগীসকলক ভয় খুৱাবলৈ বাধা দিয়া হৈছে । বিচাৰৰ বাবে অপেক্ষা কৰি থকাৰ সময়ত আটলাণ্টাৰ জেলৰ পৰা মুক্তি পাবলৈ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে পূৰণ কৰে এই চৰ্ত । চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী চতুৰ্থবাৰৰ বাবে গ্ৰেপ্তাৰ হ'বলৈ ওলাইছিল ।

পৰৱৰ্তী সময়ত ট্ৰাম্পে গোচৰটোক 'ন্যায় ব্যৱস্থাৰ প্ৰতাৰণা' বুলি অভিহিত কৰে ৷ উল্লেখ কৰা প্ৰয়োজন যে, পাঁচ মাহৰ ভিতৰত চতুৰ্থবাৰৰ বাবে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক অপৰাধমূলক গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে । লগতে ট্ৰাম্পে এই গোচৰসমূহ ৰাজনৈতিক অভিসন্ধি বুলি অভিহিত কৰে ৷ কাৰণ তেওঁ 2024 বৰ্ষৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ডেম’ক্ৰেট দলৰ ৰাষ্ট্ৰপতি জো বাইডেনক প্ৰত্যাহ্বান জনাবলৈ আগবঢ়ি আছে ৰিপাব্লিকান দলৰ পৰা ।

বৃহস্পতিবাৰে বিয়লি ফুলটন কাউন্টি জেললৈ নিজৰ ব্যক্তিগত জেট বিমানেৰে নিউ জাৰ্চিৰ পৰা ৰাওনা হয় প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে । প্ৰায় 20 মিনিট সময় তেওঁ জেলৰ ভিতৰত আছিল । উক্ত সময়ছোৱাত প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ সমৰ্থকসকল গোট খুওৱা পৰিলক্ষিত হৈছিল । প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ জেলত তথা কয়েদী হিচাপে নম্বৰ আছিল P01135809 ।

ট্ৰাম্পে সন্মুখীন হোৱা 13 টা অভিযোগৰ ভিতৰত আছে ভাবুকি, নিজৰ শপতনামা উলংঘা কৰিবলৈ ৰাজহুৱা বিষয়াক অনুৰোধ কৰা, এগৰাকী ৰাজহুৱা বিষয়াৰ ৰূপ লোৱাৰ ষড়যন্ত্ৰ, জালিয়াতিৰ ষড়যন্ত্ৰ আৰু ভুৱা বক্তব্য দিয়া । আদালতে জনোৱা মতে, বৃহস্পতিবাৰে জামিন চুক্তি অবিহনে নিজকে গতাই দিয়াৰ পিছত ট্ৰাম্পৰ অন্যতম সহ-বিচাৰক ব্লেক ভইচছ ফৰ ট্ৰাম্পৰ নেতা হেৰিছন ফ্লয়ডক জিম্মাত ৰখা হৈছে ।

লগতে পঢ়ক: Trump to surrender: জৰ্জিয়া প্ৰশাসনৰ সন্মুখত আত্মসমৰ্পণ কৰিব ট্ৰাম্পে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.