ETV Bharat / international

Russia-Ukraine war: কিয় ৰাছিয়াই আক্ৰমণ কৰিলে ইউক্ৰেইন ? - Peace Keepers

বৃহস্পতিবাৰৰ পৰা ৰাছিয়াই পূৱ ইউক্ৰেইনত আৰম্ভ কৰিছে এক সামৰিক অভিযান । জানক কিয় ৰাছিয়াই শত্ৰুজ্ঞান কৰে প্ৰাক্তন ছোভিয়েট গণৰাজ্য, ইউক্ৰেইনক ...

Russian-Ukraine war
কিয় ৰাছিয়াই আক্ৰমণ কৰিলে ইউক্ৰেইন ?
author img

By

Published : Feb 24, 2022, 2:52 PM IST

Updated : Feb 24, 2022, 3:33 PM IST

ইন্টাৰনেচনেল ডেস্ক, ২৪ ফেব্ৰুৱাৰী : বিগত কেইবামাহ ধৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনক আক্ৰমণৰ(Russia Ukraine crisis) পৰিকল্পনা অস্বীকাৰ কৰি আহিছিল যদিও বৃহস্পতিবাৰে পুৱা তেওঁ দেশখনৰ ডনবাছ অঞ্চলত এক বিশেষ সামৰিক অভিযান ঘোষণা কৰে । লাইভ টেলিভিছনত কৰা এই ঘোষণাৰ পাছতেই ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ লগতে দেশৰ অন্যান্য প্ৰান্তত বিস্ফোৰণৰ বাতৰি পোৱা গৈছিল ।

পূব ইউক্ৰেইনৰ দুটা বিদ্ৰোহী অধিকৃত অঞ্চলত ৰাছিয়ান সৈন্য মোতায়েনৰ আদেশৰ পাছতেই আৰম্ভ কৰা হৈছে এই সামৰিক অভিযান । পুটিনৰ মতে "শান্তি বজাই ৰাখিবলৈ"হে দেশখনত চলোৱা হৈছে এই সামৰিক অভিযান ।

শেহতীয়া তথ্য মতে ৰাছিয়াই ইউক্ৰেইনৰ সীমাৰ ওচৰত কমেও ২ লাখ সেনা মোতায়েন কৰিছিল আৰু বৃহস্পতিবাৰৰ অভিযান হ’ব পাৰে এক নতুন আক্ৰমণৰ প্ৰথম পদক্ষেপ । যদি সেয়া হয় তেন্তে ইয়াৰ পাছত হ’বলগীয়া ঘটনাক্ৰম সমগ্ৰ ইউৰোপৰ নিৰাপত্তা গাঁথনিক পেলাব পাৰে বিপদত ।

দীৰ্ঘদিন ধৰি ৰাছিয়াই ইউক্ৰেইনৰ বাবে নাটো আৰু ইউৰোপীয়ান ইউনিয়নৰ সদস্য পদৰ বিৰোধ কৰি আহিছিল । তেওঁ পশ্চিমীয়া দেশসমূহ আৰু ইউক্ৰেইনৰ পৰা নাটোত যোগদান নকৰাৰ নিশ্চয়তা বিচাৰিছিল । পুটিনে দাবী কৰিছিল যে ইউক্ৰেইনে নিজকে সামৰিকীকৰণৰ পৰা মুক্ত কৰিব আৰু এখন নিৰপেক্ষ ৰাষ্ট্ৰ হিচাবে স্থিতি গ্ৰহণ কৰিব ।

যদিও প্ৰাক্তন ছোভিয়েট গণৰাজ্য, ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত দীৰ্ঘদিন ধৰি উত্তেজনা আছিল, ২০২১ চনৰ আৰম্ভণিতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় । ২০২১ তনৰ জানুৱাৰীত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কিয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনক ইউক্ৰেইনক নাটোত (NATO) যোগদানৰ বাবে সহায় কৰিবলৈ আহ্বান জনাইছিল ।

ইউক্ৰেইনৰ এই আহ্বানৰ পাছতেই ৰাছিয়াৰ বিৰোধিতা বাঢ়ি যায় আৰু যোৱা বছৰৰ পৰাই ৰাছিয়াই ইউক্ৰেইন সীমাৰ ওচৰত অনুশীলনৰ বাবে সৈন্য প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰে । ডিচেম্বৰৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰই ইউক্ৰেইনৰ সীমাত ৰাছিয়াৰ সৈন্য মোতায়েনৰ প্ৰতিবাদ কৰে আৰু ৰাষ্ট্ৰপতি বাইডেনে ৰাছিয়াক সতৰ্কবাণী প্ৰেৰণ কৰে ।

মন কৰিবলগীয়া যে, ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত সামৰিক উত্তেজনা এয়া প্ৰথম নহয় । ২০১৪ চনতো ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিছিল । সেই সময়ত ৰাষ্ট্ৰপতি পুটিনৰ সমৰ্থিত বিদ্ৰোহীসকলে পূৱ ইউক্ৰেইনৰ বৃহৎ অংশ দখল কৰিছিল আৰু ৰাছিয়াই ক্ৰিমিয়া অধিগ্ৰহণ কৰিছিল । সেই সময়ত ইউক্ৰেইনত থকা ৰাছিয়া সমৰ্থিত ৰাষ্ট্ৰপতিজনক পদচ্যুত কৰাটোও ২০১৪ চনৰ আক্ৰমণৰ আন এক কাৰণ আছিল । ২০১৪ চনৰ যুদ্ধৰ সময়ৰ পৰা এতিয়ালৈকে প্ৰায় ১৪,০০০ ৰো অধিক লোকৰ প্ৰাণ হেৰুৱাইছে ।

প্ৰাক্তন ছোভিয়েট গণৰাজ্যৰ অংগ হিচাপে ইউক্ৰেইনৰ লগত ৰাছিয়াৰ গভীৰ সামাজিক আৰু সাংস্কৃতিক সম্পৰ্ক আছে । ইউক্ৰেইনত ৰাছিয়ান ভাষা বহুলভাৱে ব্যৱহাৰ হয় যদিও ২০১৪ চনৰ আক্ৰমণৰ পাছৰে পৰাই সেই সম্পৰ্ক নিঃশেষ হ’ব ধৰে ।

ৰাছিয়া আৰু ইউক্ৰেইনে ২০১৪ চনৰ পৰা চলি থকা সশস্ত্ৰ সংঘৰ্ষ বন্ধ কৰিবলৈ মিনস্ক শান্তি চুক্তিত (Minsk Peace Accord) স্বাক্ষৰ কৰিছিল যদিও এই সংঘৰ্ষ এতিয়াও অব্যাহত আছে । ৰাছিয়াৰ মতে তেওঁলোকে সেই অঞ্চললৈ শান্তিৰক্ষী (Peace Keepers) হে প্ৰেৰণ কৰিছে । পশ্চিমৰ দেশসমবহে কিন্তু ইয়াক ইউক্ৰেইনৰ সাৰ্বভৌম অঞ্চল দখল কৰিবলৈ মস্কোৰ দ্বাৰা কৰা আক্ৰমণ বুলিহে অভিহিত কৰিছে ।

লগতে পঢ়ক : Russia-Ukraine Crisis : নতুন দিল্লীলৈ উভতিল এয়াৰ ইণ্ডিয়াৰ বিমান

Last Updated : Feb 24, 2022, 3:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.