ETV Bharat / international

কেমিলা ব্ৰিটেইনৰ নতুন ৰাণী হ'লেও নাথাকিব সাৰ্বভৌম অধিকাৰ

author img

By

Published : Sep 9, 2022, 10:43 AM IST

চাৰ্লছৰ পত্নী 'ডাচেছ অব কৰ্ণৱেল' কেমিলাক (Duchess of Cornwell Camilla) এতিয়াৰে পৰা 'কুইন কনছৰ্ট' বুলি সম্বোধন কৰা হ'ব (Camilla will call Queen Consort of Britain) । বহু বছৰৰ বিতৰ্কৰ অন্তত এই উপাধিটো ৰাণী দ্বিতীয় এলিজাবেথে নিজেই নিৰ্ধাৰণ কৰিছিল ।

কেমিলা ব্ৰিটেইনৰ নতুন ৰাণী হ'লেও নাথাকিব সাৰ্বভৌম অধিকাৰ
কেমিলা ব্ৰিটেইনৰ নতুন ৰাণী হ'লেও নাথাকিব সাৰ্বভৌম অধিকাৰ

ইন্টাৰনেশ্য়নেল ডেস্ক, ৯ ছেপ্টেম্বৰ : ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথে বৃহস্পতিবাৰে 96 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে (Queen Elizabeth II dies aged 96) ৷ বিগত বৰ্ষৰ অক্টোবৰ মাহৰ পৰাই অসুস্থ হৈ আছিল ৰাণী দ্বিতীয় এলিজাবেথ (Queen Elizabeth death) ৷ ৱকিংহাম পেলেচে নিশ্চিত কৰিছে ৰাণী দ্বিতীয় এলিজাবেথ মৃত্যুৰ তথ্য ৷ ইয়াৰ লগতে 10 দিনৰ ৰাষ্ট্ৰীয় শোকৰো ঘোষণা ৱকিংহাম পেলেচৰ ৷

ব্ৰিটেইনৰ নতুন ৰাণী কেমিলা
ব্ৰিটেইনৰ নতুন ৰাণী কেমিলা

উল্লেখ্য, ৰাণী দ্বিতীয় এলিজাবেথে ব্ৰিটিছ ইতিহাসৰ আটাইতকৈ দীঘলীয়া সময়ৰ বাবে ৰাজত্ব কৰা গৌৰৱ অৰ্জন কৰিছে (Longest serving monarch in British history) ৷ ৱকিংহাম পেলেচে বৃহস্পতিবাৰে সন্ধিয়া 6.30 বজাত এক বিবৃতি প্ৰকাশ কৰি ৰাণীৰ মৃত্যুৰ কথা উল্লেখ কৰে ৷ ৰাণী দ্বিতীয় এলিজাবেথ চিকিৎসকৰ তত্ত্বাৱধানত আছিল ৷

ইয়াৰ পাছত বিয়লি চিকিৎসকে তেওঁৰ মৃত্যুৰ কথা উল্লেখ কৰাৰ পাছতেই ৱকিংহাম পেলেচে এই তথ্য প্ৰকাশ কৰে ৷ বিবৃতি অনুসৰি, ৰাণী দ্বিতীয় এলিজাবেথৰ স্কটিছ ইষ্টেট, বালম'ৰেল কেচেলত মৃত্যু হয় । বৃহস্পতিবাৰে নিশাটো তেওঁৰ নশ্বৰদেহ বালম'ৰেলত ৰখাৰ পাছত শুকুৰবাৰে তেওঁক লণ্ডনলৈ অনা হ’ব ৷ ৰাণীৰ নশ্বৰদেহ লণ্ডনলৈ ঘূৰাই অনাৰ পিছত প্ৰায় চাৰিদিন ৱেষ্টমিনিষ্টাৰ হলত ৰখা হ’ব । ৱেষ্টমিনিষ্টাৰ হলতে তেওঁক গুণমুদ্ধসকলে শেষ শ্ৰদ্ধাঞ্জলি জনাব পাৰিব ৷

উল্লেখ্য, সাত দশকতকৈও অধিক সময় তেওঁ ব্ৰিটেইনৰ ৰাণী হৈ আছিল । অৱশেষত বৃহস্পতিবাৰে ৰাণী দ্বিতীয় এলিজাবেথে শেষ নিশ্ব ত্যাগ কৰাৰ লগে লগে প্ৰায় সাত দশক পিছত এগৰাকী নতুন 'ৰাণী' লাভৰ দিশে আগবাঢ়িছে ব্ৰিটেইনৰ জনতা (New Queen of Britain) । কিন্তু কোন হ'ব ব্ৰিটিছৰাজৰ পৰৱৰ্তী ৰাণী ?

ব্ৰিটেইনৰ নতুন ৰাণী কেমিলা
ব্ৰিটেইনৰ নতুন ৰাণী কেমিলা

চাৰ্লছৰ পত্নী 'ডাচেছ অব কৰ্ণৱেল' কেমিলাক (Duchess of Cornwell Camilla) এতিয়াৰে পৰা 'কুইন কনছৰ্ট' বুলি সম্বোধন কৰা হ'ব (Camilla will call new Queen Consort of Britain) । বহু বছৰৰ বিতৰ্কৰ অন্তত এই উপাধিটো ৰাণী দ্বিতীয় এলিজাবেথে নিজেই নিৰ্ধাৰণ কৰিছিল । অৱশ্যে উক্ত সিদ্ধান্ত তেতিয়াই গ্ৰহণ কৰা হৈছিল যেতিয়া কেমিলা আৰু চাৰ্লছ ইজনে সিজনৰ ঘনিষ্ঠ হৈ আছিল (Charles and Camilla), কিন্তু বিবাহপাশত আবদ্ধ হোৱা নাছিল । অৱশ্যে সদায় এই সিদ্ধান্ত লোৱা হৈছিল যে 75 বছৰীয়া কেমিলাই এই খিতাপ গ্ৰহণ কৰিব, কিন্তু কোনো সাৰ্বভৌম অধিকাৰ অবিহনে এই খিতাপ তেওঁক প্ৰদান কৰা হ'ব ।

পৰম্পৰাগতভাৱে ৰজাৰ পত্নী হৈছে 'ৰাণী' । কিন্তু চাৰ্লছ ৰজা হ'লে কেমিলাৰ উপাধি কি হ'ব সেয়া বহু বছৰ ধৰি এক গভীৰ প্ৰশ্ন হৈ আহিছে । ব্ৰিটিছ ৰাজতন্ত্ৰত তেওঁৰ স্থিতি সদায়ে এক সংবেদনশীল বিষয় হৈ আহিছে । কিয়নো চাৰ্লছৰ প্ৰাক্তন পত্নী ৰাজকুমাৰী ডায়েনাই (Princess Diana) ১৯৯৭ চনত এক মটৰ দুৰ্ঘটনাত মৃত্যুবৰণ কৰাৰ পিছত চাৰ্লছৰ দ্বিতীয় পত্নী হিচাপে ৰাজতন্ত্ৰত কেমিলাৰ স্থিতি সদায়ে এক সংবেদনশীল বিষয় হৈ আহিছে ।

আনহাতে, ৰাজপ্ৰাসাদৰ (wokingham palace) বিষয়াসকলে বহু বছৰ ধৰি কৈ আহিছিল যে চাৰ্লছ ৰজা হ'লে পৰম্পৰাগত 'ৰাণী কনছৰ্ট'ৰ পৰিৱৰ্তে কেমিলাক সম্ভৱতঃ 'প্ৰিন্সেছ কনছৰ্ট' (princess consort) উপাধি প্ৰদান কৰা হ'ব ।

অৱশ্যে ৰাজকীয় বিষয়াসকলৰ মতে, ব্ৰিটিছ ৰাজতন্ত্ৰৰ ইতিহাসত 'প্ৰিন্সেছ কনছৰ্ট' (Princees Consort) উপাধিৰ কোনো উদাহৰণ নাই । ৰাণী ভিক্টোৰিয়াৰ (Queen Victoria) স্বামী এলবাৰ্টৰ বাবেহে কেৱল একে ধৰণৰ 'প্ৰিন্স কনছৰ্ট' উপাধি এবাৰহে ব্যৱহাৰ কৰা হৈছিল । অৱশ্যে এই আলোচনাও তাতেই সমাপ্ত হয় যেতিয়া ৰাণী দ্বিতীয় এলিজাবেথে ৰাজহুৱাভাৱে ঘোষণা কৰিছিল যে যদি তেওঁৰ পুত্ৰ প্ৰিন্স চাৰ্লছ (Prince Charles) ৰজা হয় তেন্তে কেমিলাক 'কুইন কনছৰ্ট' উপাধি দিয়া হ'ব (Queen Elizabeth II declared Camilla Queen Consort) ।

লগতে পঢ়ক :বৃটেইনৰ ৰাণী এলিজাবেথ দ্বিতীয়ৰ ইহলীলা সম্বৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.