ETV Bharat / international

বাংলাদেশত নিৰ্বাচনী হিংসা, যাত্ৰীবাহী ৰে’লত দুৰ্বৃত্তৰ অগ্নিসংযোগ - বাংলাদেশৰ সাধাৰণ নিৰ্বাচন

Miscreants set fire to train in Bangladesh : বাংলাদেশত যাত্ৰীবাহী ৰে’লত দুৰ্বৃত্তৰ অগ্নিসংযোগ ৷ শিশুসহ চাৰিজনকৈ লোক নিহত ৷ দেশখনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে হিংসাত্মক ঘটনাই ভয়ংকৰ ৰূপ লৈছে ৷

bangladesh miscreants set fire to passenger train
বাংলাদেশত নিৰ্বাচনী হিংসা
author img

By PTI

Published : Jan 6, 2024, 7:19 AM IST

Updated : Jan 6, 2024, 8:05 AM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 6 জানুৱাৰী : দেওবাৰে অনুষ্ঠিত হ’ব বাংলাদেশৰ সাধাৰণ নিৰ্বাচন ৷ প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ ভোট গ্ৰহণৰ পূৰ্বে নিৰ্বাচনী হিংসাই গা কৰি উঠিছে বাংলাদেশত ৷ উল্লেখ্য যে, দেশখনৰ মুখ্য বিৰোধী দল বি এন পিয়ে নিৰ্বাচন বৰ্জন কৰাৰ ফলত দেশখনৰ বিভিন্ন ঠাইত হিংসাত্মক ঘটনা সংঘটিত হৈছে ৷

বাংলাদেশৰ সাধাৰণ নিৰ্বাচনৰ দুদিন পূৰ্বে শুকুৰবাৰে ভাৰতৰ সীমান্তৱৰ্তী বেনাপোল নামৰ বন্দৰ চহৰৰ পৰা যোৱা এখন যাত্ৰীবাহী ৰে'লত দুৰ্বৃত্তই অগ্নিসংযোগ কৰে ৷ ফলত দুটা শিশুসহ কমেও চাৰিজন লোক নিহত হয় আৰু কেইবাজনো আহত হয় বুলি জানিব পৰা গৈছে ৷

জানিব পৰা মতে, বেনাপোল চহৰৰ পৰা যোৱা বেনাপোল এক্সপ্ৰেছখন কমলাপুৰ ৰে’ল ষ্টেচনত উপস্থিত হোৱাৰ লগে লগে দুৰ্বিত্তই ৰে’লখনত অগ্নিসংযোগ কৰে ৷ অগ্নিনিৰ্বাপক সেৱা আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ শ্বাহজাহান শিকদাৰে ঘটনাৰ সন্দৰ্ভত কয়, ‘‘এতিয়ালৈকে আমি চাৰিটা মৃতদেহ পাইছো ৷ এতিয়াও উদ্ধাৰ অভিযান চলি আছে ৷’’

আনহাতে ৰে'ল বিভাগৰ বিষয়াসকলে কয়, ‘‘ৰে’লখনত প্ৰায় 292 জন যাত্ৰী আছিল ৷ তেওঁলোক বেছিভাগেই ভাৰতৰ পৰা ঘৰলৈ উভতি আহিছিল ৷ ৰে’লখন গোপীবাগ অঞ্চলত উপস্থিত হোৱাৰ লগে লগে নিশা 9 বজাত দুৰ্বৃত্তই ৰে’লখনত অগ্নিসংযোগ কৰে ৷’’ সময় টিভিৰ এটা প্ৰতিবেদনত কোৱা হৈছে যে, কিছু ভাৰতীয় নাগৰিকেও ৰে’লখনত যাত্ৰা কৰিছিল । এই ক্ষেত্ৰত ৰে'ল বিষয়াসকলে নিশ্চিত কৰিব পৰা নাই যে কিমান জন লোক আহত হৈছে ৷ ইয়াৰ পূৰ্বে, 19 ডিচেম্বৰত এখন ৰে'ল জ্বলাই দিয়াৰ ফলত চাৰিজন লোকৰ মৃত্যু হৈছিল ৷ যাৰ ভিতৰত এগৰাকী মাতৃ আৰু শিশু আছিল ।

ইফালে বাংলাদেশৰ সাধাৰণ নিৰ্বাচন নিৰীক্ষণৰ বাবে 100 তকৈও অধিক বিদেশী পৰ্যবেক্ষক ঢাকাত উপস্থিত হৈছে । তাৰ ভিতৰত আছে ভাৰতৰ তিনিজন ৷ দেশখনৰ বৈদেশিক মন্ত্ৰালয়ৰ বিষয়াসকলে জনোৱা অনুসৰি, ভাৰতৰ নিৰ্বাচন আয়োগৰ তিনিজনীয়া প্ৰতিনিধি দল শুকুৰবাৰে ঢাকাত উপস্থিত হৈছিল ৷ আনহাতে 7 জানুৱাৰীৰ নিৰ্বাচনৰ পূৰ্বে বিভিন্ন দেশৰ আন 122 জন ঢাকাত উপস্থিত হ’ব ৷ উক্ত বিদেশী নিৰ্বাচনী পৰ্যবেক্ষকসকলক ৰাষ্ট্ৰসংঘৰ তৰফৰ পৰা বাংলাদেশলৈ প্ৰেৰণ কৰা হৈছে বুলি দেশখনৰ বৈদেশিক মন্ত্ৰালয়ে জানিবলৈ দিছে ৷

লগতে পঢ়ক : ম্যানমাৰত সামৰিক বাহিনীৰ হেলিকপ্টাৰত সশস্ত্ৰ সংগঠনৰ আক্ৰমণ

Last Updated : Jan 6, 2024, 8:05 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.