ETV Bharat / international

শান্তি চুক্তিৰ মাজতেই আফগান সেনা চাউনিত আক্ৰমণ তালিবানৰ - শনিবাৰে আমেৰিকা আৰু তালিবানৰ মাজত স্বাক্ষৰিত হৈছিল বহু প্ৰত্যাশিত শান্তি চুক্তি

মঙলবাৰে আফগান সেনা চাউনিত আক্ৰমণ তালিবানৰ ৷ এক দৰ্জনতকৈ অত্যাধিক আক্ৰমণৰ ঘটনা কিছু ঘণ্টাৰ পাচতেই শাম কাটে যদিও এই আক্ৰমণে কাবুল আৰু বিদ্ৰোহী সংগঠনৰ মাজত হ’বলগীয়া শান্তি চুক্তিৰ প্ৰতি সন্দেহ বৰ্তাই তুলিছে ৷

Taliban attack Afghan army bases, throwing peace talks into doubt
শান্তি চুক্তিৰ মাজতেই আফগান সেনা চাউনিত আক্ৰমণ তালিবানৰ
author img

By

Published : Mar 3, 2020, 11:22 PM IST

নিউজ ডেস্ক, 3 মাৰ্চ: মঙলবাৰে আফগান সেনা চাউনিত আক্ৰমণ তালিবানৰ ৷ এক দৰ্জনতকৈ অত্যাধিক আক্ৰমণৰ ঘটনা কিছু ঘণ্টাৰ পাচতেই শাম কাটে যদিও এই আক্ৰমণে কাবুল আৰু বিদ্ৰোহী সংগঠনৰ মাজত হ’বলগীয়া শান্তি চুক্তিৰ প্ৰতি সন্দেহ সৃষ্টি কৰিছে ৷ দক্ষিণপ্ৰান্তৰ কাণ্ডধাৰ প্ৰদেশত হোৱা এটা আক্ৰমণত দুজন সৈনিকৰ মৃত্যু হোৱা বুলি চৰকাৰী পক্ষই জানিবলৈ দিয়াৰ বিপৰীতে কাবুলৰ নিকটৱৰ্তি লগাৰ প্ৰদেশত সংঘটিত হোৱা আক্ৰমণত নিহত হয় 5 জন সৈনিক ৷

শনিবাৰে কাৰ্টাৰৰ ৰাজধানী ডোহাত আমেৰিকা আৰু তালিবানৰ মাজত স্বাক্ষৰিত চুক্তিৰ ভিত্তেতেই অহা 10 মাৰ্চত আন্তঃ আফগানৰ বাৰ্তা অনুষ্ঠিত হ’ব ৷ কিন্তু এজন কাৰাবন্দীৰ সাল-সলনিক লৈ হোৱা বিবাদে এই চুক্তিৰ প্ৰতি অনিশ্চয়তা কঢ়িয়াই আনিছে ৷

উল্লেখিত চুক্তিৰ পূৰ্বে, তালিবানে 1000 কাৰাবন্দীক মুকলি কৰাৰ বিপৰীতে আফগান চৰকাৰে 5000 হাজাৰ বিদ্ৰোহীক মুকলি কৰাৰ চৰ্ত ৰাখিছিল তালিবান বিদ্ৰোহীয়ে ৷ কিন্তু আফগানিস্তানৰ ৰাষ্ট্ৰপতি আছৰফ ঘানিয়ে আলোচনাৰ পূৰ্বেই নাকচ কৰে সেই চৰ্ত ৷

উল্লেখ্য যে, সুদীৰ্ঘ 18 বছৰ ধৰি চলি থকা যুদ্ধৰ অন্তত অৱশেষত শনিবাৰে আমেৰিকা আৰু তালিবানৰ মাজত স্বাক্ষৰিত হৈছিল বহু প্ৰত্যাশিত শান্তি চুক্তি ৷ কাৰ্টাৰৰ ৰাজধানী দোহাত স্বাক্ষৰিত হোৱা এই চুক্তিৰ জৰিয়তে সুদীৰ্ঘ কাল ধৰি অমীমাংসিত হৈ থকা আফগানিস্তান যুদ্ধৰ পৰিসমাপ্তি ঘটিব বুলি আশা কৰা হৈছে ৷

14 মাহৰ ভিতৰত আফগানিস্তানত থকা মাৰ্কিন সেনা বাহিনী প্ৰত্যাহাৰ কৰা হ'ব বুলি উল্লেখ কৰা হৈছে এই শান্তি চুক্তিত ৷ প্ৰথম অৱস্থাত 135 দিনৰ ভিতৰত দেশ খনৰ পৰা 8600 গৰাকীলৈ মাৰ্কিন সেনা হ্ৰাস কৰা হ'ব বুলিও স্বাক্ষৰিত চুক্তিত উল্লেখ আছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.