ETV Bharat / international

এলিয়েন আছে : ট্ৰাম্পে জানে এলিয়েনৰ বিষয়ে ! - ইজৰাইলৰ প্ৰাক্তন

ইজৰাইলৰ প্ৰাক্তন মহাকাশ সুৰক্ষা সচিব হেইম এছেদে দাবী কৰিছে যে, মাৰ্কিন ক'অপৰাৰেছন আৰু এলিয়েনৰ মাজত এখন চুক্তি স্বাক্ষৰিত হৈছে আৰু মংগল গ্ৰহৰ এক গোপন স্থানত আমেৰিকা আৰু এলিয়েনৰ প্ৰতিনিধিয়ে বাস কৰি আছে ।

এলিয়েন আছে, ট্ৰাম্পে এই বিষয়ে জানেঃ ইজৰাইলৰ প্ৰাক্তন মহাকাশ সুৰক্ষা সচিব

author img

By

Published : Dec 9, 2020, 6:00 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ৯ ডিচেম্বৰ: এলিয়েনৰ অস্তিত্বক লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতে ইজৰাইলৰ এগৰাকী প্ৰাক্তন মহাকাশ সুৰক্ষা সচিবে কৈছে যে, 'গেলেটিক ফেডাৰেছন'ৰ অস্তিত্ব আছে । লগতে ইজৰাইল আৰু আমেৰিকাই বছৰ বছৰ ধৰি এলিয়েনৰ সৈতে কাম কৰি আহিছে । ৮৭ বছৰীয়া হেইম এছেদ নামৰ প্ৰাক্তন মহাকাশ সুৰক্ষা সচিবগৰাকীয়ে আমেৰিকা আৰু এলিয়েনৰ মাজত স্বাক্ষৰিত হোৱা চুক্তিৰ বিশদ বিৱৰণ দাঙি ধৰে ।

তেওঁ কয় যে, 'তেওঁলোকে সম্ভৱতঃ বিশ্বব্ৰহ্মাণ্ডৰ আৱৰণ সন্দৰ্ভত গৱেষণা কৰিব বিচাৰে । সেইকাৰণে এই চুক্তি স্বাক্ষৰ কৰিছে' । দ্য জেৰুজালেম পোষ্টত এই বাতৰি প্ৰকাশিত হৈছে । য়েদিঅট আহাৰ'ন'টৰে হোৱা হোৱা এক সাক্ষাৎকাৰত হেইম এছেদে কয় যে, 'ডনাল্ড ট্ৰাম্পে এই বিষয়ে জানে আৰু এলিয়েনৰ অস্তিত্ব থকাৰ কথা সকলোকে ক'বলৈ তেওঁ উৎসাহিত হৈ আছিল । অৱশ্যে 'গেলেটিক ফেডাৰেছনে' ট্ৰাম্প বাধা প্ৰদান কৰিছিল । কাৰণ, তেওঁলোকে ভাৱে যে, মানৱ জাতিও এনে এক পৰ্যায়ত উপৱিষ্ট হোৱাৰ প্ৰয়োজনীয়তা আছে, য'ত এতিয়া তেওঁলোক আছে আৰু মানুহে মহাকাশ আৰু মহাকাশ যানৰ বিষয়ে অৱগত হওক' ।

এলিয়েন আছে, ট্ৰাম্পে এই বিষয়ে জানেঃ ইজৰাইলৰ প্ৰাক্তন মহাকাশ সুৰক্ষা সচিব
এলিয়েন আছে, ট্ৰাম্পে এই বিষয়ে জানেঃ ইজৰাইলৰ প্ৰাক্তন মহাকাশ সুৰক্ষা সচিব

এই মুহূৰ্তত এছেদে এই তথ্য ৰাজহুৱা কৰা প্ৰসংগত তেওঁ কয় যে, মই আজি প্ৰকাশ কৰা তথ্যবোৰ যদি ৫ বছৰ আগতে ৰাজহুৱা কৰিলো হেতেন, তেন্তে মই এতিয়া চিকিৎসালয়ৰ বিচনাত থাকিবলগীয়া হ'লহেতেন । লগতে তেওঁ কয় যে, 'মই হেৰুৱাবলৈ এতিয়া মোৰ ওচৰত একো নাই । মই সন্মান আৰু বঁটা লাভ কৰিছো । বিদেশৰ বিশ্ববিদ্যালয়েও মোক সন্মানিত কৰিছে' ।

লগতে পঢ়ক:প্ৰতিৰক্ষা সচিব হিচাপে লইদ আষ্টিনৰ নাম আনুষ্ঠানিকভাৱে মনোনীত জ' বাইডেনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.