ETV Bharat / international

ইৰাকৰ পৰা আমেৰিকান সেনা প্ৰত্যাহাৰ দাবী প্ৰত্যাখ্যান আমেৰিকাৰ

ইৰাকত থকা আমেৰিকান সেনাৰ ঘাটিসমূহ উঠাই ল'বলৈ অমান্তি ঘোষণা কৰিছে আমেৰিকাই ৷ ইৰাকে ইৰান আৰু আমেৰিকাৰ মাজৰ শেহতীয়া পৰিস্থিতিক লৈ দেশখনৰ পৰা আমেৰিকান সেনাৰ ঘাটি উঠাই ল'বলৈ পেন্টাগনক আহ্বান জনাইছিল ৷

author img

By

Published : Jan 11, 2020, 7:47 PM IST

US denies Iraq's request for troop withdrawal
ষ্টেট বিভাগৰ মুখপাত্ৰ মৰ্গান অৰ্টাগছ

ইন্টাৰনেশ্বনেল ডেস্ক, 11 জানুৱাৰীঃ আমেৰিকাৰ ষ্টেট বিভাগে শনিবাৰে প্ৰকাশ কৰা বিজ্ঞপ্তি অনুসৰি, ইৰাকত থকা আমেৰিকান সেনাৰ ঘাটিসমূহ আগৰ দৰেই থাকিব ৷ ইৰাকে ইৰান আৰু আমেৰিকাৰ মাজৰ শেহতীয়া পৰিস্থিতি অনুসৰি, দেশখনত থকা আমেৰিকান সেনাৰ ঘাটিসমূহ স্থানান্তৰ কৰি উঠাই ল'বলৈ আহ্বান জনাইছিল ৷ কিন্তু আমেৰিকাই ইৰাকৰ এই আহ্বান নাকচ কৰিছে ৷ ইয়াৰ বিপৰীতে ইৰাকত থকা আমেৰিকান সেনাৰ উপস্থিতিয়ে ইৰাক আৰু আমেৰিকাৰ সামৰিক জোঁটবন্ধন অধিক শক্তিশালী কৰি ৰখাৰ উপৰিও দেশখনত আমেৰিকান সেনাৰ উপস্থিতি নিশ্চয়কৈ প্ৰয়োজনীয় বুলি প্ৰকাশ কৰে পেন্টাগনে ৷ আমেৰিকাৰ ষ্টেট বিভাগৰ মুখপাত্ৰ মৰ্গান অৰ্টাগছে বিজ্ঞপ্তিযোগে এই কথা প্ৰকাশ কৰিছে ৷

লগতে পঢ়কঃ ইউক্ৰেইনৰ বিমান ধ্বংস সন্দৰ্ভত ইৰানৰ স্পষ্টীকৰন

উল্লেখ্য যে, ইৰাকত প্ৰায় 5,000 আমেৰিকান সৈনিক বৰ্তমানেও কৰ্মৰত হৈ আছে ৷ এইসমূহ সৈনিকে আইছিছ, তালিবানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান আৰু ইৰাকী তথা আমেৰিকান নাগৰিক তথা ইয়াৰ দূতাবাসসমূহৰ সুৰক্ষাত নিয়োজিত হৈ আছে ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.