ইন্টাৰনেশ্বনেল ডেস্ক, 16 জানুৱাৰীঃ কাছেম ছুলেইমানিক হত্যাৰ অভিযোগত আন্তঃৰাষ্ট্ৰীয় আদালতৰ দাৰস্থ হ'ব ইৰান ৷ দেশখনৰ ন্যায়পালিকাৰ মুখপাত্ৰ গোলাম হোছেইন ইছমাইলিয়ে এই কথা ব্যক্ত কৰিছে ৷ বিগত 3 জানুৱাৰীত আমেৰিকাৰ দ্বাৰা চলোৱা আক্ৰমণত নিহত হৈছিল ইৰানৰ ৰিভলিউশ্বনাৰী গাৰ্ড ক'ৰৰ অধীনস্থ কুৱাড ফৰ্ছৰ প্ৰধান মেজৰ জেনেৰেল কাছেম ছুলেইমানি ৷ ছুলেইমানিৰ হত্যাৰ পিচতেই মধ্য-প্ৰাচ্যৰ লগতে ইৰান আৰু আমেৰিকাৰ মাজৰ সম্পৰ্কত অৱনতি ঘটা দেখিবলৈ পোৱা গৈছিল ৷
এনে অৱস্থাত ইৰান ন্যায়পালিকাৰ মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰা প্ৰতিক্ৰিয়াক লৈ যথেষ্ট চৰ্চা হৈছে ৷ ইৰানৰ মুখপাত্ৰ গোলাম হোছেইন ইছমাইলিয়ে প্ৰকাশ কৰা অনুসৰি, কাছেম ছুলেইমানিৰ মৃত্য়ু সম্পূৰ্ণ ৰাজনৈতিক হত্যাকাণ্ড ৷ আমেৰিকা আৰু ইয়াৰ সেনাৰ লগতে ৰাষ্ট্ৰপতি ডলান্ড ট্ৰাম্প ইয়াৰ বাবে দায়ী ৷ এই বিষয়ে ইছলামিক পেনেল কোডৰ অধীনত ইৰানৰ ন্যায়পালিকাত গোচৰ ৰুজু কৰাৰ লগতে, পৰৱৰ্তী পৰ্যায়ত এই বিষয়ে ইৰাক আৰু আন্তঃৰাষ্ট্ৰীয় আদালতৰ দাৰস্থ হোৱাৰ তথ্য প্ৰকাশ কৰে ৷
ছুলেইমানি, ইৰানৰ ইছলামিক ৰিভলিউশ্বন গাৰ্ড ক'ৰৰ অধীনস্থ কুৱাড ফৰ্ছৰ প্ৰধানগৰাকীক বাগদাদ বিমানবন্দৰৰ সমীপত বিগত 3 জানুৱাৰীত হত্যা কৰিছিল আমেৰিকাই ৷