ETV Bharat / international

Fire at Air China jetliner: ছিংগাপুৰত চীনৰ যাত্ৰীবাহী বিমানত অগ্নিকাণ্ড

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 12:53 PM IST

চীনৰ এয়াৰবাছত অগ্নিকাণ্ড । ছিংগাপুৰ বিমানবন্দৰত যাত্ৰীবাহী বিমানখনৰ জৰুৰী অৱতৰণ । ৯ গৰাকী যাত্ৰী আহত হোৱাৰ খবৰ পোৱা গৈছে ।

Fire at Air China jetliner
ছিংগাপুৰত চীনৰ যাত্ৰীবাহী বিমানত অগ্নিকাণ্ড

ইণ্টাৰনেশ্যনেল ডেস্ক, ১১ ছেপ্টেম্বৰ : ছিংগাপুৰ বিমানবন্দৰত অভাৱনীয় পৰিস্থিতি । এয়াৰ চাইনাৰ এখন বিমানত অগ্নিকাণ্ডৰ পাছতে যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় । ছিংগাপুৰত অৱতৰণৰ সময়তে এয়াৰ চাইনা বিমানৰ ইঞ্জিনত জুইৰ সূত্ৰপাত হয় । ফলত সেই জুইৰ ধোঁৱাই বিমানখনৰ কেবিন আৱৰি ধৰে । এনে পৰিস্থিতিত বিমানখনৰ ৯ গৰাকী যাত্ৰী আহত হোৱাৰ খবৰ পোৱা গৈছে । চাংগি বিমানবন্দৰৰ চৰকাৰী সূত্ৰই ফেচবুক পেজৰ এক বিবৃতিত কয় যে ১৪৬ গৰাকী যাত্ৰী আৰু ৯ গৰাকী কৰ্মচাৰীৰ সৈতে এয়াৰবাছ A-৩২০ খনে দেওবাৰে আবেলি প্ৰায় ৪:১৫ বজাত জৰুৰী অৱতৰণ কৰে । বিমানখন চীনৰ চিচুয়ান প্ৰদেশৰ চেংডু চহৰৰ পৰা আহিছিল ।

এই চৰকাৰী বিবৃতিত কোৱা হৈছে যে ধোঁৱাৰ ফলত একাংশ যাত্ৰীয়ে উশাহ লোৱাত কষ্ট পায় । আনহাতে একাংশ যাত্ৰী হুলস্থূলৰ মাজতে আঘাতপ্ৰাপ্ত হয় । বিমানখনৰ পাইলটজনে ফৰৱাৰ্ড কাৰ্গো হোল্ড আৰু শৌচাগাৰত ধোঁৱা ওলোৱাৰ প্ৰতিবেদন দিয়াৰ পাছতে জৰুৰীকালীন অৱতৰণ কৰে । ইফালে ধোঁৱাৰ ফলত কেবিনৰ লাইটবোৰ অস্পষ্ট হৈ পৰে আৰু বিমানৰ কৰ্মচাৰীসকলে যাত্ৰীসকলক শান্ত হৈ থাকিবলৈ আৰু তেওঁলোকৰ আসনত থাকিবলৈ অনুৰোধ জনায় । কিন্তু আতংকিত হৈ একাংশ যাত্ৰীয়ে আসনৰ পৰা উঠি গৈছিল ।

বিমানখন অৱতৰণ কৰাৰ পাছত বাওঁ ইঞ্জিনৰ জুই তাৎক্ষণিকভাৱে নিৰ্বাপিত কৰা হয় । এয়াৰ চাইনাই সোমবাৰে পুৱতি নিশা সামাজিক মাধ্যমৰ পোষ্টত কয় যে প্ৰাথমিক অনুসন্ধানত ইঞ্জিনৰ যান্ত্ৰিক বিফলতাৰ বাবে অগ্নিসংযোগ হোৱাৰ তথ্য পোহৰলৈ আহিছে । ঘটনাটোৰ তদন্ত অব্যাহত আছে বুলিও কোৱা হৈছে ।

লগতে পঢ়ক :Terrorists killed: নিৰাপত্তাৰক্ষীৰ গুলীত পাকিস্তানত নিহত 7 সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.