ETV Bharat / international

ইজিপ্তত অট্টালিকা খহি ৫ গৰাকীৰ মৃত্যু

author img

By

Published : Mar 27, 2021, 6:24 PM IST

ইজিপ্তত অট্টালিকা খহি কেইবাগৰাকী লোকৰ মৃত্যু । ধ্বংসস্তুপত আৱদ্ধ লোকক উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে অভিযানকাৰী দলে ।

ইজিপ্টত অট্টালিকা খহি ৫ গৰাকীৰ মৃত্যু
ইজিপ্টত অট্টালিকা খহি ৫ গৰাকীৰ মৃত্যু

ইণ্টাৰনেশ্যনেল ডেস্ক,২৭ মাৰ্চ: ইজিপ্তৰ ৰাজধানী চহৰ কাইৰোত শোকাৱহ দুৰ্ঘটনা । শনিবাৰে ৰাজধানী চহৰত এটা ৯ মহলীয়া অট্টালিকা খহি পৰি মৃত্যু হয় পাঁচগৰাকীকৈ লোকৰ । জানিব পৰা মতে, এই দুৰ্ঘটনাত প্ৰায় ২৪ জনৰো অধিক লোক আহত হয় আৰু হাস্পতাললৈ প্ৰেৰণ কৰা হয় । কাইৰোৰ প্ৰশাসনিক মুৰব্বী খালিদ আব্দেল-আলে জনোৱা মতে অট্টালিকাটো নিৰ্মাণত বিসংগতি থকাৰ বাবেই খহি পৰে । তেওঁ লগতে উল্লেখ কৰে যে ওচৰৰ অট্টালিকাসমূহৰ গাঁথনিগত পৰীক্ষণৰ বাবে ইতিমধ্যে অভিযান্ত্ৰিক সমিতি গঠন কৰা হৈছে ।

অট্টালিকাটো খহি পৰাৰ ফলত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলতে । ইতিমধ্যে অট্টালিকাৰ ধ্বংসাৱশেষ আঁতৰাবলৈ বুলড'জাৰ ব্যৱহাৰ কৰিছে শ্ৰমিকসকলে । ইফালে ইজিপ্তত এইধৰণৰ ঘটনা নতুন নহয়, দুৰ্বল নিৰ্মাণ কাৰ্যৰ বাবে বিভিন্ন সময়ত অনুৰূপ ঘটনা সংঘটিত হোৱা দেখা যায় চহৰাঞ্চলৰ লগতে গ্ৰামাঞ্চলত ।

আনহাতে কাইৰো বা আলেকজেণ্ড্ৰিয়া আদিৰ দৰে কিছুমান চহৰত একাংশ লোকে অধিক লাভৰ আশাত বিল্ডিং নিৰ্মাণৰ আইন উলংঘন কৰা দেখা যায় । চৰকাৰৰ পৰা সঠিক অনুমতি অবিহনে অট্টালিকাৰ চাঁদ নিৰ্মাণ কৰাৰ ফলত এইধৰণৰ ঘটনা সংঘটিত হোৱা দেখা যায় । এই ধৰণৰ ঘটনা সংঘটিত হোৱাৰ লগে লগে চৰকাৰে শেহতীয়াকৈ সমগ্ৰ দেশত অবৈধ নিৰ্মাণ, আইন উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'বলৈ আৰম্ভ কৰিছে ।

লগতে পঢ়ক: ক’ভিড-১৯ ৰ প্ৰতিষেধকৰ বাবে ভাৰত আৰু চীনৰ কাষ চাপিছে নেপাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.