ইন্টাৰনেশ্যনেল ডেস্ক,14 ফেব্ৰুৱাৰীঃ শনিবাৰে ছিৰিয়াৰ পূৱ অলেপ্প’ অঞ্চলৰ এটা শুকান কুঁৱাৰ পৰা হোৱাইট হেলমেট নামৰ এটা উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিবলৈ সক্ষম হয় এটি চাৰি বছৰীয়া কন্যা শিশু ৷ উদ্ধাৰ হোৱা শিশুটিৰ নাম বাসমা বুলি জানিব কৰা হৈছে ৷
হোৱাইট হেলমেটে সদৰী কৰা অনুসৰি, বাবৰৰ এখন সৰু গাঁৱৰ বাসিন্দা বাসমাই খেলি থকা অৱস্থাতে হঠাৎ পৰি গৈছিল এটা দ আৰু পানী নথকা কুঁৱাত ৷ পৰৱৰ্তী সময়ত এই সম্পৰ্কে খবৰ দিয়া হয় আৰক্ষীক ৷ আৰক্ষী আৰু উদ্ধাৰকাৰী দলটোৱে কেমেৰাৰ ফুটেজৰ সহায়ত কুঁৱাটোৰ সুৰংগৰ ভিতৰত পৰি কান্দি থকা অৱস্থাত শিশুটিৰ অৱস্থিতিৰ বিষয়ে নিশ্চিত হয় ৷
বহু চেষ্টাৰ অন্তত দ কুঁৱাটোৰ পৰা উদ্ধাৰকাৰী দলটোৱে সোঁশৰীৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয় শিশুটিক ৷ পৰৱৰ্তী সময়ত শিশুটিক স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় চিকিৎসালয়লৈ ৷ প্ৰাপ্ত তথ্য অনুসৰি, উদ্ধাৰ হোৱা শিশুটি গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হোৱা নাই বুলি চিকিৎসকে মন্তব্য কৰিছে ৷ এই শিহৰণকাৰী ঘটনাৰ ফলত চাঞ্চল্য বিৰাজ কৰিছে ছিৰিয়াৰ পূৱ অলেপ্প’ অঞ্চলত ৷