আন্তঃৰাষ্ট্ৰীয় ডেস্ক, 13 নৱেম্বৰ : ছোমালিয়াত বানৰ সংহাৰ ৷ বিগত কেইবাদিন ধৰি ছোমালিয়াত মুষলধাৰ বৰষুণৰ ফলত বানে বিভীষিকাৰ সৃষ্টি কৰিছে ৷ এতিয়ালৈ বানৰ ফলত ছোমালিয়াৰ বিভিন্ন অঞ্চলত কমেও 31 জন লোকৰ মৃত্যু হৈছে ৷ দেওবাৰে ছোমালিয়াৰ কৰ্তৃপক্ষই সদৰী কৰে এই কথা ৷
তথ্যমন্ত্ৰী দাউদ আৱেইছে ৰাজধানী মোগাদিছুত সাংবাদিকৰ আগত কয় যে, অক্টোবৰ মাহৰ পৰা বানৰ ফলত প্ৰায় অৰ্ধ নিযুত লোক স্থানচ্যুত হৈছে আৰু 1.2 নিযুতৰো অধিক লোক প্ৰভাৱান্বিত হৈছে। বানৰ ফলত অসামৰিক আন্তঃগাঁথনিৰ ব্যাপক ক্ষতি সাধন হৈছে ৷ বিশেষকৈ দক্ষিণ ছোমালিয়াৰ গেডো অঞ্চলত বানৰ প্ৰভাৱ বেয়াকৈ পৰিছে ৷
ৰাষ্ট্ৰসংঘৰ মানৱীয় পৰিক্ৰমা সমন্বয় কাৰ্যালয় অথবা ওচিএইচএ য়ে বান সাহায্য হিচাপে 25 নিযুত আমেৰিকান ডলাৰ প্ৰদান কৰিছে ৷ বৃহস্পতিবাৰে এক বিবৃতিত সতৰ্কবাণী প্ৰদান কৰি ওচিএইচএ য়ে উল্লেখ কৰে যে পৰিসাংখ্যিকভাৱে ছোমালিয়াত 100 বছৰত কেৱল এবাৰহে বানে এনে সংহাৰী ৰূপ লয় ৷ যদিও সকলো সম্ভৱ প্ৰস্তুতিমূলক ব্যৱস্থা হাতত লোৱা হৈছে, এই ব্যৱস্থাসমূহে কেৱল বানৰ পৰিমাণহে হ্ৰাস কৰিব পাৰিব কিন্তু প্ৰতিৰোধ কৰিব নোৱাৰিব ৷
ওচিএইচএ-য়ে লগতে উল্লেখ কৰে যে, জীৱন ৰক্ষা কৰিবলৈ আগতীয়া সতৰ্কবাণী আৰু আগতীয়া পদক্ষেপৰ পৰামৰ্শ দিয়া হৈছিল ৷ কিয়নো এই বানত বৃহৎ পৰিমাণৰ লোকক স্থানান্তৰ কৰাৰ লগতে অধিক সম্পত্তি ধ্বংস হোৱাৰ সম্ভাৱনা আছে। ডিচেম্বৰলৈকে হ’ব পৰা এই বৰষুণৰ ফলত ছোমালিয়াৰ প্ৰায় 1.6 নিযুত লোক দৈনন্দিন জীৱন বানৰ ফলত ব্যাহত হ'ব পাৰে, আৰু 1.5 নিযুত হেক্টৰ কৃষিভূমি ধ্বংস হোৱাৰ সম্ভাৱনা আছে ৷ ইতিমধ্যে মোগাদিছু অঞ্চল বৰষুণৰ ফলত বিধ্বস্ত হৈ পৰিছে ৷ এই বানৰ ফলত শিশু আৰু বৃদ্ধ লোকসকল বানত উটি যোৱাৰ লগতে আৰু পৰিবহনতো ব্যাঘাত জন্মিছিল ৷
কেনিয়া ৰেড ক্ৰছৰ তথ্য অনুসৰি সোমবাৰে বানৰ ফলত চুবুৰীয়া কেনিয়াতো মৃত্যুৰ সংখ্যা 15 জনলৈ বৃদ্ধি হৈছে । বন্দৰ চহৰ মোম্বাচা আৰু মান্দেৰা আৰু ৱাজিৰৰ উত্তৰ-পূব কাউণ্টিসমূহ বানত আটাইতকৈ বেছি প্ৰভাৱিত হৈছে ।
লগতে পঢ়ক: Gaza Hamas clash: পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ গাজালৈ উৰা মাৰিলে ইজৰাইলৰ প্ৰতিৰক্ষা মুৰব্বী