ইন্টাৰনেশ্যনেল ডেস্ক,১৬ এপ্ৰিল: শনিবাৰে চুডানী সেনাৰ সৈতে এটা অৰ্ধসামৰিক গোটৰ মাজত সংঘটিত হোৱা সংঘৰ্ষত প্ৰাণ হেৰুৱাই প্ৰায় ২৫ জন লোকে (Clashes between a paramilitary group and Sudanese army) । সংঘৰ্ষত গুৰুতৰভাৱে আহত হয় প্ৰায় ১৮৩ জন লোক । খাৰ্তুমৰ ৰাজধানীৰ ওচৰত সংঘটিত হোৱা এই সংঘৰ্ষত হতাহতৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷
জানিব পৰা মতে, খাৰ্তুমৰ ফেদাইল চিকিৎসালয়ত যোৱা কেইবাঘণ্টাৰ ভিতৰত কেইবাডজন আহত নাগৰিক আৰু সামৰিক কৰ্মীক ভৰ্তি কৰোৱা হয় বুলি এক বিশেষ সূত্ৰযোগে জানিব পৰা গৈছে (Fedail Hospital in central Khartoum) । আহতসকলৰ ভিতৰত কিছুসংখ্যকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । ইয়াৰ পূৰ্বে এক বিবৃতিত চুডানী ডক্টৰ্ছ ট্ৰেড ইউনিয়নে তিনিজন পেৰামিলিটাৰী গ্ৰুপৰ সদস্যৰ মৃত্যুৰ খবৰ ৰাজহুৱা কৰিছিল । যাৰ ভিতৰত দুজন খাৰ্তুম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নিহত হৈছিল (25 people killed and 183 injured in Sudan clashes) ।
ইফালে, ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ' গুটেৰেছে চুডানত পেৰামিলিটাৰী আৰু চুডানৰ সশস্ত্ৰ বাহিনীৰ মাজত সংঘটিত হোৱা সংঘৰ্ষক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে । এক বিবৃতিযোগে মহাসচিবগৰাকীয়ে পেৰামিলিটাাৰী আৰু চুডানী সশস্ত্ৰ বাহিনীৰ নেতাসকলক তৎক্ষণাৎ শত্ৰুতা বন্ধ কৰি, শান্ত হৈ বৰ্তমানৰ সংকট সমাধানৰ বাবে আলোচনা আৰম্ভ কৰিবলৈ আহ্বান জনায় । যুঁজত আৰু অধিক বৃদ্ধি হ'লে অসামৰিক লোকসকলৰ ওপৰত এক ধ্বংসাত্মক প্ৰভাৱ পৰিব আৰু দেশৰ ইতিমধ্যে অনিশ্চিত মানৱীয় পৰিস্থিতি অধিক বৃদ্ধি পাব বুলি উল্লেখ কৰে ।
আনহাতে ভাৰতীয় দূতাবাসেও (Indian embassy) ভাৰতীয়সকলক চুডান ভ্ৰমণৰ পৰিকল্পনা স্থগিত ৰাখিবলৈ আহ্বান জনাই । এক টুইটযোগে ভাৰতীয় দূতাবাসে শনিবাৰে প্ৰকাশকৰে যে, চুডান ভ্ৰমণৰ পৰিকল্পনা কৰা ভাৰতীয়সকলে তেওঁলোকৰ ভ্ৰমণ স্থগিত ৰাখক । অনুগ্ৰহ কৰি শান্ত হৈ থাকক আৰু আপডেটৰ বাবে অপেক্ষা কৰক । চুডানৰ সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ মাজত সংঘৰ্ষৰ পাচতে ভাৰতীয় দূতাবাসৰ পৰা সতৰ্কবাণী প্ৰেৰণ কৰা হয় ।
উল্লেখ্য যে, চুডানত সশস্ত্ৰ বাহিনীৰ প্ৰতিদ্বন্দী দলসমূহৰ মাজত সংঘৰ্ষৰ খবৰ পোৱা গৈছিল আৰু শনিবাৰে পুৱাৰভাগত খাৰ্তুমৰ বিভিন্ন স্থানত কেইবাটাও গুলীবৰ্ষণ আৰু বিস্ফোৰণ প্ৰত্যক্ষ কৰা হৈছিল । পৰৱৰ্তী সময়ত সংঘৰ্ষ যথেষ্ট বৃদ্ধি পাইছিল । পিচৰ সময়চোৱাত দিনটোত চুডানৰ অৰ্ধসামৰিক গোট ৰেপিড চাপোৰ্ট ফ'ৰ্চে ৰাষ্ট্ৰপতি প্ৰাসাদৰ নিয়ন্ত্ৰণ লাভ কৰা বুলি দাবী কৰিছিল ।
বহুতো ভিডিঅ' ছচিয়েল মিডিয়াত প্ৰচাৰিত হৈছিল য'ত চহৰখনৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ৰানৱেৰ ওপৰেৰে সশস্ত্ৰ যুঁজাৰুসকলে গাড়ী চলাই থকা দেখা গৈছিল, য'ত প্ৰচণ্ড গুলীবৰ্ষণৰ শব্দ শুনা গৈছিল । চুডানৰ সামৰিক বাহিনীৰ অভ্যুত্থানৰ ১৮ মাহৰ পিচত এই মাহত অসামৰিক নেতৃত্বাধীন চৰকাৰক নিয়ন্ত্ৰণ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল । তথাপিও, এই সময়চোৱাতে জেনেৰেল আল-বুৰহান আৰু জেনেৰেল হামদানৰ মাজত প্ৰতিদ্বন্দিতা দেখা গৈছে, যাক হেমেটি বুলিও কোৱা হয় ।
লগতে পঢ়ক: AASU Bihu at Kaliabor : ঢোল-পেঁপাৰ মাতত ৰজনজনাইছে কলিয়াবৰৰ গান্ধী পথাৰ