ETV Bharat / international

Indian origin killed in Hamas attack: হামাছৰ আক্ৰমণত ভাৰতীয় মূলৰ দুগৰাকী ইজৰাইলী মহিলা নিৰাপত্তা বিষয়া নিহত

author img

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 10:30 AM IST

ইজৰাইলৰ দক্ষিণ অঞ্চলত ৭ অক্টোবৰত হামাছে সংঘটিত কৰা ভয়ানক আক্ৰমণত কেইবাগৰাকী ভাৰতীয় মূলৰ ইজৰাইলী মহিলা হতাহত হয় ৷ এই আক্ৰমণত দুগৰাকী ভাৰতীয় মূলৰ ইজৰাইল মহিলা নিৰাপত্তাৰক্ষী নিহত হোৱাৰ লগতে আহত হয় আন কেইবাগৰাকী ৷ হামাছৰ বৰ্বৰ আক্ৰমণৰ কথা সুঁৱৰি এতিয়াও আতংকিত হৈ পৰে তেওঁলোক ৷

Israel Palestine War
হামাছৰ আক্ৰমণত ভাৰতীয় মূলৰ দুগৰাকী ইজৰাইলী মহিলা নিৰাপত্তা বিষয়া নিহত

ইন্টাৰনেশ্যনেল, ১৬ অক্টোবৰ: ইজৰাইলৰ দক্ষিণ অঞ্চলত ৭ অক্টোবৰত হামাছে সংঘটিত কৰা ভয়ানক আক্ৰমণত ভাৰতীয় মূলৰ দুগৰাকী ইজৰাইল মহিলা নিৰাপত্তাৰক্ষী বিষয়া নিহত হয় ৷ দেওবাৰে চৰকাৰী সূত্ৰ আৰু সম্প্ৰদায়ৰ লোকে এই কথা নিশ্চিত কৰিছে । চৰকাৰী সূত্ৰই নিশ্চিত কৰিছে যে ৭ অক্টোবৰত হামাছে সংঘটিত কৰা আক্ৰমণত আছডোডৰ হোম ফ্ৰণ্ট কমাণ্ডৰ কামাণ্ডাৰ ২২ বছৰীয়া লেফটেনেণ্ট আৰ মোছেছ আৰু আৰক্ষীৰ কেন্দ্ৰীয় জিলাৰ সীমান্তৰ নিৰীক্ষক কিম ডকাৰকাৰক(২২) হত্যা কৰা হৈছে । দুয়োগৰাকী মহিলা বিষয়াই যুদ্ধৰ সময়ত কৰ্তব্য পালন কৰি মৃত্যুক সাৱটি লয় ।

সেনা বিষয়াৰ মতে, এই যুদ্ধত এতিয়ালৈকে ২৮৬ জন সেনা জোৱান আৰু ৫১ জন আৰক্ষী বিষয়া নিহত হৈছে । ইজৰাইলে মৃতকৰ পৰিচয় চিনাক্তকৰণ প্ৰক্ৰিয়া চলাই যোৱাৰ লগতে নিৰুদ্দেশ তথা সম্ভৱতঃ অপহৰণ কৰা লোকসকলৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে । ইফালে এই আক্ৰমণৰ সময়তে সহপাঠীৰ সৈতে কোনোমতে প্ৰাণ ৰক্ষা পৰে ভাৰতীয় মূলৰ ২৪ বছৰীয়া যুৱতী শ্বাহাফ টাকৰৰ । শ্বাহাফৰ ককা ইয়াকোভে ১৯৬৩ চনত ১১ বছৰ বয়সত মুম্বাইৰ পৰা গৈ ইজৰাইলত বসতি স্থাপন কৰিছিল । তেওঁ উত্তৰ ইজৰাইলৰ পেটাহ টিকভাত থাকে ।

ইয়াকোভে তেওঁৰ নাতিনীয়েকে এতিয়াও এই ভয়াবহ অভিজ্ঞতাৰ কখা সুঁৱৰি আতংকিত হৈ পৰাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ কয়, ‘আজি পুৱাই শ্বাহাফে ৰেভ মিউজিক পাৰ্টিত হত্যাকাণ্ডত নিহত হোৱা বন্ধু কেইজনমানৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰে । ৰেভ মিউজিক পাৰ্টিত হামাছে চলোৱা আক্ৰমণত প্ৰায় ২৭০ গৰাকী নিহত হয় ।ছাহাফে বন্ধু য়ানিৰৰ সৈতে পাৰ্টি উপভোগ কৰি থকা সময়তে তেওঁৰ মূৰৰ ওপৰেৰে ৰকেট যোৱা দেখা পোৱা কথা জানিবলৈ দিয়ে ।

ছাহাফে কয়, ‘আমি দৌৰি গাড়ীত উঠি দ্ৰুতগতিত পলায়নৰ চেষ্টা কৰো ৷ আৰক্ষীয়ে আমাক সোঁফালে গাড়ী ঘূৰিবলৈ কয় যদিও সেইটো পথেৰে টেল আভিভলৈ যাব নোৱাৰাৰ বাবে আমি আনফালে যাও ৷ আমাৰ এই ভুলৰ ফলত আমাৰ জীৱন ৰক্ষা পৰিল কাৰণ তেওঁলোকে (আক্ৰমণকাৰীয়ে) সেই স্থানত পথ অৱৰোধ কৰি আমাৰ বাবে অপেক্ষা কৰি আছিল ৷ ছাহাফে জানিবলৈ দিয়া মতে, তিনিখন ভেনত প্ৰায় আঠটা আক্ৰমণকাৰী আছিল ।

ইফালে সূত্ৰৰ পৰা জানিব পৰা মতে, এই আক্ৰমণত আহত কেৰালাৰ নাৰ্ছ শ্বীজা আনন্দৰ অৱস্থা বৰ্তমান সুস্থিৰ ৷ হামাছে ৭ অক্টোবৰত উত্তৰ ইজৰাইলৰ আচকলন চহৰত চলোৱা ৰকেট আক্ৰমণত শ্বীজা আহত হৈছিল । চিকিৎসাৰ বাবে তেওঁক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ।

লগতে পঢ়ক: Israel Palestin Conflict : হামাছৰ গোপন অস্ত্ৰ ! গাজাত স্থল আক্ৰমণ আৰম্ভ কৰাৰ সময়ত কি অপেক্ষা কৰি আছে ইজৰাইলৰ বাবে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.