ETV Bharat / international

পাক সেনাৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনাৰ দায়িত্ব স্বীকাৰ বালুচ লিবাৰেশ্যন আৰ্মীৰ

author img

By ANI

Published : Dec 30, 2023, 12:09 PM IST

Balochistan Attacks:বালুচ লিবাৰেশ্যন আৰ্মী চমুকৈ বি এল এৰ দাবী ‘‘ স্বাধীন বালুচিস্তান নোপোৱা পৰ্যন্ত আক্ৰমণ চলি থাকিব ৷’’ বালুচিস্তানৰ নশ্বিক, তুৰবাট আৰু বুলেদাত পাক সেনাক লক্ষ্য কৰি চলোৱা আক্ৰমণৰ পাচতে এই ঘোষণা বি এল এৰ ৷

b l a claims responsibility for attacks in balochistan
পাক সেনাৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনাৰ দায়িত্ব স্বীকাৰ বালুচ লিবাৰেচন আৰ্মীৰ

ইন্টাৰনেশ্যনেল ডেস্ক, 30 ডিচেম্বৰ : বালুচিস্তানৰ নশ্বিক, তুৰবাট আৰু বুলেদাত হোৱা আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে সশস্ত্ৰ সংগঠন বালুচ লিবাৰেশ্যন আৰ্মী চমুকৈ বি এল এয়ে । বালুচিস্তান পোষ্টৰ প্ৰতিবেদন অনুসৰি, সেনাৰ শিবিৰত আৰু পাক সেনাক লক্ষ্য কৰি বি এল এয়ে চলোৱা আক্ৰমণৰ ফলত এজন পাকিস্তানী সেনা নিহত হোৱাৰ লগতে আন কেইবাজনো লোক আহত হৈছে ।

ঘটনাৰ সন্দৰ্ভত বি এল এৰ মুখপাত্ৰ জীয়ন্দ বালোচে বুধবাৰে এক বিবৃতি যোগে কয়, ‘‘বি এল এ কেডাৰে স্নাইপাৰ আৰু অত্যাধুনিক বিস্ফোৰক সামগ্ৰী ব্যৱহাৰ কৰি নশ্বিকৰ বালঘানি, কেশাংগী অঞ্চলত অৱস্থিত পাকিস্তানী সেনাৰ শিবিৰত আক্ৰমণ কৰা হৈছিল । বৃহস্পতিবাৰেও তুৰবাটৰ বালুচি বজাৰৰ ওচৰৰ আবচিৰ অঞ্চলত পাক সেনাৰ ওপৰত বি এল এয়ে কেডাৰে গ্ৰেনেডেৰে আক্ৰমণ চলাইছিল ।"

জীয়ন্দ বালোচে দাবী কৰে যে, বি এল এয়ে চলোৱা আক্ৰমণৰ ফলত পাক সেনাৰ সামগ্ৰী যথেষ্ট পৰিমাণে ধ্বংস হৈছিল । তদুপৰি, 24 ডিচেম্বৰৰ সন্ধিয়া বি এল এয়ে বুলেদাত পাকিস্তানী সেনাৰ এটা চেকপইণ্টক গ্ৰেনেডেৰে আক্ৰমণ কৰিছিল ৷ বালুচিস্তান পোষ্টৰ মতে, এই ঘটনাত দুজন পাক সেনা আহত হয় ৷

বি এল এৰ মুখপাত্ৰজনে বিবৃতিটোত কয় , ‘‘স্বাধীন বালুচিস্তান দেশ নোপোৱা পৰ্যন্ত এনে আক্ৰমণ অব্যাহত ৰখা হ’ব ৷’’ উল্লেখ্য যে, দীৰ্ঘদিন ধৰি পাকিস্তানৰ পৰা স্বাধীন বালুচিস্তান বিচাৰি সস্ত্ৰ সংগ্ৰাম কৰি আছে বালুচ লিবাৰেশ্যন আৰ্মী চমুকৈ বি এল এয়ে ৷ পাক চৰকাৰ বৈষ্যমতাৰ বাবে সংগঠনটোৱে হাতত অস্ত্ৰ তুলি লৈছিল বুলিও চৰ্চা হৈছিল ৷

ইফালে পাক সেনাৰ ওপৰত বি এল এয়ে চলোৱা আক্ৰমণৰ সন্দৰ্ভত পাক সেনাৰ তৰফৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৷

লগতে পঢ়ক : প্ৰথমবাৰৰ বাবে পাকিস্তানৰ সাধাৰণ নিৰ্বাচনত হিন্দু মহিলাৰ মনোনয়ন দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.