ETV Bharat / international

আমেৰিকাৰ টেক্সাছৰ এখন হোটেলত বিস্ফোৰণ, 21 জনকৈ আহত

Explosion at a Texas hotel in Fort Worth: আমেৰিকাৰ ফৰ্ট ৱৰ্থৰ এখন হোটেলত বিস্ফোৰণ ৷ গেছ নিৰ্গমনৰ বাবে বিস্ফোৰণ হোৱা সন্দেহ কৰা হৈছে ৷ এই ঘটনাত 21 জনকৈ লোক আহত হৈছে বুলি জানিব পৰা গৈছে ৷

author img

By PTI

Published : Jan 9, 2024, 9:48 AM IST

explosion at a hotel in texas
আমেৰিকাৰ টেক্সাছৰ এখন হোটেলত বিস্ফোৰণ

ইন্টাৰনেশ্যনেল ডেস্ক, 9 জানুৱাৰী : সোমবাৰে আমেৰিকাৰ টেক্সাছৰ ইতিহাসপ্ৰসিদ্ধ ফৰ্ট ৱৰ্থৰ হোটেলত সংঘটিত হয় বিস্ফোৰণ ৷ এই বিস্ফোৰণত বৰ্তমানলৈকে প্ৰায় 21 জনকৈ লোক আহত হোৱাৰ লগতে কেইবাজনৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ ফৰ্ট ৱৰ্থ ফায়াৰ বিভাগৰ এজন মুখপাত্ৰ ক্ৰেগ ট্ৰোজাচে কয় যে, বিস্ফোৰণৰ ফলত দুৱাৰ আৰু দেৱালৰ অংশবোৰ 20 মহলীয়া হোটেলখনৰ সন্মুখৰ পথ পৰি যায় ৷ য’ত উদ্ধাৰকাৰী কৰ্মীয়ে আৱদ্ধ কেইবাজনকো উদ্ধাৰ কৰে ৷

কি কাৰণে হোটেলখনত বিস্ফোৰণ হ’ল সেয়া বৰ্তমানলৈ জানিব পৰা নাই যদিও গেছ নিৰ্গত হোৱাৰ ফলত বিস্ফোৰণ হোৱা বুলি সন্দেহ কৰা হৈছে ৷ কাৰণ হোটেলখনৰ এটা কোঠা নিৰ্মাণাধীন হৈ আছিল বুলি উল্লেখ কৰে ট্ৰোজাচে । তেওঁ কয় যে, ভৱনটোৰ এখন ৰেষ্টুৰেণ্ট নিৰ্মাণাধীন আছিল কিন্তু ক’ত বিস্ফোৰণতো হৈছিল এইটো নিশ্চিত নহয় ৷ ট্ৰোজাচে জানিবলৈ দিয়া অনুসৰি ঘটনাস্থলীত অনুসন্ধানকাৰী দল উপস্থিতি হৈ বিস্ফোৰণৰ কাৰণ বিচাৰি তদন্ত আৰম্ভ কৰিছে ৷ ইফালে বিস্ফোৰণৰ ফলত সূত্ৰপাত হোৱা জুই নুমুৱাবলৈ অগ্নিনিৰ্বাপক বাহিনীয়ে হেলিকপ্টাৰৰ ব্যৱহাৰ কৰা বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে সমগ্ৰ অঞ্চলটোত স্থানীয় লোকক প্ৰৱেশৰ ক্ষেত্ৰত আৰক্ষী আৰু প্ৰশাসনে বাধা আৰোপ কৰিছে ৷

হোটেলখনৰ ৱেবছাইট অনুসৰি, চেণ্ডমেন চিগনেচাৰ ফৰ্ট ৱৰ্থ ডাউনটাউনত থকা হোটেলতো 245 টা কোঠা আছে ৷ ইয়াক 1920 চনত ৱাগনাৰ বিল্ডিং হিচাপে নিৰ্মাণ কৰা হৈছিল ৷ যাক পশুপালক আৰু তেলকৰ্মী উইলিয়াম থমাছ ৱাগনাৰৰ নামেৰে নামাকৰণ কৰা হৈছিল । ভৱনটো 1979 চনৰ পৰা ঐতিহাসিক স্থানৰ ৰাষ্ট্ৰীয় পঞ্জীয়নত তালিকাভুক্ত কৰা হৈছে ।

টেক্সাছ ৰাজ্যৰ প্ৰতিনিধি নিকোল কলিয়াৰে কয়, ‘‘মই প্ৰথমে বিস্ফোৰণটো শুনা নাছিলো ৷ কিন্তু জৰুৰীকালীন বাহন আৰু হেলিকপ্টাৰৰ চাইৰেন শুনাৰ পাচতহে মই ঘটনাস্থলীলৈ গৈছিলো ৷

লগতে পঢ়ক : ম্যানমাৰৰ সামৰিক বাহিনীৰ এয়াৰ ষ্ট্ৰাইক, শিশুসহ 17 জন নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.