ETV Bharat / international

অথলে আমেৰিকা-তালিবান শান্তি চুক্তি: তালিবানৰ আক্ৰমণত নিহত 20

author img

By

Published : Mar 4, 2020, 4:21 PM IST

আমেৰিকা আৰু আফগানিস্থানৰ মাজত সম্পাদিত আমেৰিকা-তালিবান শান্তি চুক্তিৰ এসপ্তাহ সম্পূৰ্ণ নহওঁতেই তালিবানৰ বিধ্বংসী আক্ৰমণত নিহত হয় 20 গৰাকী আফগান সেনা ৷ ইতিমধ্যে এই আক্ৰমণে সমগ্ৰ শান্তি চুক্তিখনকেই উপলুঙা কৰা পৰিলক্ষিত হৈছে ৷

অথলে আমেৰিকা-তালিবান শান্তি চুক্তি: তালিবানৰ আক্ৰমণত নিহত 20
অথলে আমেৰিকা-তালিবান শান্তি চুক্তি: তালিবানৰ আক্ৰমণত নিহত 20

নিউজ ডেস্ক, 4 মাৰ্চ : আমেৰিকা তালিবানৰ মাজত সম্পাদিত শান্তি চুক্তিৰ এসপ্তাহ সম্পূৰ্ণ নহওঁতেই তালিবানৰ ভয়ংকৰ আক্ৰমণত নিহত হয় 20 গৰাকীকৈ আফগান সৈনিক ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপৰ পিচতেই এই ঘটনা সংঘটিত কৰে তালিবানে ৷

তথ্য অনুসৰি, কাবুল আৰু বিদ্ৰোহীৰ মাজত সংঘটিত চুক্তিৰ এদিন পিচতেই একেধৰণৰ আক্ৰমণ সেনাৰ ঘাটিত সংঘটিত কৰি সমগ্ৰ শান্তি চুক্তিক ওফৰাই দিয়ে তালিবানে ৷ আফগানিস্থানৰ প্ৰভিন্সিয়েল কাউন্সিলৰ সদস্য ছাফিউল্লাহ আমিৰিয়ে প্ৰকাশ কৰা অনুসৰি, তালিবান বিদ্ৰোহীয়ে, কুন্দুজ প্ৰভিন্সৰ ইমাম চাহিব জিলাৰ তিনিটাকৈ সেনাৰ ঘাটিত আক্ৰমণ সংঘটিত কৰি 10গৰাকী সৈনিকৰ লগতে 4 গৰাকী আৰক্ষীক নিধন কৰে ৷

উল্লেখ্য যে, 18 বছৰীয়া যুদ্ধৰ অৱসান ঘটাই 29 ফেব্ৰুৱাৰীত আমেৰিকা আৰু তালিবানৰ মাজত সম্পাদিত হোৱা শান্তি চুক্তি অনুসৰি, আমেৰিকাই আফগানিস্থানৰ পৰা দেশখনৰ সৈনিকসকলক প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ ইয়াৰ মাজতে মঙলবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে এগৰাকী তালিবান বিদ্ৰোহী নেতাৰ সৈতে বাৰ্তালাপত মিলিত হৈছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.