ইণ্টাৰনেশ্যনেল ডেস্ক,১ জুন : পুনৰ এবাৰ বিশ্বৰ ধনী ব্যক্তিৰ তালিকাৰ শীৰ্ষত এলন মাস্ক (Worlds Wealthiest Person Elon Musk)। বাৰ্ণাৰ্ড আৰ্নল্টক অতিক্ৰম কৰি এই প্ৰাপ্তি টেছলাৰ মুৰব্বীৰ । ব্যৱসায়ত বাৰ্ণাৰ্ড আৰ্নল্টৰ কোম্পানীৰ শ্বেয়াৰ ২.৬ শতাংশ হ্ৰাস হোৱাৰ ফলত মাস্কক পুনৰ এবাৰ তালিকাৰ শীৰ্ষত দেখিবলৈ পোৱা গৈছে । মাস্কে এই বছৰ ব্লুমবাৰ্গ বিলিয়নেয়াৰ ইণ্ডেক্সত ৭৪ বছৰীয়া ফৰাচী বাৰ্ণাৰ্ড আৰ্নাল্টৰ সৈতে শীৰ্ষ স্থানৰ বাবে যুঁজ দি আছিল । যি তালিকাত বিশ্বৰ ৫০০ গৰাকী ধনী ব্যক্তিৰ নাম আছে (World Richest Man)।
ডিচেম্বৰত প্ৰযুক্তি উদ্যোগটো কিছু ক্ষতিগ্ৰস্ত হৈছিল আৰু বিলাসী ব্ৰেণ্ডবোৰে মুদ্ৰাস্ফীতিৰ সন্মুখীন হৈ স্থিতিস্থাপকতা দেখুৱাইছিল (Bernard Arnault)। ফলত আৰ্নল্টে মাস্কক অতিক্ৰম কৰি শীৰ্ষ স্থানত উপনীত হৈছিল । বাৰ্ণাৰ্ড আৰ্নল্টৰ মালিকানাধীন এলভিএমএইচৰ লুই ভিত্যোঁ, হেনেচি আৰু ফেণ্ডিৰ দৰে বিলাসী ব্ৰেণ্ড আছে ।
টেছলাৰ ষ্টক ২০২২ চনৰ নৱেম্বৰত দুবছৰৰ পাছত হ্ৰাস দেখা গৈছিল । যেতিয়া শ্বেয়াৰৰ মূল্য ১৬৭.৮৭ ডলাৰ লৈ হ্ৰাস পাইছিল । এলভিএমএইচ শ্বেয়াৰ ২০২৩ৰ এপ্ৰিলৰ পৰা প্ৰায় ১০ শতাংশ পতন হৈছে । বিশেষকৈ চীনৰ গুৰুত্বপূৰ্ণ বজাৰত বিলাসী খণ্ডৰ ওপৰত বিশ্বাস হ্ৰাস হ'বলৈ আৰম্ভ হোৱাত এই ক্ষতিৰ সন্মুখীন হয় । এটা সময়ত আৰ্নল্টৰ মুঠ উপাৰ্জন এটা দিনতে ১১ বিলিয়ন ডলাৰ হ্ৰাস হয় ।
ইফালে, ২০২৩ চনত টেছলাৰ ফলত মাস্কে ৫৫.৩ বিলিয়ন ডলাৰতকৈও অধিক লাভ উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল । ব্লুমবাৰ্গ বিলিয়নেয়াৰ ইণ্ডেক্স অনুসৰি, মাস্কৰ মুঠ মূল্য এতিয়া প্ৰায় ১৯২.৩ বিলিয়ন ডলাৰ আৰু আৰ্নাল্টৰ মুঠ সম্পত্তি প্ৰায় ১৮৬.৬ বিলিয়ন ডলাৰ । তথ্য অনুসৰি, আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিশ্বৰ তৃতীয় আটাইতকৈ ধনী ব্যক্তিৰ স্থান লাভ কৰিছে । তেওঁৰ সম্পত্তিৰ মূল্য প্ৰায় ১৪৪ বিলিয়ন ডলাৰ ।
উল্লেখ্য যে টেছলাৰ মুৰব্বী এলন মাস্কে শেহতীয়াকৈ টুইটাৰ ক্ৰয় কৰিছিল । তেতিয়াৰে পৰা টুইটাৰক লৈ বিভিন্ন বিতৰ্কত সোমাই পৰিছে মাস্ক ।
লগতে পঢ়ক :Chinese Visa to Indians : জানুৱাৰীৰ পৰা ৬০ সহস্ৰাধিক ভাৰতীয়ক ভিছা প্ৰদান চীনৰ