ইন্টাৰনেশ্যনেল ডেস্ক, 13 জুন : শনিবাৰে ইজৰাইলত সংঘটিত হৈছে এক অঘটন ৷ ইজৰাইলী আৰক্ষীয়ে সদৰি কৰা অনুসৰি, কালান্দিয়া চেক পইণ্টৰ পশ্চিম তীৰৰ সমীপতে শনিবাৰে এগৰাকী ২৮ বছৰীয়া পেলেস্তাইনী মহিলাক গুলীয়াই হত্যা কৰে ইজৰাইলী আৰক্ষীয়ে ।
আৰক্ষীয়ে সদৰি কৰা অনুসৰি, জেৰিকো চহৰৰ ওচৰৰ পেলেস্তাইনী শৰণাৰ্থী শিবিৰ অকাবাত জাবেৰৰ বাসিন্দা মহিলাগৰাকী ৷ মৃত মহিলাগৰাকীয়ে ইজৰাইলৰ সীমান্ত আৰক্ষী আৰু অসামৰিক নিৰাপত্তাৰক্ষীৰ চেকপইণ্টত আৰক্ষীৰ লগতে চেকপইণ্ট পাৰ হ’বলৈ চেষ্টা কৰা বাহনসমূহৰ গৰাকীকো প্ৰহাৰ কৰিবলৈ উদ্যত হৈছিল ৷ সেয়ে উপায়ন্তৰ হৈ নিৰাপত্তাৰক্ষীয়ে মহিলাগৰাকীৰ উপৰত গুলিচালনা কৰিবলৈ বাধ্য হৈছিল ৷
গুলিবিদ্ধ মহিলাগৰাকীক ততাতয়াকৈ হাস্পতাললৈ নিয়া হৈছিল যদিও হাস্পতালত চিকিৎসকে মৃত বুলি ঘোষণা কৰে মহিলাগৰাকীক ৷ অৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, পেলেস্তাইনী মহিলা গৰাকীৰ পূৰ্ৱতেও অপৰাধজনিত কিছু ঘটনাৰ লগত জড়িত আছিল ৷ যাৰ বাবে কাৰাবাসো খাটিছিল মহিলাগৰাকীয়ে ৷
লগতে পঢ়ক: ক’ভিড মহামাৰীৰ দ্বিতীয়টো ঢৌত 724 গৰাকী চিকিৎসকৰ মৃত্যু