ETV Bharat / international

ইৰাকত গণ বিদ্ৰোহঃ নিহত 34, আহত 1500

ইৰাকত চৰকাৰ বিৰোধী আন্দোলনত মৃত্যমুখত পৰিছে 31 গৰাকী প্ৰতিবাদীৰ লগতে 3 গৰাকীকৈ সুৰক্ষা কৰ্মী ৷ গণ বিদ্ৰোহত মৃত্যবৰণ কৰিছে মুঠ 34 জন নাগৰিকে ৷ এই কথা প্ৰকাশ কৰিছে ইৰাকৰ মানৱ অধিকাৰ স্বতন্ত্ৰ উচ্চ আয়ুক্তৰ সদস্য আলি অকৰম অল বয়াতী ৷

author img

By

Published : Oct 4, 2019, 3:09 PM IST

ইৰাকত গণ বিদ্ৰোহঃ নিহত 34, আহত 1500

নিউজ ডেস্ক, 3 অক্টোবৰঃ ইৰাকত গণবিদ্ৰোহ ৷ বিগত তিনিটা দিনত চৰকাৰ বিৰোধী আন্দোলনত মৃত্যমুখত পৰিছে 31 গৰাকী প্ৰতিবাদী ৷ লগতে এই বিদ্ৰোহত মৃত্যু হৈছে 3 গৰাকীকৈ সুৰক্ষা কৰ্মী ৷ আনহাতে আহত হৈছে প্ৰায় 1500 তকৈ অধিক লোক ৷ বৰ্তমান দেশখনৰ দক্ষিণ প্ৰান্তৰ বিভিন্ন চহৰত জাৰি কৰা হৈছে সান্ধ্য আইন ৷ ইৰাকৰ মানৱ অধিকাৰ স্বতন্ত্ৰ উচ্চ আয়ুক্তৰ সদস্য আলি অকৰম অল বয়াতীয়ে কয় যে, এই গণবিদ্ৰোহত মুঠ 34 গৰাকী নাগৰিকৰ মৃত্যু হোৱাৰ বিপৰীতে 423 গৰাকী সুৰক্ষা কৰ্মীৰ লগতে প্ৰায় 1518 গৰাকী সাধাৰণ নাগৰিক আহত হৈছে ৷

ইৰাকৰ সাধাৰণ নাগৰিকৰ দৈনিক জীৱন-যাপন, দুৰ্নীতি, নিৱনুৱা, অস্থায়ী সেৱা ব্য়ৱস্থা আদি বিভিন্ন কাৰণতেই মাহদী চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰা হৈছে ৷ ইয়াৰ পূৰ্বে ইৰাকৰ প্ৰধানমন্ত্ৰী আদিল অব্দ মাহদীয়ে এক বিবৃতি যোগেদি এই সমগ্ৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি জৰুৰীকালীন বৈঠকৰ আয়োজন কৰি নাগৰিক, সাৰ্বজনিক আৰু চৰকাৰী সা-সম্পত্তিৰ সুৰক্ষাৰ প্ৰতি উচিত পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিয়ে ৷

ইৰাকত গণ বিদ্ৰোহঃ নিহত 34, আহত 1500

জানিব পৰা মতে, নাছিৰিহা, দিৱানিহা, বাছ্ৰা চহৰতো বিক্ষোপ প্ৰৰ্দশন কৰা হৈছে ৷ এই বিক্ষোপ প্ৰদৰ্শনৰ পাচতেই UN Assistance Mission for Iraq (UNAMI) য়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে, ইৰাকত হোৱা এই ঘটনাৰ বাবে ইৰাকৰ সংযুক্ত ৰাষ্ট্ৰৰ মহাসচিবৰ বিশেষ প্ৰতিনিধি জীনিন হেন্সা প্লাস্চাৰ্টে (Jeanine Hennis Plasschaert) শোক প্ৰকাশ কৰি শান্তি-শৃংখলা বজাই ৰখাৰ লগতে চৰকাৰক এই সমগ্ৰ ঘটনা মোকাবিলা কৰিবলৈ ধৈয্য সহকাৰে পদক্ষেপ ল’বলৈ আহ্বান জনায় ৷ প্লাস্চাৰ্টে কয়, প্ৰত্যেক জন নাগৰিকৰেই আইনৰ গণ্ডীৰ ভিতৰত থাকি স্বতন্ত্ৰ ভাৱে মাত-মাতিবলৈ অধিকাৰ আছে ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.