ইণ্টাৰনেশ্যনেল ডেস্ক, 25 অক্টোবৰ: কানাডাত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা ৷ দুজন লোকৰ লগতে গুলীচালনাত মৃত্যু ঘটিল 3 জনকৈ কিশোৰৰ ৷ দেশখনৰ উত্তৰ অন্টাৰিঅ’ চহৰত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা ৷ মঙলবাৰে সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা ৷
কানাডাৰ আৰক্ষীয়ে বুধবাৰে জানিবলৈ দিয়া মতে, উত্তৰ অন্টাৰিঅ’ চহৰত তিনিটি কিশোৰ আৰু অভিযুক্ত গুলীচালনাকাৰীকে ধৰি পাঁচজন লোকৰ বন্দুকৰ গুলীত মৃত্যু ঘটিছে ৷ আটাইকেইজনকে মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে ।
ওচৰা-ওচৰিকৈ থকা দুটা ঘৰত এই গুলীচালনাৰ ঘটনা সংঘটিত হৈছে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ৷ আৰক্ষীয়ে এই ঘটনা সংগীৰ মাজত হোৱা সংঘাতৰ ফলত হোৱা বুলি প্ৰাথমিক পৰ্যায়ত সন্দেহ প্ৰকাশ কৰিছে । মঙলবাৰে স্থানীয় সময় অনুসৰি নিশা প্ৰায় 10.30 বজাত সংঘটিত হোৱা গুলীচালনাৰ ফলত 6 আৰু 7 বছৰীয়া দুটি কিশোৰ, 12 বছৰীয়া কিশোৰ আৰু 41বছৰীয়া এজন যুৱকৰ মৃত্যু ঘটে ।
কানাডাৰ আৰক্ষীয়ে জনোৱা মতে, নিশা প্ৰায় 10.20 বজাত ঘটনা সন্দৰ্ভত আৰক্ষীলৈ এটা ফোন আহে ৷ ইয়াৰ পিচতেই আৰক্ষীয়ে টেংক্ৰেড ষ্ট্ৰীটৰ এটা ঘৰত গুলীৰ আঘাতত মৃত্যু হোৱা এজন 41 বছৰীয়া ব্যক্তিক উদ্ধাৰ কৰে । 10 মিনিটৰ পাছত আৰক্ষীলৈ আন এটা ফোন আহে আৰু সমীপৰ আন এটা বাসগৃহত বন্দুকৰ গুলীৰ শব্দ হোৱা বুলি স্থানীয় লোকে আৰক্ষীক অৱগত কৰে । এই স্থানৰ পৰা আৰক্ষীয়ে তিনিটাকৈ গুলীবিদ্ধ কিশোৰক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
কানাডাৰ স্থানীয় সংবাদ পত্ৰত প্ৰকাশ কৰা অনুসৰি তেওঁলোকৰ উপৰিও বিষয়াসকলে এজন 44 বছৰীয়া যুৱকৰ মৃতদেহও ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে ৷ যিজনে নিজে নিজক বন্দুকেৰে গুলীয়াইছিল বুলি আৰক্ষীয়ে জনায় । দুটাকৈ স্থানত সংঘটিত এই হত্যাৰ ঘটনাবোৰ ইটো সিটোৰ সৈতে জড়িত আৰু প্ৰাথমিক তদন্তত এয়া সম্পৰ্কৰ মাজত সৃষ্টি হোৱা সংঘাত বুলি আৰক্ষীয়ে কয় ।
লগতে পঢ়ক: Sikh man attack : আমেৰিকাত শিখধৰ্মী লোকৰ ওপৰত আক্ৰমণ, নিউয়ৰ্কত এসপ্তাহত দুটাকৈ ঘটনা