ETV Bharat / international

COVID-19: জাপানত ঘোষণা জৰুৰীকালীন অৱস্থা

জাপানত মহামাৰী কৰ'ণা ভাইৰাছত বিগত ২৪ ঘণ্টাত আক্ৰান্ত হয় ১৮৮ জন ব্যক্তি । বৰ্তমান পৰ্যন্ত দেশখনত ভাইৰাছত আক্ৰান্তৰ সংখ্যা হৈছে ২,৫৯৯ জন ।

author img

By

Published : Apr 17, 2020, 9:45 AM IST

COVID-19
COVID-19: COVID-19: COVID-19: জাপানত ঘোষণা জৰুৰীকালীন অৱস্থা

নিউজ ডেস্ক, ১৬ এপ্ৰিলঃ জাপানত দিনক দিনে বাঢ়িছে কৰ'ণা ভাইৰাছৰ প্ৰাদূৰ্ভাৱ। যাৰ বাবে দেশখনৰ মুঠ ৪৭ খন ৰাজ্যৰ ৭ খনক বাদ দি বাকী সকলো কেইখনত জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী শ্বিনজো আবেই।

খবৰ অনুসৰি, দেশখনত বিগত ২৪ ঘণ্টাত ১৮৮ জন নতুন ব্যক্তি আক্ৰান্ত হয় মহামাৰী কৰ'ণা ভাইৰাছত । আনহাতে,দেশখনত বৰ্তমানলৈকে ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ১৯৪ জনৰ। জাপানৰ টকিঅ' ত মুঠ ২,৫৯৯ জন ব্যক্তি কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে। আনহাতে,অশোকা প্ৰান্তত ভাইৰাছত আক্ৰান্ত সংখ্যা ৯৬৮ জন । কানাগাৱাত ৬২২ জন, চিবাত ৫৩৭ জন,চাইটামাত ৫১৩ জন,হয়গোত ৪৪৩ জন আৰু ফুকুওকাত ৪৩৬ জন কৰ'ণাত আক্ৰান্ত ব্যক্তি পোৱা গৈছে ।

দেশত খনত মুঠ ১৭৩ জন ৰোগী সংকটজনক অৱস্থাত থকা বুলি সদৰী কৰে মন্ত্ৰণালয়ে। তাৰোপৰি,১৫৪৬ জন ভাইৰাছ আক্ৰান্ত হোৱা ব্যক্তি আৰোগ্য হোৱাৰ পাচত হাস্পতালৰ পৰা য৷বলৈ দিয়া হয় বুলি জনাই ।

লগতে চাওকঃ অৰুণাচল প্ৰদেশ কেবিনেটে গ্ৰহণ কৰিছে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.