ETV Bharat / international

Ukraine Russia war : ৰাছিয়াৰ মিছাইল আক্ৰমণত ধৰাশায়ী কিভ চহৰ

author img

By

Published : Jan 27, 2023, 10:54 AM IST

ইউক্ৰেইনত শেহতীয়াকৈ ৰাছিয়াই কৰা মিছাইল আক্ৰমণত ১১ গৰাকী লোকৰ মৃত্যু হৈছে (Russian missile strike killed 11 in Ukraine)। ৩৫ টাকৈ অট্টালিকা ক্ষতিগ্ৰস্ত হোৱাৰ তথ্য পোৱা গৈছে । এই আক্ৰমণত ইউক্ৰেইনৰ কিভ অঞ্চল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে ।

Ukraine Russia war
ৰাছিয়াৰ মিছাইল আক্ৰমণত ধৰাশায়ী কিভ চহৰ

ইণ্টাৰনেশ্যনেল ডেস্ক,২৭ জানুৱাৰী : ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত সংঘৰ্ষ এতিয়াও অব্যাহত আছে (Ukraine Russia war)। ধাৰাবাহিকভাৱে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত আক্ৰমণ কৰি আছে । এইবাৰ পুনৰ ইউক্ৰেইনত ৰাছিয়াৰ মিছাইল আক্ৰমণ (Russian missile strike in Ukraine)। বৃহস্পতিবাৰে ৰাছিয়াৰ এই মিছাইল আক্ৰমণৰ ফলত প্ৰায় ১১ জনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । এই আক্ৰমণত আন ১১ গৰাকী লোক আহত হোৱাৰ তথ্য পোৱা গৈছে ।

ইউক্ৰেইনৰ ৰাজ্যিক জৰুৰীকালীন সেৱাৰ মুখপাত্ৰ অ'লেক্সেন্দ্ৰ খোৰুঞ্জিয়ে এক বিবৃতিত কয় যে ৰাছিয়াৰ মিছাইল আক্ৰমণৰ পাছতে প্ৰায় ১০০ জনীয়া উদ্ধাৰকাৰী দলে লোকসকলক উদ্ধাৰত ব্ৰতী হৈ আছে । ইফালে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক মন্ত্ৰালয়ে (US condemns Russian missile strike in Ukraine)। আক্ৰমণক গৰিহণা দিয়াৰ লগতে আৰু আঘাতপ্ৰাপ্ত লোকসকলৰ প্ৰতিও সহানুভূতি প্ৰকাশ কৰিছে আমেৰিকাই ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতিত কয় যে সকলোৱে দেখিছে ৰাছিয়াই কেনেদৰে নিশা ইউক্ৰেইনত মিছাইল আক্ৰমণ অব্যাহত ৰাখিছে । সমগ্ৰ ইউক্ৰেইনত নিহত সকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক মন্ত্ৰালয়ৰ প্ৰধান উপ মুখপাত্ৰ বেদান্ত পেটেলে (Russian missile strike killed 11 in Ukraine)। ইফালে এই সংঘৰ্ষৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু জাৰ্মানীয়ে ইউক্ৰেইনক যুদ্ধ টেংকাৰ প্ৰদান কৰিবলৈ সন্মতি প্ৰদান কৰিছে ।

জানিব পৰা মতে মিছাইল আক্ৰমণত ৩৫ টাকৈ অট্টালিকা ক্ষতিগ্ৰস্ত হৈছে আৰু দুটাত জুই লাগিছে (35 buildings damaged in Russia attack)। ইউক্ৰেইন কৰ্তৃপক্ষৰ মতে মিছাইল আক্ৰমণৰ ফলত সমগ্ৰ ইউক্ৰেইনৰ ১১ টা অঞ্চলত ক্ষতি সাধন হৈছে । ইয়াৰে বেছি ক্ষতি কিভ অঞ্চলত হৈছে । আক্ৰমণৰ পাছত বিদ্যুৎ সেৱা বন্ধ হৈ পৰিছে, যাৰ বাবে চিকিৎসালয়ৰ দৰে সামাজিক অনুষ্ঠানবোৰত প্ৰশাসনে ৮৮ টাকৈ বিদ্যুৎ জেনেৰেটৰ সংযোগ কৰিছে বুলিও কৰ্তৃপক্ষই অৱগত কৰিছে ।

ইফালে যোৱা সপ্তাহত, ৰাছিয়াৰ মিছাইল আক্ৰমণৰ ফলত ডিনিপ্ৰো চহৰৰ এটা এপাৰ্টমেণ্টত কমেও ৩০ গৰাকী লোক নিহত হৈছিল (Missile strike of Russia)। আনহাতে স্থানীয় প্ৰশাসনৰ মতে ৩০ গৰাকীৰো অধিক লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । তাৰ ভিতৰত ১২ গৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । আনহাতে মিছাইল আক্ৰমণৰ ফলত হোৱা ধ্বংসাৱশেষৰ তলত এতিয়াও ৩০-৪০ গৰাকী লোক আৱদ্ধ হৈ থাকিব পাৰে বুলি সন্দেহ কৰা হৈছে ।

বাতৰি অনুসৰি পূব-মধ্য ইউক্ৰেইন চহৰৰ ৯ মহলীয়া এপাৰ্টমেণ্টৰ ধ্বংসস্তূপৰ তলৰ পৰা সহায়ৰ বাবে চিঞৰ-বাখৰ শুনি জৰুৰীকালীন কৰ্মীসকলে অভিযান চলাইছিল যদিও তুষাৰপাত আৰু প্ৰচণ্ড শীতৰ বাবে সেই অভিযান সফল হোৱা নাছিল । উল্লেখ্য যে অক্টোবৰ মাহৰ পৰাই ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত শক্তি প্ৰদৰ্শনৰ বাবে মিছাইল আৰু ড্ৰোণৰ দ্বাৰা বোমাবর্ষণ কৰি আহিছে ।

লগতে পঢ়ক:Nepal Plane Crash : নেপালৰ দুৰ্ঘটনাত পতিত বিমানৰ ব্লেক বক্স প্ৰেৰণ কৰিব ছিংগাপুৰলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.