ETV Bharat / international

তালিবানক যুদ্ধবিৰতিলৈ আহিবলৈ আহ্বান জালমে খালিজাডৰ - আফগানিস্তান

তালিবানে আফগান চৰকাৰৰ ওচৰত ৫,০০০ বন্দীৰ মুক্তিৰ দাবী উত্থাপন কৰিছে । আমেৰিকা-তালিবান শান্তি চুক্তিৰ অধীনত এই দাবী উত্থাপন কৰিছে তালিবানে । আফগান চৰকাৰে চৰ্তাৱলী সাপেক্ষে লাহে লাহে ১,৫০০ বন্দীক মুকলি কৰি দিবলৈ সন্মত হৈছে ।

তালিবানক যুদ্ধবিৰতিলৈ আহিবলৈ আহ্বান জালমে খালিজাডৰ
তালিবানক যুদ্ধবিৰতিলৈ আহিবলৈ আহ্বান জালমে খালিজাডৰ তালিবানক যুদ্ধবিৰতিলৈ আহিবলৈ আহ্বান জালমে খালিজাডৰ
author img

By

Published : Apr 26, 2020, 3:42 PM IST

নিউজ ডেস্ক, ২৬ এপ্ৰিলঃ আফগানিস্তানত থকা আমেৰিকাৰ বিশেষ উপদেষ্টা জালমে খালিজাডে ৰমজানৰ পবিত্ৰ মাহটোত মানৱতাৰ খাতিৰতে তালিবানসকলক যুদ্ধবিৰতিলৈ আহিবলৈ আহ্বান জনাইছে । টুইটযোগে খালিজাডে এই কথা প্ৰকাশ কৰি, ৰমজানে তালিবানীসকলক মানৱতাৰ আধাৰত হিংসা আৰু সন্ত্ৰাসবাদমুলক কাৰ্যকলাপ বিশ্বৰ পৰা মহামাৰীৰ অন্ত পৰালৈকে পৰিহাৰ কৰিবলৈ সুযোগ প্ৰদান কৰিছে ।

খালিজাডে প্ৰকাশ কৰা অনুসৰি, দুয়োপক্ষই যুদ্ধবন্দীসকলৰ মুক্তিৰ বাবেও আগবাঢ়িব লাগে । কোভিড-১৯ৰ ওপৰত চলি থকা যুদ্ধখনৰ বাবে এয়া প্ৰয়োজনীয় হৈ পৰিছে আৰু লগতে শান্তি প্ৰক্ৰিয়া অব্যাহত ৰখাত আফগানসকলে বাৰ্তা প্ৰদান কৰিছে ।

বিগত সপ্তাহত আফগান ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে তালিবানসকলক কোভিড-১৯ মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ চৰ্তাৱলী সাপেক্ষে যুদ্ধবিৰতিলৈ আহিবলৈ আহ্বান জনাইছিল । কিন্তু তালিবানৰ মুখপাত্ৰ চুহাইল শ্বাহিনে চৰকাৰৰ এই নীতিক অগ্ৰাহ্য কৰি বন্দী হৈ থকা হাজাৰোধিক যুদ্ধবন্দীক মুকলি কৰি দিবলৈ কৈছিল, যিসকল এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ অধিক সম্ভাৱনা দেখা গৈছিল আৰু ইয়ে যুদ্ধবিৰতি চুক্তিক একপ্ৰকাৰে নাকচ কৰিছিল ।

বিগত সপ্তাহত তালিবানৰ আক্ৰমণত বহুসংখ্যক আফগান সেনা নিহত হৈছিল । তালিবানসকলে আমেৰিকা-তালিবান চুক্তিৰ অধীনত আফগানে বন্দী কৰি ৰখা প্ৰায় ৫,০০০ বন্দীক মুকলি কৰি দিবলৈ দাবী উত্থাপন কৰিছিল । ইয়াৰ পিচতেই আফগান চৰকাৰে বিশেষ চৰ্তাৱলী সাপেক্ষে ১,৫০০ বন্দীক মুকলি কৰি দিবলৈ মান্তি হৈছিল ।

আফগানিস্তানৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হামডুল্লাহ মোহিবে প্ৰকাশ কৰা অনুসৰি, তালিবানে দাবী কৰা ১৫ গৰাকী বিশেষ বন্দী কাবুলত সংঘটিত হোৱা বিষ্ফোৰণৰ ঘটনাত জড়িত আছিল ।

লগতে পঢ়কঃ মেক্সিকো উপসাগৰৰ তৈল জাহাজ দুৰ্ঘটনাৰ 10 বছৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.