ETV Bharat / international

ছিৰিয়াত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক : আল কায়দাৰ শীৰ্ষ নেতা নিহত - সন্ত্ৰাসবাদী কাৰ্যকলাপৰ পৰিকল্পনা

পুনৰ আল কায়দা(Al-Qaeda)ৰ নেতাক আক্ৰমণৰ লক্ষ্য কৰি কৰি ল'লে আমেৰিকা যুক্তৰাষ্ট্ৰ(US)ৰ সামৰিক বাহিনীয়ে । ড্ৰোণ আক্ৰমণৰ পিছত এইবাৰ ছিৰিয়াত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক(Airstrike) । উত্তৰ-পশ্চিম ছিৰিয়াত চলা এই আক্ৰমণত নিহত হ'ল আল কায়দাৰ এজন শীৰ্ষ নেতা । কেন্দ্ৰীয় কমাণ্ডৰ মুখপাত্ৰ মেজৰ জন ৰিগছবীয়ে এই কথা নিশ্চিত কৰে ।

Senior al Qaeda leader killed in US airstrike in Syria
ছিৰিয়াত আমেৰিকাৰ এয়াৰষ্ট্ৰাইক
author img

By

Published : Oct 23, 2021, 10:27 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৩ অক্টোবৰ : উত্তৰ-পশ্চিম ছিৰিয়াত আমেৰিকা যুক্তৰাষ্ট্ৰ(US)ৰ এয়াৰ ষ্ট্ৰাইক(Airstrike) । এই আক্ৰমণত নিহত হ'ল আল কায়দাৰ এজন শীৰ্ষ নেতা আব্দুল হামিদ আল-মাটাৰ । শুকুৰবাৰে কেন্দ্ৰীয় কমাণ্ডৰ মুখপাত্ৰ মেজৰ জন ৰিগছবীয়ে নিশ্চিত কৰে এই কথা । ৰিগছবীয়ে কয় যে, mq-9 এয়াৰ ক্ৰাফ্টে​ৰে কৰা এই আক্ৰমণত সাধাৰণ নাগৰিকৰ মৃত্যু হোৱা নাই ।

বিবৃতিত উল্লেখ থকা অনুসৰি, আল-কায়দাই আমেৰিকা আৰু মিত্ৰশক্তিৰ বাবে ভাবুকি দি আহিছে । লগতে বিবৃতিত উল্লেখ কৰা হৈছে যে, আল-কায়দাই নিজৰ সংগঠনক পুনৰ শক্তিশালী কৰা, আন সহযোগী সংগঠনৰ সৈতে সমন্বয় গঢ়ি তোলা আৰু সন্ত্ৰাসবাদী কাৰ্য-কলাপৰ পৰিকল্পনা কৰাৰ বাবে ছিৰিয়াক এক সুৰক্ষিত ঠাই হিচাপে ব্যৱহাৰ কৰে । আল-কায়দাৰ এই শীৰ্ষ নেতাজনৰ মৃত্যুৱে পাচত সন্ত্ৰাসবাদী সংগঠনটোত মোক্ষম আঘাত হানিব । আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকৰ ওপৰত আক্ৰমণৰ আশংকাও হ্ৰাস পাব বুলি আশা কৰা হৈছে ।

লগতে বিশ্বৰ আন দেশত সংগঠনটোৱে আক্ৰমণ কৰাৰ বাবে যুগুত কৰা পৰিকল্পনাতো যথেষ্ট প্ৰভাৱ পৰিব বুলি বিবৃতিটোত কোৱা হৈছে । মাতৃভূমিৰ ক্ষতি কৰিব বিচৰা আল-কায়দা আৰু আন সন্ত্ৰাসবাদী সংগঠনৰ সদস্যসকলৰ বিৰুদ্ধে এনে আক্ৰমণ আমেৰিকা যুক্তৰাষ্ট্ৰই অব্যাহত ৰাখিব বুলিও বিবৃতিটোত কোৱা হৈছে ।

উল্লেখ্য যে, যোৱা ২০ ছেপ্টেম্বৰত ছিৰিয়াৰ ইদলিবৰ ওচৰত আমেৰিকা যুক্তৰাষ্ট্ৰই কৰা ড্ৰোণ আক্ৰমণত আল কায়দাৰ শীৰ্ষ নেতা ছেলিম আবু আহমেদৰ মৃত্যু হৈছিল । আল কায়দাই কৰা আক্ৰমণৰ পৰিকল্পনা, পুঁজি সংগ্ৰহ, স্থানীয় অঞ্চলত কৰা আক্ৰমণৰে জড়িত আছিল ছেলিম আবু আহমেদ । ইয়াৰ পূৰ্বে, যোৱা ১৩ ছেপ্টেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ু সেনাৰ এখন সামৰিক বিমানে চিৰিয়া-ইৰাক সীমান্তত দুখন বাহনত আক্ৰমণ কৰিছিল । আল কায়দাৰ ভেটি সম্পূৰ্ণৰূপে উৎখাত কৰিবলৈ আমেৰিকাই চেষ্টা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: চীনত নতুনকৈ পুনৰ পোহৰলৈ আহিছে ক’ভিড 19 সংক্ৰমণৰ ঘটনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.