ETV Bharat / international

12 বছৰৰ মূৰত প্ৰধানমন্ত্ৰীৰ বাসগৃহ ত্যাগ নেটান্যাহুৰ - netanyahu moves out of pms residence after 12 years

12 বছৰৰ মূৰত অৱশেষত প্ৰধানমন্ত্ৰীৰ বাসগৃহ ত্যাগ কৰিলে ইজৰাইলৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটান্যাহুৱে (Benjamin Netanyahu) ৷ স্থানীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, নিজ পৰিয়ালসহ নেটান্যাহুৱে 12 বছৰৰ মূৰত বেলফোৰ ষ্ট্ৰীটত থকা ঘৰটো খালী কৰি জেৰুজালেমস্থিত প্ৰধানমন্ত্ৰীৰ বাসভৱন ত্যাগ কৰিছে ৷

netanyahu moves out of pms residence after 12 years
12 বছৰৰ মূৰত প্ৰধানমন্ত্ৰীৰ বাসগৃহ ত্যাগ নেটান্যাহুৰ
author img

By

Published : Jul 11, 2021, 6:11 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 11 জুলাই : সুদীৰ্ঘ 12 টাকৈ বছৰৰ পাচত ইজৰাইলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বেঞ্জামিন নেটান্যাহুৱে (Benjamin Netanyahu) পৰিয়ালসহ ত্যাগ কৰিলে জেৰুজালেমস্থিত প্ৰধানমন্ত্ৰীৰ বাসগৃহ ৷ 12 বছৰৰ মূৰত বেলফোৰ ষ্ট্ৰিটত থকা ঘৰটো নেটান্যাহুৱে খালী কৰিছে বুলি জানিব পৰা গৈছে ৷ স্থানীয় সংবাদমাধ্যমত দেওবাৰে প্ৰকাশিত খবৰ অনুসৰি, চলিত সপ্তাহৰ আৰম্ভণিতে নেটান্যাহুৰ (Benjamin Netanyahu) বাসগৃহত ট্ৰাকৰ অহা যোৱা দেখা গৈছিল আৰু শুকুৰবাৰে বহুকেইখন বাহন তেওঁৰ বাসগৃহৰ পৰা ওলাই যোৱা দেখা গৈছিল ৷

লগতে পঢ়ক: ইজৰাইলৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত নাফটালি বেনেট

প্ৰাপ্ত তথ্য অনুসৰি, শনিবাৰে সন্ধিয়া নেটান্যাহুৰ পৰিয়ালে বাসগৃহত অন্তিমটো শব্বাত (ইহুদী ধৰ্মত বিশ্ৰামৰ দিনৰ নাম) কটোৱাৰ পাচত শনিবাৰে নিশাৰ পাচতে গুচি যোৱাৰ কথা আছিল ৷ অন্য সূত্ৰৰ পৰা প্ৰকাশিত খবৰ অনুসৰি, নেটান্যাহুৰ পৰিয়ালে চিজৰিয়াৰ বাসগৃহত শব্বাত কটোৱাৰ পাচত শনিবাৰে নিশা নতুবা দেওবাৰে পুৱাৰ ভাগত বেলফোৰ ষ্ট্ৰীটৰ পৰা প্ৰস্থান কৰাৰ কথা আছিল ৷

লগতে পঢ়ক: ক’ভিড-19ৰ প্ৰতিষেধক গ্ৰহণ ইজৰাইলী প্ৰধানমন্ত্ৰীৰ

জানিব পৰা মতে, শনিবাৰ-দেওবাৰে নিশাৰ ভাগতে নেটান্যাহুৱে জেৰুজালেমৰ বাসগৃহ ত্যাগ কৰে ৷ অৱশ্যে কৰ্তৃপক্ষই তাৎক্ষণিকভাৱে এই তথ্য নিশ্চিত কৰা নাছিল ৷ উল্লেখ্য যে, ক্ষমতাচ্যুত হোৱাৰ প্ৰায় এমাহ পাচত নেটান্যাহুৱে প্ৰধানমন্ত্ৰীৰ বাসগৃহ ত্যাগ কৰিছে ৷ নেটান্যাহুৰ পাচতে এগৰাকী সোঁপন্থী জাতীয়তাবাদী নাফটালি বেনেটে প্ৰধানমন্ত্ৰী হিচাপে 13 জুনত ইজৰাইলৰ শাসনভাৰ গ্ৰহণ কৰে ৷ 12 বছৰৰ পাচত পোনপ্ৰথমবাৰৰ বাবে নেটান্যাহুৰ বাহিৰে অন্য কোনোবাই দেশখনৰ নেতৃত্ব দিব ৷

লগতে পঢ়ক: তৃতীয়টো লকডাউনৰ মাজতে নেতান্যাহুৰ বিৰুদ্ধে প্ৰতিবাদ ইজৰাইলবাসীৰ

উল্লেখ্য যে, অতিমাৰী কৰ'ণা বিৰোধী যুঁজত প্ৰধানমন্ত্ৰীগৰাকীৰ ব্যৰ্থতাৰ অভিযোগ উত্থাপম কৰি বিগত বৰ্ষত ইজৰাইলী লোকসকলে নেটান্যাহুৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰ লগতে তেওঁৰ পদত্যাগৰ দাবী উত্থাপন কৰিছিল ৷ ইজৰাইলত তৃতীয়টো লকডাউন চলি থকাৰ সময়তো নেতান্যাহুৰ চৰকাৰী বাসভৱনৰ কাষৰ জেৰুজালেম স্কুৱেৰত প্ৰতিবাদকাৰী সকলে বিক্ষোভ প্ৰদৰ্শন কৰিছিল ৷

লগতে পঢ়ক: নেটান্যাহুৰ বিৰোধিতাৰে সহস্ৰাধিক লোকে ঘেৰাও কৰিলে কেন্দ্ৰীয় জেৰুজালেম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.