ETV Bharat / international

ইৰাকত চৰকাৰ বিৰোধী প্ৰতিবাদৰ মাজতেই গুলিয়াই হত্যা সাংবাদিকক - জেনেৰেল কাছেম ছুলেইমানি

ইৰাকত চলি থকা চৰকাৰবিৰোধী প্ৰতিবাদৰ সময়তে দুগৰাকীকৈ সাংবাদিকক গুলিয়াই হত্যা কৰে অচিনাক্ত দুৰ্বৃত্তই ৷ ঘটনা সন্দৰ্ভত বাগদাদস্থিত আমেৰিকান দূতাবাসে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

ইৰাকত গুলিয়াই হত্যা সাংবাদিকক
ইৰাকত গুলিয়াই হত্যা সাংবাদিকক
author img

By

Published : Jan 13, 2020, 2:10 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 13 জানুৱাৰীঃ ইৰাকত চলি থকা চৰকাৰ বিৰোধী বিক্ষোভৰ মাজতে হত্যাৰ বলি হয় দুগৰাকীকৈ সাংবাদিক ৷ চৰকাৰী বিষয়াই প্ৰকাশ কৰা অনুসৰি,দেশখনৰ দক্ষিণ অংশৰ চহৰ বাশ্বৰাত দেওবাৰে সংঘটিত হয় এই ঘটনা ৷ ইৰাকস্থিত আমেৰিকান দূতাবাসে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ হত্যাৰ বলি হোৱা সাংবাদিক দুগৰাকী আহমেন আব্দেল শ্বামাদ আৰু শ্বাফা ঘালি বুলি Fox Newsএ প্ৰকাশ কৰিছে ৷ সংবাদ প্ৰতিষ্ঠান Al Jazeeraৰ আগত প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰা অনুসৰি,এখন বাহনত অহা কেইগৰাকীমান অস্ত্ৰধাৰী লোকে দুয়োগৰাকী সাংবাদিকৰ গাড়ীখনলৈ বুলি নিৰ্বিচাৰ গুলিচালনা কৰে ৷ ঘটনাৰ পিচতেই সাংবাদিকৰ অধিকাৰ ৰক্ষা কৰিবলৈ ইৰাকৰ চৰকাৰক দাবী জনায় আমেৰিকান দূতাবাসে ৷ উল্লেখ্য যে, নিহত হোৱা সাংবাদিক শ্বামাদে তেওঁৰ ওপৰত কৰা গুলিচালনাৰ পূৰ্বেই ইৰাক চৰকাৰৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়াত পষ্ট কৰিছিল ৷ ইয়াৰ পূৰ্বেও সাংবাদিকগৰাকীয়ে ইৰানৰ কুৱাড ফৰ্চৰ জেনেৰেল কাছেম ছুলেইমানিৰ জীয়াৰীক লৈ এক টুইটো কৰিছিল ৷

লগতে চাওকঃশীঘ্ৰেই NDFB(S)ৰ সৈতে আলোচনাত মিলিত হোৱাৰ কথা প্ৰকাশ হাগ্ৰামা মহিলাৰীৰ

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.