ইন্টাৰনেশ্যনেল ডেস্ক,28ফেব্ৰুৱাৰী: শনিবাৰে পূৱ ছিৰিয়াত সংঘটিত হৈছে এক অঘটন ৷ পূৱ ছিৰিয়াৰ এটা শৰণাৰ্থী শিবিৰত সংঘটিত হৈছে এক ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা ৷ এই ভয়াবহ অগ্নিকাণ্ডৰ ফলত শিশুসহ চাৰিজন লোক নিহত হোৱাৰ লগতে 18 জন লোক গুৰুতৰভাৱে আহত হয় ৷
এক প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি, এই অগ্নিকাণ্ডৰ ফলত আহত হোৱা লোকসকলক হকাহৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷
উল্লেখ্য যে, বহু হাজাৰ লোকে বসবাস কৰা এই শৰণাৰ্থী শিবিৰত বহু বিদ্ৰোহী যোদ্ধাৰ পৰিয়ালে বসবাস কৰিছিল ৷ য’ত বহু ইছলামিক ৰাজ্য(IS)ৰ সৈতে জড়িত যোদ্ধাৰ পৰিয়ালেও বসবাস কৰি আহিছিল ৷
লগতে পঢ়কঃ নিৰ্বাচন সন্দৰ্ভত জোনাইৰ মহকুমাধিপতিৰ সংবাদমেল সম্বোধন