নিউজ ডেক্সঃ আফগানিস্তানত ৰাষ্ট্ৰপতিৰ প্ৰচাৰ সভাত বোমা বিস্ফোৰণ ৷ কথমপি প্ৰাণ ৰক্ষা ৰাষ্ট্ৰপতি অশ্ৰাফ ঘানিৰ ৷ মঙলবাৰে আফগানিস্তানৰ পাৰৱান প্ৰদেশত ৰাষ্ট্ৰপতি আশ্ৰাফ ঘানিৰ এখন প্ৰচাৰ সভাত সংঘটিত হোৱা এই বোমা বিস্ফোৰণত 26 জন লোক নিহত হোৱাৰ লগতে 42 জনৰো অধিক লোক আহত হয় ৷ প্ৰায় 11 বাজি 40 মিনিটত বিস্ফোৰিত হোৱা বোমাটো এখন মটৰ চাইকেলত সংযুক্ত কৰা আছিল বুলি জানিবলৈ দিছে আৰক্ষীৰ শীৰ্ষ বিষয়াই ৷ উল্লেখযোগ্য যে,বৰ্তমানলৈকে কোনো সন্ত্ৰাসবাদী সংগঠনে বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই ৷ কিন্তু দেশখনত অহা 28 চেপ্তেম্বৰত হ'ব লগা ৰাষ্ট্ৰপতি নিৰ্বাচন বৰ্জন কৰাৰ কথা ঘোষণা কৰিছিল তালিবানে ৷ আফগান আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷
আফগানিস্তানত ৰাষ্ট্ৰপতিৰ প্ৰচাৰ সভাত বোমা বিস্ফোৰণ, নিহত 26 জন - ৰাষ্ট্ৰপতি অশ্ৰাফ ঘানি
ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে আফগানিস্তানৰ পাৰৱান প্ৰদেশত ৰাষ্ট্ৰপতি আশ্ৰাফ ঘানিৰ নিৰ্বাচনী প্ৰচাৰত বোমা বিস্ফোৰণ ৷
![আফগানিস্তানত ৰাষ্ট্ৰপতিৰ প্ৰচাৰ সভাত বোমা বিস্ফোৰণ, নিহত 26 জন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4474838-thumbnail-3x2-bomb---copy.jpg?imwidth=3840)
নিউজ ডেক্সঃ আফগানিস্তানত ৰাষ্ট্ৰপতিৰ প্ৰচাৰ সভাত বোমা বিস্ফোৰণ ৷ কথমপি প্ৰাণ ৰক্ষা ৰাষ্ট্ৰপতি অশ্ৰাফ ঘানিৰ ৷ মঙলবাৰে আফগানিস্তানৰ পাৰৱান প্ৰদেশত ৰাষ্ট্ৰপতি আশ্ৰাফ ঘানিৰ এখন প্ৰচাৰ সভাত সংঘটিত হোৱা এই বোমা বিস্ফোৰণত 26 জন লোক নিহত হোৱাৰ লগতে 42 জনৰো অধিক লোক আহত হয় ৷ প্ৰায় 11 বাজি 40 মিনিটত বিস্ফোৰিত হোৱা বোমাটো এখন মটৰ চাইকেলত সংযুক্ত কৰা আছিল বুলি জানিবলৈ দিছে আৰক্ষীৰ শীৰ্ষ বিষয়াই ৷ উল্লেখযোগ্য যে,বৰ্তমানলৈকে কোনো সন্ত্ৰাসবাদী সংগঠনে বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই ৷ কিন্তু দেশখনত অহা 28 চেপ্তেম্বৰত হ'ব লগা ৰাষ্ট্ৰপতি নিৰ্বাচন বৰ্জন কৰাৰ কথা ঘোষণা কৰিছিল তালিবানে ৷ আফগান আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷
AFGANISTAN BOMB BLAST
Conclusion: