ETV Bharat / international

26/11 মুম্বাই কাণ্ড : বোমা বিস্ফোৰণত প্ৰাণ আহুতি দিয়াসকললৈ শ্ৰদ্ধাঞ্জলি ইজৰাইলবাসীৰ

author img

By

Published : Nov 26, 2020, 10:52 AM IST

মুম্বাইৰ 26/11 বোমা বিস্ফোৰণত প্ৰাণ আহুতি দিয়াসকলৰ বাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন ইজৰাইলবাসীৰ ৷ ইলিয়টত পীড়িতসকলৰ বাবে এক স্মৃতি স্তম্ভ নিৰ্মাণ কৰিবলৈ অনুৰোধ জনায় ইজৰাইলবাসীয়ে ৷

Israelis pay respects
ইজৰাইলবাসীৰ শ্ৰদ্ধাঞ্জলি

নিউজ ডেস্ক,26 নৱেম্বৰ : 2008 চনৰ 26 নৱেম্বৰত মায়ানগৰী মুম্বাইত সংঘটিত হোৱা সন্ত্ৰাসবাদী বোমা বিস্ফোৰণ অৰ্থাৎ 26/11ত প্ৰাণ আহুতি দিয়াসকলৰ বাবে সমগ্ৰ ভাৰতৰ লগতে ইজৰাইলে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে ৷ ইজৰাইলে অপৰাধীসকলক শাস্তি প্ৰদানৰ দাবী কৰাৰ লগতে পাকিস্তানী সন্ত্ৰাসবাদক ঘোৰ নিন্দা কৰে ৷

বৃহস্পতিবাৰে ইজৰাইল আৰু ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলে জেৰুজালেম,ৰেহোৱোট আৰু তেল অৱীৱত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে ৷ লগতে বীৰ শ্বেৱা আৰু ইলিয়টত সমাৰোহৰ আয়োজন কৰিছে ৷

বৃহস্পতিবাৰে দিনৰ 11.30 বজাত এই কাৰ্যসূচী ৰূপায়ন কৰিব ইজৰাইলবাসীয়ে ৷ এই অনুষ্ঠানত ভাগ ল’বলৈ সহস্ৰাধিক লোকে নাম পঞ্জীয়ন কৰা বুলি জানিব পৰা গৈছে ৷ ইয়াৰোপৰি ইলিয়টত পীড়িতসকলৰ বাবে এক স্মৃতিস্তম্ভ নিৰ্মাণ কৰিবলৈ ইজৰাইলবাসীয়ে অনুৰোধ জনায় ৷

ইলিয়টৰ মেয়ৰে ভাৰত-ইজৰাইলৰ বন্ধুত্বৰ অৰ্থে এটি মহাত্মা গান্ধী স্কুৱেৰ নিৰ্মাণৰ দাবী কৰে,য’ত মুম্বাই অক্ৰমণত প্ৰাণ ত্য়াগ কৰাসকলৰ বাবেও এটি শিলৰ স্মাৰক ৰখা হ’ব ৷

উল্লেখ্য় যে,2008 চনৰ 26 নৱেম্বৰত মুম্বাইত পাকিস্তানৰ লষ্কৰ-ই-তৈবাৰ দহটা সন্ত্ৰাসবাদীয়ে বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত কৰিছিল ৷

উক্ত বোমা বিস্ফোৰণত চাবাড় হাউছত 6 গৰাকী ইহুদী আৰু 9 গৰাকী সন্ত্ৰাসবাদীৰ সৈতে প্ৰায় 166 গৰাকী লোকৰ মৃত্য়ু হৈছিল ৷ ইয়াৰোপৰি 300তকৈও অধিক লোক আঘাতপ্ৰাপ্ত হয় ৷

লগতে পঢ়ক : লিংগভিত্তিক হিংসা প্ৰতিৰোধৰ বাবে মহিলা সংস্থাক বৃহৎ পুঁজি ৰাষ্ট্ৰসংঘৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.