ইণ্টাৰনেশ্যনেল ডেস্ক,২৩ ফেব্ৰুৱাৰী : আমেৰিকা যুক্তৰাষ্ট্ৰত গুলীচালনাৰ ঘটনা অব্যাহত আছে । এইবাৰ ফ্ল'ৰিডাত আন এক চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা । দুৰ্বৃত্তৰ গুলীত নিহত কেন্দ্ৰীয় ফ্ল'ৰিডা দূৰদৰ্শনৰ সাংবাদিক আৰু এগৰাকী কিশোৰী (Florida TV reporter and little girl shot dead)। স্থানীয় আৰক্ষীয়ে গুলীচালনা ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে । আৰক্ষীয়ে ইতিমধ্যে ১৯ বছৰীয়া কিথ মেলভিন মোজেছ নামৰ অভিযুক্তজনক আটক কৰিছে ।
আৰক্ষীয়ে সন্দেহ কৰা মতে অৰলেণ্ডো অঞ্চলৰ সমীপৰ দুয়োটা গুলীচালনাত মোজেছ জড়িত আছে । স্পেকট্ৰাম নিউজ-১৩ৰ এগৰাকী সাংবাদিক আৰু ৯ বছৰীয়া কিশোৰীৰ উপৰিও গুলীচালনাৰ ঘটনাত এগৰাকী সংবাদকৰ্মী আৰু কিশোৰীগৰাকীৰ মাতৃও আঘাতপ্ৰাপ্ত হৈছে (Spectrum news 13 reporter killed)। আৰক্ষীয়ে জনোৱা মতে কিয় এই গুলীচলনা কৰা হৈছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই । আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
-
Our hearts go out to the family of the journalist killed today and the crew member injured in Orange County, Florida, as well as the whole Spectrum News team.
— Karine Jean-Pierre (@PressSec) February 23, 2023 " class="align-text-top noRightClick twitterSection" data="
">Our hearts go out to the family of the journalist killed today and the crew member injured in Orange County, Florida, as well as the whole Spectrum News team.
— Karine Jean-Pierre (@PressSec) February 23, 2023Our hearts go out to the family of the journalist killed today and the crew member injured in Orange County, Florida, as well as the whole Spectrum News team.
— Karine Jean-Pierre (@PressSec) February 23, 2023
আৰক্ষীয়ে সংবাদমাধ্যমত কোৱা মতে এয়া সংবাদজগত আৰু সমগ্ৰ অঞ্চলটোৰ বাবে ভয়ংকৰ ঘটনা আছিল । সাংবাদিকৰ কামৰ প্ৰশংসা কৰি এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই কয় যে, তেওঁ সাংবাদিকৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰে আৰু তেওঁলোকৰ বহুতকে চিনি পায় । আইন শৃংখলা লগতে অতি কঠিন পৰিস্থিতিত কাম কৰা সাংবাদিকক এনেদৰে আক্ৰমণ কৰাটো সহজ কথা নহয় বুলি তেওঁ উল্লেখ কৰে । ইফালে সমাজৰ কোনেও এনেধৰণৰ হিংসাৰ বলি হোৱাটো উচিত নহয় বুলিও তেওঁ দাবী কৰে ।
আৰক্ষীয়ে ঘটনাৰ বিৱৰণ দি কয় যে, পুৱা এজন লোকে সংবাদমাধ্যমৰ বাহনখনৰ কাষ চাপি আহিছিল আৰু গুলীচালনা কৰিছিল । য'ত সাংবাদিক দুগৰাকী গুৰুতৰভাৱে আহত হয় । ইয়াৰে এগৰাকীৰ মৃত্যু হয় (Florida reporter killed by gunman)। আনহাতে লোকজনে তাৰ পাচত ওচৰৰে এটা ঘৰলৈ গৈ মাতৃ আৰু কন্যাক লক্ষ্য কৰি গুলীচালনা কৰে । য'ত কিশোৰীগৰাকীৰ মৃত্যু হয় ।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ভৱন হোৱাইট হাউচৰ প্ৰেছ সচিবেও সমগ্ৰ ঘটনাক লৈ শোকপ্ৰকাশ কৰিছে (White house reacts over shootout case)। স্পেকট্ৰাম নিউজ ১৩ৰ সাংবাদিক নিহত হোৱাৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে ফ্ল'ৰিডাবাসীয়ে । বহুতে আকৌ আইন শৃংখলা পৰিস্থিতি অৱনতি সন্দৰ্ভত চৰকাৰৰ ব্যৰ্থতাক লৈ প্ৰশ্নও কৰিছে ।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বিডেনে পূৰ্বে কৈছিল যে সমগ্ৰ আমেৰিকাত বন্দুকাৰীৰ বিৰুদ্ধে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজন আছে । তেওঁ লগতে আমেৰিকান সম্প্ৰদায়, বিদ্যালয়, কৰ্মস্থান আৰু ঘৰবোৰ সুৰক্ষিত ৰখাৰ বাবে ব্যৱস্থা ল'বলৈ আৰক্ষীক আহ্বান জনায় ।
লগতে পঢ়ক :Mississippi shootout : ৬ গৰাকী লোকক গুলীয়াই হত্যা, আৰক্ষীৰ জালত অভিযুক্ত