ETV Bharat / international

তৈলখণ্ডৰ নাটকীয় পৰিৱৰ্তনক লৈ OPECৰ আলোচনা অনুষ্ঠিত - কোভিড-১৯

অৰ্গেনাইজেশ্বন ফৰ পেট্ৰলিয়াম এক্সপৰ্টি কাউন্ট্ৰিছৰ কেবাগৰাকীও মন্ত্ৰী তথা সদস্য ৰাষ্ট্ৰসমূহে বিশ্বৰ তৈল বজাৰ দেখা দিয়া সমস্যাক লৈ আলোচনাত মিলিত হয় । শেহতীয়াকৈ কোভিড-১৯ৰ ফলত আমেৰিকাৰ তৈল খণ্ডত শতিকাৰ সৰ্বনিম্ন হয়গৈ ক্ৰুড অইলৰ মূল্য ।

তৈলখণ্ডৰ নাটকীয় পৰিৱৰ্তনক লৈ OPECৰ আলোচনা অনুষ্ঠিত

author img

By

Published : Apr 22, 2020, 11:52 AM IST

নিউজ ডেস্ক, ২২ এপ্ৰিলঃ বিশ্বৰ তৈল বজাৰত দেখা দিয়া ভয়াৱহ সংকটৰ পিচতেই আলোচনাত মিলিত হয় অৰ্গেনাইজেশ্বন ফৰ পেট্ৰলিয়াম এক্সপৰ্টি কাউন্ট্ৰিছ চমুকৈ অপেকৰ সদস্য ৰাষ্ট্ৰসমূহ । বিশ্বজুৰি ক্ৰুড অইল তথা পেট্ৰলিয়াম তেলৰ ক্ষেত্ৰত দেখা দিয়া আৰ্থিক সংকটৰ পিচতেই এইদৰে আলোচনাত মিলিত হয় সৰ্বোচ্চ সংস্থাটো ।

ইতিমধ্যে বিশ্বত তেলৰ মূল্য হ্ৰাস পোৱাক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে নিজৰ প্ৰতিক্ৰিয়া হ্ৰাস কৰিছে । সমগ্ৰ বিশ্বতে দেখা দিয়াস কোভিড-১৯ মহামাৰীৰ ফলত ব্যাহত হৈ পৰা যোগান শৃংখলেই ইয়াৰ মূল কাৰণ হিচাপে বিবেচিত কৰা হৈছে । তৈল খণ্ডত সময়ে সময়ে এইদৰে ক্ৰুড অইলৰ মূল্য হ্ৰাস-বৃদ্ধি হৈ থাকে যদিও এইদৰে একেবাৰে সৰ্বনিম্ম হৈ যোৱাৰ উদাহৰণ শতিকাৰ ভিতৰত এয়াই প্ৰথম । সেয়েহে ইয়াক লৈ এতিয়া চিন্তিত হৈ পৰিছে তৈলখণ্ডৰ সৈতে জড়িত বিশ্বৰ আগশাৰীৰ দেশসমূহ ।

তৈলখণ্ডৰ এই পতনৰ পিচতেই অপেকৰ শীৰ্ষ সদস্য ৰাষ্ট্ৰসমূহৰ সংশ্লিষ্ট মন্ত্ৰীসকলৰ মাজত এক টেলিফোনিক আলোচনা অনুষ্ঠিত হয় । মঙলবাৰে অনুষ্ঠিত হোৱা এই আলোচনাত বহুকেইটা গুৰুত্বপূৰ্ণ দিশত আলোচনা কৰা হয় । অপেকৰ সদস্য ৰাষ্ট্ৰৰ লগতে ইয়াৰ সহযোগী ৰাষ্ট্ৰসমূহৰ প্ৰতিনিধিয়েও এই আলোচনাত অংশগ্ৰহণ কৰে । এই কথা সংস্থাটোৱে টুইটযোগে প্ৰকাশ কৰিছে । কিন্তু ৰাছিয়া তথা আৰৱৰ দৰে তৈলখণ্ডৰ সৈতে জড়িত শক্তিশালী দেশে এই আলোচনাত অংশগ্ৰহণ কৰিছিল নে নাই তাক স্পষ্টভাৱে উল্লেখ কৰা হোৱা নাই ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.