ETV Bharat / international

FIFA World Cup 2022 : পৰাজয়ৰ জুই বেলজিয়ামৰ ৰাজপথত, বেলজিয়ামৰ সমৰ্থকৰ তাণ্ডৱ

কাটাৰত চলি থকা ফিফা বিশ্বকাপ ২০২২-ত মৰক্কোৰ হাতত পৰাজিত হোৱাৰ পিছত বেলজিয়ামত সৃষ্টি হয় ব্যাপক হিংসাত্মক ঘটনা (violence in Belgium) ।

Belgium
Belgium
author img

By

Published : Nov 28, 2022, 8:51 PM IST

Updated : Nov 28, 2022, 10:48 PM IST

নিউজ ডেস্ক, ২৮ নৱেম্বৰ : অঘটনেৰে আৰম্ভ হোৱা ফিফা বিশ্বকাপ ২০২২-ৰ (FIFA World Cup 2022) খেলপথাৰৰ উত্তেজনাই এইবাৰ ৰাজপথত ল'লে হিংসাত্মক ৰূপ । কাটাৰত চলি থকা ফিফা বিশ্বকাপ ২০২২-ত মৰক্কোৰ হাতত পৰাজিত হোৱাৰ পিছত বেলজিয়ামত সৃষ্টি হয় ব্যাপক হিংসাত্মক ঘটনা (violence in Belgium) ।

নিজৰ দেশৰ পৰাজয় সহিব নোৱাৰি ক্ষোভিত জনতাই ৰাজপথৰ বাহনসমূহত অগ্নিসংযোগ কৰে । উল্লেখ্য, বেলজিয়ামৰ বিৰুদ্ধে মৰক্কোৰ ২-০ গ'লৰ জয়ৰ পিছত বেলজিয়ামৰ ৰাজধানী ব্ৰেচেলছত এই হিংসাত্মক ঘটনা সংঘটিত হয় (Morocco defeat Belgium in Qatar world cup) ।

  • Police had to seal off parts of the center of Brussels, deploy water cannons, and fire tear gas to disperse crowds following violence during and after Morocco’s 2-0 upset win over Belgium at the World Cup. https://t.co/49uBvY8DR6

    — NBC News (@NBCNews) November 27, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে, উত্তেজিত জনতাক ছত্ৰভঙ্গ দিয়াবলৈ আৰক্ষীয়ে ব্ৰোচেলছ কেন্দ্ৰৰ কিছু অংশ বন্ধ কৰিব দিবলগা হয় আৰু পানীহিলৈৰ লগতে কন্দুৱা গেছ নিক্ষেপ কৰিবলগা হয় (Qatar world cup football 2022) । শতাধিক আক্ৰমণকাৰীয়ে বাহনবোৰ জ্বলাই দিয়াৰ লগতে শিলগুটিও নিক্ষেপ কৰে ।

ইফালে ব্ৰেচেলছৰ মেয়ৰ ফিলিপ ক্ল'জে ফুটবল অনুৰাগীসকলক চহৰখনৰ কেন্দ্ৰস্থলৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে । লগতে তেওঁ কয় যে কৰ্তৃপক্ষই ৰাজপথত শান্তি-শৃংখলা বৰ্তাই ৰাখিবলৈ যথাসম্ভৱ চেষ্টা কৰি আছে । আনকি আৰক্ষীৰ নিৰ্দেশত মেট্ৰ' আৰু ট্ৰামৰ যাতায়াতো ব্যাহত হৈ পৰিছে ।

লগতে পঢ়ক :BBC Journalist Arrested : চীনত বিবিচিৰ সাংবাদিকক প্ৰহাৰ কৰি গ্ৰেপ্তাৰৰ অভিযোগ

Last Updated : Nov 28, 2022, 10:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.