নেশ্যনেল ডেস্ক, 31 মাৰ্চ : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে সোমবাৰে তেলৰ দাম হ্ৰাস আৰু কৰ'ণা ভাইৰাছ সম্পৰ্কত আলোচনা কৰে ৷ সূ্ত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি,কৰ'ণা ভাইৰাছ সংক্ৰমণ সম্পৰ্কত বিশ্বৰ দুই শক্তিশালী দেশৰ নেতা দুগৰাকীয়ে গভীৰ চিন্তা ব্যক্ত কৰাৰ লগতে এই সম্পৰ্কত তীক্ষ্ণ ব্যৱস্থা গ্ৰহণ সম্পৰ্কত আলোচনা কৰে ৷
ৰাছিয়া-ছৌদি আৰৱৰ মাজৰ তেলৰ মূল্য় যুদ্ধৰ বিৰুদ্ধে ট্ৰাম্পে আপত্তি দৰ্শোৱাৰ লগতে ইয়াৰ ফলত আমেৰিকাৰ শক্তি বিভাগক সঁচাকৈয়ে ক্ষতিগ্ৰস্ত কৰিছে বুলি তেওঁ মন্তব্য কৰে ৷ পুটিনৰ সৈতে বাৰ্তালাপৰ পূৰ্বে ট্ৰাম্পে ফক্স নিউজৰ সৈতে সাক্ষাৎকাৰত কয়, "আমি মৃতপ্ৰায় উদ্যোগ নিবিচাৰো ৷" তেওঁ কয়, "এয়া ৰাছিয়া আৰু ছৌদি আৰৱৰ মাজৰ যুদ্ধ... আৰু তেওঁলোক পাগল হৈছে ৷ মই কেতিয়াও ভবা নাছিলো যে,আমি তেলৰ দাম বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তা আছে বুলি ক'ব লাগিব ৷"
ইয়াৰোপৰি,ৰাছিয়ালৈ আমেৰিকাই প্ৰদান কৰা ৰাজসাহায্য বৃদ্ধি কৰা সম্পৰ্কতো পুটিনে জোৰ দিব বুলি ট্ৰাম্পে ফক্স নিউজৰ আগত আশা ব্য়ক্ত কৰে ৷