ইণ্টাৰনেশ্যনেল ডেস্ক,২৮ নৱেম্বৰ : ইজৰাইল আৰু হামাছৰ যুদ্ধবিৰতিৰ আজি চতুৰ্থ দিন । যুদ্ধবিৰতি চুক্তিৰ অধীনত দুয়োপক্ষই বন্দীসকলক মুকলি কৰি দিছে । তাৰ অংশ হিচাপে মঙলবাৰে হামাছে ১১ গৰাকী ইজৰাইলী বন্দীক মুকলি কৰি দিছে । ইয়াৰ বিনিময়ত ইজৰাইলেও ৩৩ গৰাকী পেলেষ্টাইনী বন্দীক মুকলি কৰি দিছে । কাটাৰৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মজিদ আল-আনছাৰীয়ে যুদ্ধবিৰতি চুক্তিৰ চতুৰ্থ দিনৰ কথা উল্লেখ কৰি কৈছে যে ৩৩ গৰাকী পেলেষ্টাইনী নাগৰিকৰ বিনিময়ত হামাছে ইজৰাইলী বন্দীসকলক মুকলি কৰি দিছে ।
-
Israeli military says 11 hostages leaving Gaza https://t.co/A3w4Otk1FD
— RONALD McGINLEY (@RonaldMacfhion) November 28, 2023 " class="align-text-top noRightClick twitterSection" data="
">Israeli military says 11 hostages leaving Gaza https://t.co/A3w4Otk1FD
— RONALD McGINLEY (@RonaldMacfhion) November 28, 2023Israeli military says 11 hostages leaving Gaza https://t.co/A3w4Otk1FD
— RONALD McGINLEY (@RonaldMacfhion) November 28, 2023
সংবাদ মাধ্যমত প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি হামাছে ইজৰাইলী লোকসকলক ৫২ দিন ধৰি বন্দী কৰি ৰাখিছিল । ৰেড ক্ৰছে প্ৰকাশ কৰা তথ্য অনুসৰি, মুকলি কৰা ১১ গৰাকী ইজৰাইলী বন্দী ইতিমধ্যে ইজৰাইলী অঞ্চললৈ ৰাওনা হৈছে । তদুপৰি, গাজাৰ পৰা মুকলি কৰা ১১ গৰাকী ইজৰাইলী বন্দীক ৫ টা পৰিয়ালৰ সদস্য বুলি চিনাক্ত কৰা হৈছে । অৱশ্যে পৰিয়ালকেইটাৰ এজনকৈ সদস্য এতিয়াও বন্দী হৈ আছে । মুকলি কৰা বেছি সংখ্যকে ১৮ বছৰৰ তলৰ বুলি জানিব পৰা গৈছে ।
-
They are finally FREE.
— Oli London (@OliLondonTV) November 28, 2023 " class="align-text-top noRightClick twitterSection" data="
11 Israeli hostages were released today, 9 of them children.
Eitan Yahalomi (12)
Karina Engel-Bart (51)
Mika Engel (18)
Yuval Engel (12)
Sharon Aloni-Cunio (34)
Yuli Cunio (3)
Emma Cunio (3)
Sahar Calderon (16)
Erez Calderon (12)
Or Yaakov (16)
Yagil… pic.twitter.com/PyoIiafc86
">They are finally FREE.
— Oli London (@OliLondonTV) November 28, 2023
11 Israeli hostages were released today, 9 of them children.
Eitan Yahalomi (12)
Karina Engel-Bart (51)
Mika Engel (18)
Yuval Engel (12)
Sharon Aloni-Cunio (34)
Yuli Cunio (3)
Emma Cunio (3)
Sahar Calderon (16)
Erez Calderon (12)
Or Yaakov (16)
Yagil… pic.twitter.com/PyoIiafc86They are finally FREE.
— Oli London (@OliLondonTV) November 28, 2023
11 Israeli hostages were released today, 9 of them children.
Eitan Yahalomi (12)
Karina Engel-Bart (51)
Mika Engel (18)
Yuval Engel (12)
Sharon Aloni-Cunio (34)
Yuli Cunio (3)
Emma Cunio (3)
Sahar Calderon (16)
Erez Calderon (12)
Or Yaakov (16)
Yagil… pic.twitter.com/PyoIiafc86
ইফালে হোৱাইট হাউচৰ ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ মুখপাত্ৰ জন কাৰ্বিয়ে কৈছে যে মুকলি কৰা বন্দীসকলৰ ভিতৰত কোনো আমেৰিকান আছে নেকি সেয়া তেওঁলোকে নিৰীক্ষণ কৰি আছে । আমেৰিকাই আশা কৰিছে যে মূল চুক্তিৰ চতুৰ্থ তথা অন্তিম দিনত আন এটা বন্দী দলকো মুকলি কৰা হ'ব । মুকলি কৰা সকলৰ ভিতৰত কোনো আমেৰিকান আছে নেকি সেয়াও তেওঁলোকে পৰীক্ষা কৰিব । অৱশ্যে চূড়ান্ত তালিকা প্ৰস্তুত কৰিলেহে অধিক তথ্য প্ৰকাশ কৰিব পৰা যাব বুলিও মুখপাত্ৰগৰাকীয়ে উল্লেখ কৰিছে ।
ইফালে মুকলি কৰা লোকসকলক যোৱা ৭ অক্টোবৰৰ আক্ৰমণৰ সময়ত কিবুটজ নিৰ অ'জৰ পৰা গাজালৈ লৈ যোৱা হৈছিল ।
লগতে পঢ়ক:হামাছশাসিত গাজাত নেতান্যাহুৰ হুংকাৰ; হামাছ শেষ নোহোৱালৈকে যুদ্ধ অব্যাহত থাকিব