ETV Bharat / international

UN Prize for Press Freedom : ৩ কাৰাবন্দী ইৰাণী মহিলা সাংবাদিকলৈ ৰাষ্ট্ৰসংঘৰ শীৰ্ষ পুৰস্কাৰ

author img

By

Published : May 3, 2023, 12:50 PM IST

তিনিগৰাকী কাৰাবন্দী ইৰাণী মহিলা সাংবাদিকৰ নাম মঙলবাৰে সংবাদ মাধ্যমৰ স্বাধীনতাৰ বাবে ৰাষ্ট্ৰসংঘৰ প্ৰধান পুৰস্কাৰৰ (United Nations premier prize for press freedom) বিজয়ী হিচাপে ঘোষণা কৰা হৈছে । এই তিনিগৰাকী বঁটাবিজয়ী হৈছে নিলুফাৰ হামেদী, ইলাহেহ মহম্মদী আৰু নাৰ্গিছ মহম্মদী । তেওঁলোকক "সত্য আৰু দায়বদ্ধতাৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ বাবে" প্ৰশংসা কৰা হৈছে ।

UN Prize for Press Freedom
UN Prize for Press Freedom

ইণ্টাৰনেচনেল ডেস্ক, ৩ মে' : ৰাষ্ট্ৰসংঘই মঙলবাৰে নিশা ঘোষণা কৰে সংবাদ মাধ্যমৰ স্বাধীনতাৰ বাবে ইয়াৰ শীৰ্ষ সন্মান প্ৰাপকৰ নাম (UN premier prize for press freedom declared) । এইবাৰ এই বঁটা লাভ কৰিছে ইৰানৰ তিনিগৰাকী কাৰাবন্দী মহিলা সাংবাদিকে (3 imprisoned Iranian female journalists) । তেওঁলোকক "সত্য আৰু দায়বদ্ধতাৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ বাবে" এই বঁটা প্ৰদান কৰা হৈছে ।

বিজয়ীসকল হৈছে নিলুফাৰ হামেদী (Niloufar Hamedi), ইলাহেহ মহম্মদী (Elaheh Mohammadi) আৰু নাৰ্গিছ মহম্মদী (Narges Mohammadi) । ইয়াৰে নিলুফাৰ হামেদীয়ে বিগত ছেপ্টেম্বৰত 22 বছৰীয়া মাহচা আমিনীৰ আৰক্ষীৰ জিম্মাত ৰহস্যজনক মৃত্যুৰ বাতৰি প্ৰকাশ কৰিছিল । আনহাতে, ইলাহেহ মহম্মদীয়ে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ বিষয়ে লিখিছিল (Mahsa Amini of Iran murder case) ।

উল্লেখ্য, আমিনীৰ মৃত্যুৱে সমগ্ৰ ইৰানৰ কেইবাখনো চহৰত কেইবামাহো ধৰি চলি থকা প্ৰতিবাদক স্পৰ্শ কৰিছিল । ২০০৯ চনৰ সেউজ আন্দোলনৰ প্ৰতিবাদৰ পিছত এই প্ৰদৰ্শনে ইছলামিক গণৰাজ্যৰ বাবে আটাইতকৈ গুৰুতৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল । তৃতীয়গৰাকী বিজয়ী নাৰ্গিছ মহম্মদীয়ে এগৰাকী সাংবাদিক হিচাপে বছৰ ধৰি বহুতৰে বাবে কাম কৰিছে আৰু তেওঁ হৈছে ইৰাণৰ অন্যতম বিশিষ্ট সামাজিক কৰ্মী ।

ৰাষ্ট্ৰসংঘৰ শৈক্ষিক বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম পুৰস্কাৰ (UNESCO World Press Freedom Prize) কলম্বিয়াৰ সাংবাদিক গুইলাৰ্মো কানোৰ নামত উছৰ্গা কৰা হৈছে । তেওঁক ১৯৮৬ চনৰ ১৭ ডিচেম্বৰত বোগোটাত তেওঁৰ বাতৰিকাকত এল এস্পেক্টাডৰৰ কাৰ্যালয়ৰ সন্মুখত হত্যা কৰা হৈছিল । ইউনেস্কোৱে ১৯৯৭ চনৰ পৰা ৩ মে'ত বিশ্ব সংবাদ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি এই পুৰস্কাৰ প্ৰদান কৰি আহিছে (World Press Freedom Day) ।

ইউনেস্কোৰ মহানিৰ্দেশক অড্ৰে আজোলে নিউয়ৰ্কত এক অনুষ্ঠানত এই বঁটা বিজয়ীসকলৰ নাম ঘোষণা কৰি এইদৰে কয় : "বৰ্তমান পূৰ্বতকৈ অধিক মহিলা সাংবাদিকসকলক শ্ৰদ্ধাঞ্জলি জনোৱাটো গুৰুত্বপূৰ্ণ বিষয়, যিসকলক তেওঁলোকৰ কাম কৰিবলৈ বাধা দিয়া হয় আৰু যিসকলে তেওঁলোকৰ ব্যক্তিগত সুৰক্ষাৰ প্ৰতি ভাবুকি আৰু আক্ৰমণৰ সন্মুখীন হয় ।" আনহাতে, বিজয়ীসকলক বাছনি কৰা মিডিয়া পেছাদাৰীসকলৰ আন্তৰ্জাতিক জুৰীৰ অধ্যক্ষ জয়নাব চালবিয়ে কয় যে তিনিওগৰাকী বিজয়ীৰ সাহসী কাৰ্যই "এক ঐতিহাসিক নাৰী নেতৃত্বাধীন বিপ্লৱ" পৰিচালিত কৰিছিল ।

"তেওঁলোকে সংবাদ যুগুতোৱা আৰু সত্য প্ৰকাশ কৰাৰ প্ৰতিশ্ৰুতিৰ বাবে এক বৃহৎ মূল্য পৰিশোধ কৰিছে । আৰু তাৰ বাবে আমি তেওঁলোকক সন্মান জনোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু নিশ্চিত কৰিছোঁ যে তেওঁলোক সুৰক্ষিত আৰু মুক্ত নোহোৱালৈকে বিশ্বজুৰি তেওঁলোকৰ কণ্ঠস্বৰ প্ৰতিধ্বনিত হৈ থাকিব ।" চালবিয়ে লগতে কয় । উল্লেখ্য, এপ্ৰিলৰ শেষৰ ফালে ইৰাণৰ ন্যায়পালিকাই স্বীকাৰ কৰে যে আমিনীৰ মৃত্যুৰ বাতৰি প্ৰকাশ কৰা দুগৰাকী সাংবাদিক হামেদী আৰু ইলাহেহ মহম্মদী আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে সহযোগিতাৰ কাম কৰিছিল । তেওঁলোকক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিৰুদ্ধে কাম কৰা আৰু "শাসন ব্যৱস্থাৰ বিৰুদ্ধে অপপ্ৰচাৰ" সৃষ্টি কৰাৰ অভিযোগত তেওঁলোকক অভিযুক্ত কৰা হৈছে ।

লগতে পঢ়ক Sudan clash : কাইলৈৰ পৰা ছুডানত যুদ্ধ বিৰতি

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.