নেশ্যনেল ডেস্ক, ১৯ ছেপ্টেম্বৰ : কানাডাই সোমবাৰে এগৰাকী শীৰ্ষ ভাৰতীয় কূটনীতিবিদক বহিষ্কাৰ কৰে । ভাৰতীয় কূটনীতিবিদজনৰ বিৰুদ্ধে কানাডাত এজন খালিস্তান সমৰ্থকৰ হত্যাত জড়িত থকাৰ অভিযোগ কৰা হৈছে । প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ দ্বাৰা জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে খালিস্তানৰ সমৰ্থক শিখ নেতা হৰদীপ সিং নিজ্জাৰৰ হত্যাত ভাৰতীয় কূটনীতিবিদজন জড়িত থকাৰ পৰ্যাপ্ত প্ৰমাণ আছে ।
ট্ৰুডোৱে সংসদক কৈছে যে তেওঁ যোৱা সপ্তাহত জি-২০ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে এই হত্যাৰ বিষয়টো উত্থাপন কৰিছিল । তেওঁ মোডীক কৈছিল যে ভাৰত চৰকাৰ এই ক্ষেত্ৰত জড়িত হোৱাটো গ্ৰহণযোগ্য নহ'ব আৰু তেওঁ তদন্তত সহযোগিতা বিচাৰিছিল ।
-
Canada cannot keep harping on freedom of expression to provide a safe haven to Khalistani activists. My story in ETV Bharat: https://t.co/IPBsHlb7cr
— Aroonim Bhuyan (@AroonimBhuyan) September 11, 2023 " class="align-text-top noRightClick twitterSection" data="
">Canada cannot keep harping on freedom of expression to provide a safe haven to Khalistani activists. My story in ETV Bharat: https://t.co/IPBsHlb7cr
— Aroonim Bhuyan (@AroonimBhuyan) September 11, 2023Canada cannot keep harping on freedom of expression to provide a safe haven to Khalistani activists. My story in ETV Bharat: https://t.co/IPBsHlb7cr
— Aroonim Bhuyan (@AroonimBhuyan) September 11, 2023
কানাডাৰ বৈদেশিক মন্ত্ৰী মেলানি জলীয়ে কয় যে কানাডাত ভাৰতীয় চোৰাংচোৱা বিভাগৰ মুৰব্বীক এই কাৰণতে বহিষ্কাৰ কৰা হৈছে । জলীয়ে লগতে কয় যে যদি এই অভিযোগটো সঁচা প্ৰমাণিত হয় তেন্তে এইটো সাৰ্বভৌমত্ব আৰু দেশবোৰৰ সম্পৰ্কত এক ডাঙৰ উলংঘন হ'ব । যাৰ বাবে কানাডা চৰকাৰে বিষয়াগৰাকীক বহিষ্কাৰ কৰিছে ।
উল্লেখ্য যে খালিস্তানৰ সমৰ্থক হৰদীপ সিং নিজ্জাৰক ১৮ জুনত ব্ৰিটিছ কলম্বিয়াৰ চাৰেৰ এটা শিখ সাংস্কৃতিক কেন্দ্ৰৰ বাহিৰত গুলীয়াই হত্যা কৰা হৈছিল । কানাডিয়ান চোৰাংচোৱা সংস্থাসমূহে ঘটনাটোৰ তদন্ত কৰি আছে ।
ইফালে বৈদেশিক মন্ত্ৰী জলীয়ে কোৱা মতে প্ৰধানমন্ত্ৰী ট্ৰুডোৱে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বিডেনৰ সৈতেও বিষয়টো আলোচনা কৰিছিল । শেহতীয়া মাহবোৰত কানাডা আৰু ভাৰতৰ মাজৰ সম্পৰ্ক উত্তেজনাপূৰ্ণ হৈ আছে । বাণিজ্য আলোচনাও বিফল হৈছে । কানাডাই ভাৰতলৈ এক বাণিজ্যিক অভিযান বাতিল কৰিছে ।
ইয়াৰ পূৰ্বে ট্ৰুডোৱে সংসদক কৈছিল যে, যোৱা কেইবা সপ্তাহধৰি কানাডাৰ নিৰাপত্তা সংস্থাসমূহে ভাৰত চৰকাৰৰ এজেণ্ট আৰু কানাডাৰ নাগৰিক হৰদীপ সিং নিজ্জাৰ হত্যাৰ মাজত সম্ভাৱ্য সম্পৰ্কৰ অভিযোগৰ ওপৰত সক্ৰিয়ভাৱে কাম কৰি আছে । ট্ৰুডোৱে কোৱা মতে কানাডাৰ মাটিত এগৰাকী কানাডিয়ান নাগৰিকৰ হত্যাত বিদেশী চৰকাৰ জড়িত হোৱাটো সাৰ্বভৌমত্বৰ এক অগ্ৰহণযোগ্য উলংঘন ।
লগতে পঢ়ক :Zelenskyy to visit White House : জেলেনস্কিৰ আমেৰিকা ভ্ৰমণৰ পৰিকল্পনা