ETV Bharat / international

চীনৰ কয়লা খনিৰ দুৰ্ঘটনাত ১০ জন নিহত, সন্ধানহীন ৬

author img

By ANI

Published : Jan 13, 2024, 6:54 AM IST

Updated : Jan 13, 2024, 2:10 PM IST

Coal Mine Accident in China : শুকুৰবাৰে দুপৰীয়া ২.৫৫ বজাত ঘটনাটো সংঘটিত হয় । ঘটনাটো সংঘটিত হোৱাৰ সময়ত পিংডিংশান তিয়েনান কয়লা খনি কোম্পানী লিমিটেডৰ কয়লা খনিটোৰ ভিতৰত মুঠ ৪২৫ জন লোক আছিল ।

চীনৰ কয়লা খনিত দুৰ্ঘটনা
চীনৰ কয়লা খনিত দুৰ্ঘটনা

ইণ্টাৰনেচনেল ডেস্ক, ১৩ জানুৱাৰী : চীনৰ এটা কয়লা খনিত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা । শুকুৰবাৰে স্থানীয় কৰ্তৃপক্ষৰ উদ্ধৃতি দি জিনহুৱাই জনোৱা অনুসৰি, চীনৰ হেনান প্ৰদেশৰ পিংডিংশান চহৰৰ এটা কয়লা খনিত এই দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনাটোৰ ফলত কমেও দহজন লোক নিহত হয় আৰু আন ছয়জন সন্ধানহীন হয় ।

শুকুৰবাৰে দুপৰীয়া ২.৫৫ বজাত ঘটনাটো সংঘটিত হয় । ঘটনাটো সংঘটিত হোৱাৰ সময়ত পিংডিংশান তিয়েনান কয়লা খনি কোম্পানী লিমিটেডৰ কয়লা খনিটোৰ ভিতৰত মুঠ ৪২৫ জন লোক আছিল । জিনহুৱাই জনোৱা মতে, আবদ্ধ খনিকৰ্মীসকলৰ ৩৮০ জনক সুৰক্ষিতভাৱে উলিয়াই অনা হয় । আনহাতে, প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে দুৰ্ঘটনাটো কয়লা আৰু গেছৰ বিস্ফোৰণৰ ফলত সংঘটিত হয় ।

ইয়াৰ উপৰি সংস্থাটোৱে চহৰখনৰ জৰুৰীকালীন ব্যৱস্থাপনা সংস্থাৰ উদ্ধৃতি দি জনাইছে যে শুকুৰবাৰে নিশা ১ বজাত (স্থানীয় সময় অনুসৰি) ৪৫ জন সন্ধানহীন খনিকৰ্মীৰ ভিতৰত আঠজনৰ মৃত্যু নিশ্চিত কৰা হৈছে আৰু আন দহজন এতিয়াও সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে । বিতং তথ্যৰ বাবে অপেক্ষা কৰা হৈছে ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে যোৱা বছৰ ২০ ডিচেম্বৰত চীনৰ উত্তৰ-পূব প্ৰদেশ হেইলোংজিয়াঙৰ এটা কয়লা খনিত সংঘটিত একে ধৰণৰ দুৰ্ঘটনাত ১২ জন লোক নিহত হৈছিল । জিক্সি চহৰৰ কুনয়ুৱান কয়লা খনিত সংঘটিত এই দুৰ্ঘটনাত আন ১৩ জন লোক আহত হয় । কঠোৰ সুৰক্ষা ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে চৰকাৰী প্ৰচেষ্টা সত্ত্বেও চীনৰ কয়লা খনন খণ্ডত বিগত বছৰত কেইবাটাও ভয়ানক দুৰ্ঘটনা সংঘটিত হৈছে । তাৰেই ধাৰাবাহিকতা ৰক্ষা কৰি নতুন বছৰটোৰো আগভাগতে আৰু এটা দুৰ্ঘটনা সংঘটিত হয় ।

চৰকাৰী তথ্য অনুসৰি, বিগত বছৰত সংঘটিত ১৬৮ টা কয়লা খনিৰ দুৰ্ঘটনাত ২৪৫ জন লোকৰ মৃত্যু হয় । নৱেম্বৰ মাহত হেইলোংজিয়াঙৰ আন এটা কয়লা খনিত সংঘটিত এক দুৰ্ঘটনাত ১১ জন লোকৰ মৃত্যু হয় । আনহাতে, ছেপ্টেম্বৰ মাহত দক্ষিণ-পশ্চিম চীনৰ গুইঝৌ প্ৰদেশত কয়লা খনিত সংঘটিত অগ্নিকাণ্ডত কমেও ১৬ জন লোক নিহত হয় । একেটা বছৰৰে ফেব্ৰুৱাৰী মাহত উত্তৰ আভ্যন্তৰীণ মংগোলিয়া অঞ্চলৰ দূৰৱৰ্তী আৰু কম জনবসতিপূৰ্ণ এলক্সা লীগত এটা কয়লা খনি আংশিকভাৱে খহি পৰে ।

লগতে পঢ়ক :কাবুলত বিস্ফোৰণ: দুজন লোক নিহত, আহত 12

Last Updated : Jan 13, 2024, 2:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.