নিউজ ডেস্ক, 29 ফেব্ৰুৱাৰী : নাটোৰ সচিবপ্ৰধান জেনচ ষ্টোল্টেনবাৰ্গে শনিবাৰে আফগানিস্থানত উপস্থিত হয় ৷ আমেৰিকা-তালিবানৰ মাজৰ প্ৰস্তাৱিত শান্তি চুক্তিৰ মাজতে এইদৰে দেশখনত উপস্থিত হয় নাটোৰ প্ৰধানগৰাকী ৷
নাটোই প্ৰকাশ কৰা অনুসৰি, আফগানিস্থানৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘাণি, আমেৰিকাৰ প্ৰতিৰক্ষা সচিব মাৰ্ক ইস্পাৰৰ সৈতে একেলগে সংবাদমেল সম্বোধন কৰে নাটোৰ সচিবপ্ৰধানগৰাকীয়ে ৷ ইয়াৰ উপৰিও তেওঁ আফগানিস্থানত থকা নাটো আৰু আমেৰিকান সৈন্যবাহিনীৰ সৈতেও মতবিনিময় কৰে ৷ ডোহাত স্বাক্ষৰিত হ'বলগীয়া শান্তি চুক্তিক এতিয়াও ৰাজহুৱা কৰা হোৱা নাই ৷ কিন্তু আশা প্ৰকাশ কৰা হৈছে যে, আফগানিস্থানত থকা 12,000 আমেৰিকান সৈনিকক আমেৰিকাই উঠাই ল'ব ৷