ETV Bharat / international

New World Bank President: বিশ্ব বেংকৰ মুৰব্বীৰ দায়িত্বৰ দিশে ভাৰতীয় মূলৰ অজয় বাংগা

author img

By

Published : Mar 31, 2023, 8:13 AM IST

বিগত ফেব্ৰুৱাৰী মাহত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ঘোষণা কৰিছিল যে আমেৰিকা যুক্তৰাষ্ট্ৰই অজয় বাংগাক বিশ্ব বেংকৰ নেতৃত্ব দিবলৈ মনোনীত কৰিব । কিয়নো তেওঁ ইতিহাসৰ এই সংকটজনক মুহূৰ্তত বিশ্ব প্ৰতিষ্ঠানটোৰ নেতৃত্ব দিবলৈ ভালদৰে সুসজ্জিত (Ajay Banga poised to become World Bank chief) ।

Ajay Banga
Ajay Banga

ইণ্টাৰনেচনেল ডেস্ক, ৩১ মাৰ্চ : ইণ্ডো-আমেৰিকান ব্যৱসায়িক নেতা অজয় বাংগা বিশ্ব বেংকৰ পৰৱৰ্তী অধ্য হ'বলৈ সাজু হৈছে (Ajay Banga to become next President of World Bank) । বিশ্ব বেংকৰ অধ্যক্ষ পদৰ বাবে মনোনয়নৰ সময়সীমা উকলি যোৱাৰ পিছত কোনো দেশেই এই সন্মানীয় পদটোৰ বাবে বিকল্প প্ৰাৰ্থীৰ প্ৰস্তাৱ নিদিত বাংগাৰৰ অধ্যক্ষ পদ একপ্ৰকাৰ নিশ্চিত হৈছে । উল্লেখ্য, বিগত ফেব্ৰুৱাৰী মাহত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ঘোষণা কৰিছিল যে আমেৰিকা যুক্তৰাষ্ট্ৰই অজয় বাংগাক বিশ্ব বেংকৰ নেতৃত্ব দিবলৈ মনোনীত কৰিব (Joe Biden announced US nominating Ajay Banga) । কিয়নো তেওঁ ইতিহাসৰ এক সংকটজনক মুহূৰ্তত বিশ্ব প্ৰতিষ্ঠানটোৰ নেতৃত্ব দিবলৈ সম্পূৰ্ণভাৱে সুসজ্জিত ।

বিশ্ব বেংকে বুধবাৰে ইয়াৰ পৰৱৰ্তী অধ্যক্ষৰ মনোনয়নৰ বাবে প্ৰদান কৰা এমাহ দীঘলীয়া সময়সীমা বন্ধ কৰে (World Bank President nomination process) । এই সময়ছোৱাত 63 বছৰীয়া বাংগাৰ কোনো বিকল্প কোনো দেশেই ঘোষণা কৰা নাই । Mastercard Inc.-ৰ প্ৰাক্তন মুৰব্বী বাংগাই (former Mastercard Inc chief Ajay Banga) বৰ্তমান জেনেৰেল আটলাণ্টিকত উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে । আনহাতে, বিশ্ব বেঙ্কৰ বোৰ্ডে বৃহস্পতিবাৰে ইয়াৰ বাছনি প্ৰক্ৰিয়াৰ পৰৱৰ্তী পদক্ষেপবোৰ ঘোষণা কৰাৰ আশা কৰা হৈছে আৰু মে' মাহৰ আৰম্ভণিতে বেংকটোৰ এজন নতুন নেতা নিশ্চিত কৰাৰ লক্ষ্য লোৱা হৈছে ।

"পৰৱৰ্তী কেইমাহমানৰ ভিতৰত আপোনালোকে বিশ্ব বেঙ্কক এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ মাজেৰে যোৱা দেখিব । আমি আশাকৰোঁ যে অজয় বাংগাৰ ৰাষ্ট্ৰপতি বাইডেনৰ মনোনীত ব্যক্তি হিচাপে বিশ্ব বেংকৰ অধ্যক্ষ নিৰ্বাচিত হ'ব (US president Joe Baiden) ।" আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোষাগাৰ সচিব জেনেট য়েলেনে বুধবাৰে আমেৰিকান কংগ্ৰেছত এনেদৰে কয় । "একবিংশ শতিকাৰ প্ৰত্যাহ্বানসমূহৰ ভালদৰে মোকাবিলা কৰিবলৈ প্ৰতিষ্ঠানটো বিকশিত কৰাৰ বাবে আমাৰ প্ৰগতি ত্বৰান্বিত কৰাৰ বাবে তেওঁক দায়িত্ব প্ৰদান কৰা হ'ব । এই বিৱৰ্তনে বেংকটোক ইয়াৰ গুৰুত্বপূৰ্ণ দৰিদ্ৰতা দূৰীকৰণ আৰু উন্নয়নৰ লক্ষ্য পূৰণ কৰাত সহায় কৰিব ।" য়েলেনে লগতে কয় ।

উল্লেখ্য, সকলো নিশ্চিত হ'লে আন্তৰ্জাতিক মুদ্ৰানিধি বা বিশ্ব বেংকৰ দৰে দুটা শীৰ্ষ আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠানৰ যিকোনো এটাৰ মুৰব্বী হোৱা বাংগা প্ৰথম ভাৰতীয়-আমেৰিকান আৰু শিখ-আমেৰিকান হ'ব । বাঙ্গাই বিশ্ব বেংকৰ বৰ্তমানৰ অধ্যক্ষ ডেভিদ মালপাছৰ স্থানত অভিষিক্ত হ'ব । তেওঁ নিজৰ কাৰ্যকাল সমাপ্ত হোৱাৰ প্ৰায় এবছৰ আগতে অহা জুন মাহত পদত্যাগ কৰিব । উল্লেখ্য যে জলবায়ু কাৰ্যৰ প্ৰতি বেংকটোৰ প্ৰতিশ্ৰুতি আৰু জলবায়ু পৰিৱৰ্তনৰ ওপৰত তেওঁৰ ব্যক্তিগত দৃষ্টিভংগীক লৈ মালপাছে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল ।

ইফালে বিগত সপ্তাহত চীনে বাংগাক সমৰ্থন কৰাৰ বিষয়টো সন্দেহজনক বুলি প্ৰকাশ পাইছিল । কিয়নো এই প্ৰসংগত চীনৰ মন্তব্য আছিল, যোগ্যতাৰ ওপৰত নিৰ্ভৰ কৰি "অন্যান্য সাম্ভাৱ্য প্ৰাৰ্থী"ক সমৰ্থন কৰাৰ বাবে ই "মুকলি" থাকিব । অৱশ্যে বাঙ্গাই ভাৰতকে ধৰি সমগ্ৰ বিশ্বৰ মুখ্য দেশসমূহৰ পৰা অভূতপূৰ্ব সমৰ্থন লাভ কৰিছে । আনহাতে, মনোনয়নৰ পিছত বাঙ্গাই তেওঁ সমৰ্থনৰ বাবে কেইবাখনো দেশ ভ্ৰমণ কৰিছে ।

উল্লেখ্য, চাৰিগৰাকী নোবেল বঁটা বিজয়ীকে ধৰি ৫৫ জন অধিবক্তা, শিক্ষাবিদ, কাৰ্যবাহী, বিশিষ্ট ব্যক্তি আৰু প্ৰাক্তন চৰকাৰী বিষয়াৰ এক মিত্ৰজোঁটে বিশ্ব বেংকৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে বাংগাৰ মনোনয়নক আদৰণি আৰু সমৰ্থন কৰিবলৈ এখন মুকলি-পত্ৰ লিখিছিল । বাংগা সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ পৰ্যবেক্ষণ, ভাৰতত ডাঙৰ-দীঘল হোৱা বাংগাৰ উন্নয়নশীল দেশসমূহে সন্মুখীন হোৱা সুযোগ আৰু প্ৰত্যাহ্বান আৰু দৰিদ্ৰতা হ্ৰাস আৰু সমৃদ্ধি সম্প্ৰসাৰণৰ বাবে বিশ্ব বেংকে কেনেদৰে ইয়াৰ উচ্চাকাংক্ষী কাৰ্যসূচী পালন কৰিব পাৰে তাৰ ওপৰত এক অনন্য দৃষ্টিভংগী আছে ।

তেওঁ মধ্য আমেৰিকাৰ বাবে অংশীদাৰিত্বৰ উপ-সভাপতি হিচাপে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ সৈতেও ঘনিষ্ঠভাৱে কাম কৰিছে । তেওঁক ২০১৬ চনত পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল ।

লগতে পঢ়ক :Wall street journal reporter detained : চোৰাংচোৱাৰ সন্দেহত ৱাল ষ্ট্ৰীট জাৰ্নেলৰ সাংবাদিকক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.