ইণ্টাৰনেশ্যনেল ডেস্ক,১৩ জুলাই : বিশ্বজুৰি পুনৰ ক'ভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে (Covid infections rise again around the world)। যাক লৈ চিন্তিত হৈছে বিশ্ববাসী লগতে বিশ্ব স্বাস্থ্য সংস্থা । বিশ্ব স্বাস্থ্য সংস্থাই উল্লেখ কৰা মতে এতিয়া ক'ভিড আতংক শেষ হোৱা নাই (Covid 19 pandemic nowhere near over) কিয়নো যোৱা দুসপ্তাহত বিশ্বজুৰি নতুন ক'ভিড ৰোগীৰ সংখ্যা ৩০ শতাংশলৈ বৃদ্ধি পাইছে ।
এক সংবাদমেল সম্বোধন কৰি সমগ্ৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰে বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান টেড্ৰোছ এডনোম ঘেব্ৰেয়েচাছে । টেড্ৰোছে উল্লেখ কৰা মতে সমগ্ৰ পৰিস্থিতিক লৈ তেওঁ চিন্তিত কিয়নো ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে পুনৰ চিকিৎসা ব্যৱস্থা আৰু স্বাস্থ্য কৰ্মীৰ ওপৰত অধিক চাপ পৰিছে । মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবেও সঞ্চালক প্ৰধানগৰাকী চিন্তিত ।
টেড্ৰোছে কয় যে ভাইৰাছৰ নতুন ঢৌৱে পুনৰ স্পষ্ট কৰি দিছে যে ক'ভিড-১৯ ক'তো শেষ হোৱা নাই । ভাইৰাছটো এতিয়াও মুক্ত হৈ আছে আৰু দেশবোৰে তেওঁলোকৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰি ৰোগৰ বোজা কাৰ্যকৰীভাৱে নিয়ন্ত্ৰণ কৰা নাই । সেয়ে তেওঁ চৰকাৰসমূহক মাস্ক, ভেণ্টিলেশ্যনৰ ব্যৱস্থা আৰু ক'ভিড পৰীক্ষা, প্ৰট'কলৰ দৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় । প্ৰতিখন দেশকে বৰ্তমান পৰিস্থিতিক লৈ নতুন ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই সঞ্চালক প্ৰধানগৰাকীয়ে ।
বিশ্ব স্বাস্থ্য সংস্থাৰ স্বাস্থ্য জৰুৰীকালীন কাৰ্যসূচীৰ কাৰ্যবাহী সঞ্চালক মাইকেল ৰিয়ানৰ মতে, মুখ্যতঃ অ'মিক্ৰণৰ উপ-প্ৰকাৰ B.A.4 আৰু B.A.5ৰ ফলত নতুনকৈ ক'ভিড ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে । তেওঁ লগতে কয় যে ক'ভিড সম্পৰ্কীয় নীতি নিৰ্দেশনা শিথিল কৰা বাবেও ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে । আনহাতে ক'ভিড পৰীক্ষা নীতিৰ শেহতীয়া পৰিৱৰ্তনবোৰৰ বাবেও নতুন ঘটনা চিনাক্ত কৰা আৰু ভাইৰাছৰ পৰিৱৰ্তনবোৰ নিৰীক্ষণত বাধা আহিছে । ইফালে বিগত সপ্তাহত অ'মিক্ৰণ এই নতুন উপ-প্ৰকাৰ সম্পৰ্কে সমগ্ৰ বিশ্বক সংস্থাই সতৰ্ক কৰি দিছিল ।
লগতে পঢ়ক :First colorful image of Universe: বিশ্বব্ৰহ্মাণ্ডৰ প্ৰথমখন ৰঙীণ ফটো মুকলি