ETV Bharat / international

কাবুলত কাৰ বোমা বিস্ফোৰণ : নিহত 8, আহত 15

author img

By

Published : Dec 20, 2020, 5:08 PM IST

কাবুলত দেওবাৰে এক কাৰ বোমা বিস্ফোৰণ সংঘটিত হয় ৷ বৰ্তমানলৈকে এই আক্ৰমণৰ দ্বায়িত্ব কোনো সন্ত্ৰাসবাদী সংগঠনে স্বীকাৰ কৰা নাই ৷ এই বিস্ফোৰণত আঠ গৰাকী লোক নিহত হৈছে ৷

Official: Large car bomb kills 8 in Afghan capital
কাবুলত কাৰ বোমা বিস্ফোৰণঃ নিহত 8, আহত 15 !

নিউজ ডেস্ক, 20 ডিচেম্বৰ : আফগানিস্তানৰ ৰাজধানী কাবুলত দেওবাৰে এক কাৰ বোমা বিস্ফোৰণ সংঘটিত হয় ৷ উক্ত কাৰ বোমা বিস্ফোৰণত আঠগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আহত হয় 15 গৰাকী লোক ৷ আহত সকলৰ ভিতৰত সংসদৰ সদস্য খান মোহাম্মদ বাৰডাকো আছে বুলি জানিব পৰা গৈছে ৷ খানৰ অৱস্থা অতি সংকটজনক তথা তেওঁক স্থানীয় এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

আফগানিস্তানৰ গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা জাৰি কৰা বিবৃতিত কোৱা হৈছে যে, কাবুলৰ পঞ্চম জিলাত দেওবাৰে সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলায় ৷ যিটো আক্ৰমণত আঠগৰাকী লোক নিহত হোৱাৰ লগতে শিশু, মহিলা আৰু বয়োজ্যেষ্ঠ লোকসহ 15 লোক আহত হয় ৷ বিস্ফোৰণটোত আশে-পাশে থকা ঘৰ সমূহৰো ব্যাপক ক্ষতিসাধন হয় ৷

বৰ্তমানলৈকে এই আক্ৰমণৰ দ্বায়িত্ব কোনো সন্ত্ৰাসবাদী সংগঠনে স্বীকাৰ কৰা নাই যদিও বিগত সময়ত কাবুলত হোৱা অন্য কেইবাটাও কূটাঘাতমূলক কাৰ্যৰ দ্বায়িত্ব স্বীকাৰ কৰি লৈছিল ইছলামিক সন্ত্ৰাসবাদী সংগঠনে ৷

লগতে পঢ়ক: ক’ত সন্ধানহীন হৈছে ডিমা হাছাওৰ একাংশ যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.